ETV Bharat / state

মহানগৰীত কুঁৱাত পৰি মৃত্যু দুই শ্ৰমিকৰ

author img

By

Published : May 5, 2020, 5:40 PM IST

মহানগৰীৰ মঠঘৰীয়াত নিৰ্মাণৰত কুঁৱাত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয় দুজনকৈ শ্ৰমিকে ৷ প্ৰায় ৩০ ফুট দ এটা কুঁৱা নিৰ্মাণ কৰি থাকোতে মৃত্যুমুখত পৰে শ্ৰমিক দুজন ৷ কুঁৱাৰ পানীত আবদ্ধ হৈ মৃত্যু হোৱা শ্ৰমিক দুজন মঠঘৰীয়াৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷

two labour dead in a well guwahati kamrup metro etv bharat news
শ্ৰমিকৰ মৃত্য়ু

গুৱাহাটী,5 মে’ঃ মহানগৰীৰ নুনমাটিস্থিত মঠঘৰীয়াৰ ভূপেন্দ্ৰ নগৰত সংঘটিত হৈছে শোকাৱহ ঘটনা । নিৰ্মাণৰত কুঁৱাত পৰি কৰুণ মৃত্যু ঘটে দুজনকৈ শ্ৰমিকৰ ৷ মঙলবাৰে প্ৰায় ৩০ ফুট দ এটা কুঁৱা নিৰ্মাণ কৰি থাকোতে মৃত্যুমুখত পৰে শ্ৰমিক দুজন ৷ মৃত শ্ৰমিক দুজন মঠঘৰীয়াৰ জোনাকী নগৰ নিবাসী বংকিম হাজং(35) আৰু মৃগেন ৰয়(35) বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মঠঘৰীয়াৰ মনেশ্বৰ ডেকা নামৰ এজন লোকৰ ঘৰৰ চৌহদত কুঁৱা নিৰ্মাণৰ বাবে নিয়োজিত আছিল দুই শ্ৰমিক ৷ বংকিম হাজং নামৰ শ্ৰমিকজনে প্ৰথমে কাম কৰিবলৈ কুঁৱাটোত নামি যায় যদিও শ্বাস-প্ৰশ্বাসত বাধা পোৱাত চিঞৰ-বাখৰ লগায় । ততালিকে কুঁৱাৰ ওপৰ অংশত কাম কৰি থকা আনজন শ্ৰমিকে বংকিমক উদ্ধাৰ কৰিবলৈ কুঁৱাটোলৈ নামি যায় । কিন্তু দুৰ্ভাগ্যবশত দুয়োজন শ্ৰমিক পানীৰ তলত সোমাই মৃত্য়ুমুখত পৰে ।

শ্ৰমিকৰ মৃত্য়ু

ইফালে, ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে জানিব পৰি নুনমাটি থানাত খবৰ দিয়ে । ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে এছডিআৰএফ বাহিনীৰ এটা দলক লগত লৈ ঘটনাস্থলীত উপস্থিত হৈ কুঁৱাৰ ভিতৰৰ পৰা মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰে । একেদিনাই দুজন শ্ৰমিকৰ মৃত্যু ঘটাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ৷

লগতে চাওকঃ জৰাজীৰ্ণ ছালিৰ তলত সুখ-দুখৰ সংজ্ঞা বিচাৰিছে এগৰাকী আইতাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.