ETV Bharat / state

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে পৰিবহণ বিভাগৰ অনুজ্ঞাপত্র প্ৰদানৰ ব্যৱস্থা

author img

By

Published : Jul 31, 2021, 10:17 PM IST

উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে ১৮ বছৰ সম্পূৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক মহানগৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ বিষয়াই ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ পথ সুৰক্ষাৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰি থিতাতে শিকাৰুৰ অনুজ্ঞাপত্ৰ (লাৰ্ণাৰ লাইচেঞ্চ) প্ৰদানৰ ব্যৱস্থা কৰিব । দৈনিক ২৫ গৰাকীকৈ শিক্ষাৰ্থীক যাৱতীয় জ্ঞান প্ৰদান কৰি প্ৰদান কৰা হ'ব চালকৰ অনুজ্ঞাপত্ৰ ৷

transport department
উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে পৰিবহণ বিভাগৰ অনুজ্ঞাপত্র প্ৰদানৰ ব্যৱস্থা

গুৱাহাটী, ৩১ জুলাই : উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত (HS Final Examination) উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ বাবে মহানগৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ে (District Transport Office) গ্ৰহণ কৰিছে এক অভিনৱ কাৰ্যসূচী । উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে ১৮ বছৰ সম্পূৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক মহানগৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ বিষয়াই ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ পথ সুৰক্ষাৰ (Road safety) প্ৰাথমিক জ্ঞান প্ৰদান কৰি থিতাতে শিকাৰু অনুজ্ঞাপত্ৰ (লাৰ্নাৰ লাইচেঞ্চ) প্ৰদানৰ ব্যৱস্থা কৰিব । দৈনিক ২৫ গৰাকীকৈ শিক্ষাৰ্থীক যাৱতীয় জ্ঞান প্ৰদান কৰি দিয়া হ'ব চালকৰ অনুজ্ঞাপত্ৰ ৷

উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ বহিঃৰাজ্যত অধ্যয়নৰ বাবে যোৱা পৰীক্ষাৰ্থীসকলে যাতে যান-বাহন চলাচলত কোনো অসুবিধাৰ সন্মুখীন নহয় তথা যান-বাহনৰ নীতি-নিয়মসমূহৰ বিষয়ে অৱগত হয় তাৰ বাবে ১৫ দিনীয়া কাৰ্যসূচী হাতত লৈছে মহানগৰ পৰিবহণ বিভাগে ৷ অৱশ্যে ইয়াৰ বাবে আবেদনকাৰী শিক্ষাৰ্থীসকলে অনলাইনযোগে পূৰণ কৰিব লাগিব প্ৰ-প্ৰত্ৰ ৷ এইক্ষেত্ৰত তেওঁলোকৰ ঠিকনা, বয়সৰ প্ৰমাণ পত্ৰ, উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণ-পত্ৰ নাইবা মাৰ্কশ্বীট আদি দাখিল কৰিব লাগিব ৷

পৰীক্ষাথীসকলে parivahan sewa প'ৰ্টেল নাইবা http://sarathi.parivahan.govt .in/sarathi service ৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব ৷ বেতকুছিত থকা হোণ্ডা চালক কেন্দ্ৰতে দৈনিক ২৫ গৰাকী শিক্ষাৰ্থীক পৰিবহণ বিধি আৰু পথ সুৰক্ষা সম্পৰ্কত অনুশীলন দিব পৰিবহণ বিষয়াই ৷ ড্ৰাইভিং টেষ্ট উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক জিলা পৰিবহণ বিষয়া গৌতম দাসে নিজ হাতে প্ৰদান কৰিব শিকাৰু অনুজ্ঞাপত্ৰ (learner license) ৷ পোন প্ৰথমবাৰলৈ মহানগৰ জিলা পৰিবহণ বিভাগে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ বাবে লোৱা এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে ।

লগতে পঢ়ক : HSSLC ৰ ফলাফল : কলা শাখাত উত্তীৰ্ণৰ হাৰ ২০.৬৫ শতাংশলৈ বৃদ্ধি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.