ETV Bharat / state

মহানগৰীত উদণ্ড ডাম্পাৰচালকে ভাঙিলে অত্যাধুনিক ট্ৰেফিক ছিগনেল লাইটৰ খুঁটা

ছয়মাইলৰ ট্ৰেফিক ছিগনেল লাইটৰ খুঁটা ভাঙিলে উদণ্ড ডাম্পাৰ চালকে (traffic signal light vandalised by dumper driver) । ছয়মাইল-ভি আই পি সংযোগী পথত সংঘটিত হৈছে এই ঘটনা । দুৰ্ঘটনাৰ ফলত বিকল হৈ পৰে বহু কোটি টকাৰে নতুনকৈ নিৰ্মাণ কৰা ট্ৰেফিক ছিগনেল লাইট (New traffic signal lights failed in Guwahati) ।

author img

By

Published : Aug 30, 2022, 6:22 PM IST

Updated : Aug 30, 2022, 6:56 PM IST

traffic
traffic

গুৱাহাটী, ৩০ আগষ্ট : মুকলিৰ এসপ্তাহ নৌহওঁতেই ছয়মাইলৰ ট্ৰেফিক ছিগনেল লাইটৰ খুঁটা ভাঙিলে উদণ্ড ডাম্পাৰচালকে (traffic signal light vandalized by dumper driver) । ছয়মাইল-ভি আই পি সংযোগী পথত সংঘটিত হৈছে এই ঘটনা । দুৰ্ঘটনাৰ ফলত বিকল হৈ পৰে বহু কোটি টকাৰে নতুনকৈ নিৰ্মাণ কৰা ট্ৰেফিক ছিগনেল লাইট (New traffic signal lights failed in Guwahati) ।

মহানগৰীত উদণ্ড ডাম্পাৰচালকে ভাঙিলে অত্যাধুনিক ট্ৰেফিক ছিগনেল লাইটৰ খুঁটা

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ চালকজনক আটক কৰে আৰক্ষীয়ে (dumper driver detained by Guwahati police) । ধৃত চালকজন হৈছে মুকালমুৱাৰ ৰামজুল আলী (২৮) । তদন্তৰ খাতিৰত ডাম্পাৰৰ মালিক চুলতান আলীক মাতি অনা হৈছে । বিষয়টো সন্দৰ্ভত মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ ডি চি পি হিৰণ্য কুমাৰ বৰ্মনে (DCP of traffic branch of Guwahati) সংবাদ মাধ্যমৰ আগত কয় যে মঙলবাৰে পুৱা এখন ডাম্পাৰে ভুল দিশেৰে আহি ট্ৰেফিক ছিগনেল লাইটৰ খুঁটাত খুন্দা মাৰে । তেওঁ জনোৱা মতে, পাঞ্জাবাৰীৰ দিশৰ পৰা আহিছিল ডাম্পাৰখন । আনহাতে, ডাম্পাৰখনৰ চালকজনে জানি-বুজিয়ে এই কাম কৰা যেন অনুমান হোৱা বুলি মন্তব্য কৰে তেওঁ ।

উল্লেখ্য যে যোৱা ২৩ আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিছিল অত্যাধুনিক ট্ৰেফিক ছিগনেল লাইট (CM Himanta Biswa inaugurated new traffic system) । পল্টনবজাৰৰ নেপালী মন্দিৰৰ পৰা খানাপাৰালৈ মুঠ ২০ টা স্থানত স্থাপন কৰা হৈছিল অত্যাধুনিক ট্ৰেফিক ছিগনেল ব্যৱস্থা । কিন্তু উদ্বোধনৰ কেইদিনমান পিছতেই ছয়মাইলৰ ট্ৰেফিক ছিগনেল লাইটৰ খুঁটা ভঙাত সচেতন মহলৰ মাজত বিষয়টো চৰ্চিত হয় । তাৰ পিছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দি দুৰ্ঘটনাৰ ফলতে যে ট্ৰেফিক ছিগনেল লাইটৰ খুঁটা ভাঙে সেই কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।

উল্লেখ্য, ২৩ আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উলুবাৰীত ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম (Integrated traffic management system in Guwahati) উদ্বোধন কৰে । গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ তত্বাৱধানত ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম নিৰ্মাণ কৰা হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উলুবাৰীত চিচি টিভি কেমেৰা সংলগ্ন ট্ৰেফিক ছিগনেল লাইট মুকলি কৰে ।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমৰ জৰিয়তে গুৱাহাটীত থকা 94 টা ট্ৰেফিক ছিগনেলৰ ভিতৰত 20 টা ট্ৰেফিক ছিগনেল স্বয়ংক্ৰিয় কৰা হৈছে । উলুবাৰীৰ যান-বাহন আৰক্ষীৰ দ্বাৰা কেদ্ৰীয়ভাৱে পৰিচালনা কৰা হ’ব এই ব্যৱস্থা । অহা ছমাহৰ ভিতৰত বাকী ট্ৰেফিক ছিগনেল স্বয়ংক্ৰিয় কৰা হ’ব বুলিও তেওঁ ।

লগতে পঢ়ক :গুৱাহাটী মহানগৰীত জুচ ফেষ্টিভেল

Last Updated : Aug 30, 2022, 6:56 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.