ETV Bharat / state

অ’ মই মদ খাইছো : দিশপুৰ আৰক্ষী থানাত সুৰাসক্ত যুৱতীৰ স্বীকাৰোক্তি

বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাৰ হিট এণ্ড ৰাণ গোচৰৰ উত্তেজনা মাৰ নৌযাওতেই পুনৰায় মহানগৰীৰ ৰাজপথত সুৰাসক্ত যুৱতীৰ উদ্ভণ্ডালি ৷ দিছপুৰ আৰক্ষীয়ে কৰায়ত্ত কৰিলে দুই যুৱতীক ৷

author img

By

Published : Oct 17, 2021, 1:06 PM IST

two drunk girls created ruckus in the middle of road in guwahati
মহানগৰীৰ ৰাজপথত নিশা নিচাসক্ত যুৱতীৰ তাণ্ডৱ

গুৱাহাটী, ১৭ অক্টোবৰ : ৰাজকন্যা কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই শনিবাৰে নিশা দিশপুৰৰ যান-বাহন শাখাৰ আৰক্ষীৰ জালত পৰে দুগৰাকী সুৰাসক্ত যুৱতী ৷ সুৰাৰ ৰাগীত মতলীয়া হৈ নিশাৰ মহানগৰীত বিলাসী বাহনত উঠি তাণ্ডৱ চলাইছিল যুৱতী দুগৰাকীয়ে । কিন্তু সৌভাগ্যক্ৰমে কোনো অঘটন সংঘটিত হোৱাৰ পূৰ্বে দিশপুৰৰ যান-বাহন আৰক্ষীৰ জালত পৰে যুৱতীদ্বয় ।

সুৰাসক্ত যুৱতী দুগৰাকীয়ে AR 01 N 1101 নম্বৰৰ হুণ্ডাই বাহনত সুৰাসক্ত হৈ ৰাজপথৰ মাজত উদ্ভণ্ডালি চলাইছিল । দিশপুৰৰ যান-বাহন আৰক্ষীয়ে লগে লগে থানালৈ লৈ আনে যুৱতী দুগৰাকীক ৷ কিন্তু সুৰাৰ ৰাগীত মতলীয়া যুৱতীদ্বয়ে থানাৰ ভিতৰতে আৰক্ষী আৰু সাংবাদিকক দুৰ্ব্যৱহাৰ কৰে ৷ তদুপৰি সাংবাদিকক উদ্দেশ্যি থানাৰ ভিতৰৰ পৰা চেণ্ডেল আৰু চকী দলিয়াই দিয়ে ৷

আৰক্ষীয়ে কৰা পৰীক্ষাত ব্ৰেথ এনালাইজাৰত পোৱা সুৰাৰ পৰিমাপ আছিল 201 ।

উল্লেখ্য যে, কেমেৰাৰ সন্মুখতে সুৰাসক্ত দুই যুৱতীৰ বিস্ফোৰক স্বীকাৰোক্তি- "অ’ মই মদ খাইছো" । দিশপুৰ আৰক্ষীয়ে যুৱতী দুগৰাকীক নিশাৰ ভাগতে GMCH ত স্বাস্থ্য পৰীক্ষা কৰোৱায় ৷ চিকিৎসালয়ৰ ভিতৰতো উদ্ভণ্ডালি চলাই যুৱতী দুগৰাকীয়ে আন ৰোগীৰ অভিভাৱক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ আনকি চিকিৎসালয়ৰ ভিতৰত ৰোগীৰ অভিভাৱকক গতিয়াই দিয়ে সুৰাসক্ত যুৱতী দুগৰাকীয়ে ।

দিশপুৰ আৰক্ষীয়ে যুৱতী দুগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত পাণবজাৰ মহিলা আৰক্ষী থানালৈ লৈ যায় ৷ সম্প্ৰতি পাণবজাৰ মহিলা থানাতে ৰখা হৈছে যুৱতী দুগৰাকীক ।

লগতে পঢ়ক : আজি বিজেপিত যোগদান কৰিব পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.