ETV Bharat / state

দুৰ্গা পূজাত যান-বাহনৰ ক্ষেত্ৰত আৰক্ষীয়ে গ্ৰহণ কৰা কেতবোৰ নিয়ম - যান-বাহন

দুৰ্গা পূজাত যান-বাহনৰ ক্ষেত্ৰত আৰক্ষীয়ে লোৱা বিভিন্ন নিয়ম সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰাণজিৎ বৰাই ৷

দুৰ্গা পূজাত যান-বাহনৰ ক্ষেত্ৰত আৰক্ষীয়ে গ্ৰহণ কৰা কেতবোৰ নিয়ম

author img

By

Published : Oct 20, 2020, 8:34 PM IST

গুৱাহাটী, 20 অক্টোবৰ: দুৰ্গা পূজা সন্দৰ্ভত মঙলবাৰে যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰাণজিৎ বৰাই এখন সংবাদমেল সম্বোধন কৰে । COVID ৰ বাবে অতি কঠোৰ নিয়ম-নীতিৰ মাজেৰে অনুষ্ঠিত হ'ব দুৰ্গা পূজা । সংবাদমেলত যান-বাহনৰ ক্ষেত্ৰত আৰক্ষীয়ে লোৱা বিভিন্ন নিয়ম উল্লেখ কৰে উপ আৰক্ষী আয়ুক্ত গৰাকীয়ে ।

দুৰ্গা পূজা সন্দৰ্ভত যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্তৰ সংবাদমেল

প্ৰশাসনৰ নিৰ্দেশ অনুসৰি, এখন বাইকত উঠিব নোৱাৰিব দুগৰাকী লোক । অৱশ্যে মহিলা, শিশুৰ ক্ষেত্ৰত থাকিব ৰেহাই । ইফালে প্ৰয়োজন সাপেক্ষে কেইবাটাও ঘাইপথ ৱান ৱে কৰাৰ ব্যৱস্থা কৰিছে যান বাহন আৰক্ষীয়ে । সেই অনুসৰি আৰ.পি ৰোড হ'ব ৱান ৱে । সচিবালয়ৰ সন্মুখৰ পৰা হোলচেল গলি পথৰে বাহন যাব পাৰিব । এ.টি ৰোডত পাৰ্কিং কৰিবলৈ দিয়া নহ'ব । বেলতলাৰ পৰা জয়ানগৰ পথ ৱান ৱে কৰাৰ ব্যৱস্থা । মালিগাঁও-পাণ্ডু পথ ৱান ৱে হ'ব ।

প্ৰশাসনৰ নিৰ্দেশ অনুসৰি, এখন বাইকত উঠিব নোৱাৰিব দুগৰাকী লোক

সাধাৰণ লোকে আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু হৈ মালিগাঁও ওলাব পাৰিব । তদুপৰি বহু বাহন চলোৱাত থাকিব বাধ্যবাধকতা । ইয়াৰোপৰি সামগ্ৰী কঢ়িওৱা বাহন ট্ৰাকৰ ক্ষেত্ৰত বহুকেইটা কঠোৰ নিৰ্দেশনা যানবাহন আৰক্ষীৰ । কেৱল জৰুৰীকালীন সামগ্ৰী কঢ়িওৱা বাহন পুৱা ৪ ৰ পৰা ৭ বজালৈ চলাচল কৰিব পাৰিব ।

প্ৰয়োজন সাপেক্ষে কেইবাটাও ঘাইপথ ৱান ৱে কৰাৰ ব্যৱস্থা কৰিছে যান-বাহন আৰক্ষীয়ে
লগতে পঢ়ক: মিজো আগ্ৰাসনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.