গুৱাহাটী, 6 নবেম্বৰ : গড়চুক আৰক্ষীৰ জালত পৰিছে দুটাকৈ জুৱাৰী । ধৃত জুৱাৰী দুটাৰ নাম শ্যাম বড়ো আৰু জ্যোতিষ বড়ো বুলি জানিব পৰা গৈছে । নিশা আহোমগাঁৱত আৰক্ষীয়ে অভিযান চলাই দুয়োকে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দীৰ্ঘদিন ধৰি অঞ্চলটোত অবৈধ জুৱা পাতি আহিছিল দুয়োৱে ।
এই দুই জুৱাৰীৰ লগত আছে এটা বৃহৎ চক্ৰ । এই চক্ৰটোৱে অবৈধভাৱে মহানগৰীৰ বিভিন্ন স্থানত পাতি জুৱা । বিভিন্ন সময়ত ৰাইজে অভিযোগ দি আহিছিল আৰক্ষীক । সম্প্ৰতি ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি শ্যাম বড়ো আৰু জ্যোতিষ বড়ো বড়োক জেল হাজোতলৈ প্ৰেৰণ কৰিছে । ইফালে জুৱাৰী এই চক্ৰটোক বিচাৰি অভিযান অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে ।
লগতে পঢ়ক : সমাপ্ত হ’ল ইউ পিপিএল দলৰ পৰিৱৰ্তন পদযাত্ৰা