ETV Bharat / state

প্ৰয়াত তৰুণ গগৈৰ অন্তিম যাত্ৰাত মহানগৰীত যানবাহনৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা

author img

By

Published : Nov 25, 2020, 6:55 PM IST

বুধবাৰে যানবাহন নিয়ন্ত্ৰণ শাখাৰ ডিচিপি প্ৰাণজিৎ বৰাই এক সংবাদমেল সম্বোধন কৰি সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্তিম যাত্ৰাৰ সময়চোৱাত মহানগৰীত যানবাহন চলাচলৰ ক্ষেত্ৰত কিছু সালসলনিৰে বিশেষ নিৰ্দেশনাৰ কথা জানিবলৈ দিয়ে । যানবাহন আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি চানমাৰি-গুৱাহাটী ক্লাৱ পথ, শ্মশানৰ পথ, নৱগ্ৰহ শ্মশানৰ আশে পাশে সকলো স্থান হ'ব ন পাৰ্কিং এৰিয়া। চানমাৰি পৰা শ্মশানলৈ যোৱা উপপথ, চেনিকুঠী পৰা শ্মশানলৈ যোৱা পথ হ'ব ৱান-ৱে।

traffic-dcp-pressmeet-regarding-tarun-gogoi-passed-away-last-juornay
তৰুণ গগৈৰ শেষ যাত্ৰাৰ সময়ছোৱাত গুৱাহাটী মহানগৰীত যানবাহনৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি

গুৱাহাটী,25 নৱেম্বৰঃ কাইলৈ সম্পন্ন কৰা হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত । পুৱাই ৯ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আৰম্ভ হ'ব শেষ যাত্ৰা । প্ৰথমে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নশ্বৰ দেহ নিয়া হ'ব তেখেতৰ বাসভৱনলৈ। তাৰ পিছত ৰুক্মিণীগাঁওস্থিত গীৰ্জা, নামঘৰ, আমবাৰীস্থিত বুঢ়া মছজিদ, শুক্লেশ্বৰ দেৱালয়, উগ্ৰতাৰা দেৱালয় হৈ অৱশেষত গগৈৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানলৈ নিয়া হ'ব।

এই শেষ যাত্ৰাৰ সময়চোৱাত যানবাহন চলাচলৰ ক্ষেত্ৰত জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা । বুধবাৰে যানবাহন নিয়ন্ত্ৰণ শাখাৰ ডিচিপি প্ৰাণজিৎ বৰাই এক সংবাদমেল সম্বোধন কৰি যানবাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু সালসলনিৰে এক নিৰ্দেশনাৰ কথা জানিবলৈ দিয়ে । যানবাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি চানমাৰি-গুৱাহাটী ক্লাৱ পথ, শ্মশানৰ পথ, নৱগ্ৰহ শ্মশানৰ আশে পাশে সকলো স্থান হ'ব ন পাৰ্কিং এৰিয়া। চানমাৰি পৰা শ্মশানলৈ যোৱা উপপথ, চেনিকুঠী পৰা শ্মশানলৈ যোৱা পথ হ'ব ৱান-ৱে । ইফালে শেষকৃতৰ বাবে অহা সাধাৰণ ৰাইজে নিজৰ যানবাহন চানমাৰি খেলপথাৰত পাৰ্কিং কৰিব লাগিব । ৰটাৰি ক্লাৱ, ভৰলুমুখত সাধাৰণ যানবাহনৰ চলাচলৰ বাবে পথৰ সাল-সলনি কৰা হ'ব। এনেদৰে যানবাহনৰ ক্ষেত্ৰত কেইবাটাও নীতি-নিৰ্দেশনাৰ কথা জনালে যানবাহন শাখাৰ ডিচিপি প্ৰাণজিৎ বৰাই । লগতে এই সময়চোৱাত ৰাইজৰ সহযোগিতা বিচাৰিছে মহানগৰীৰ যানবাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে।

লগতে পঢ়কঃ এদিনত 1 লাখ কোভিড প্ৰতিষেধক দিবলৈ সাজু এপ’ল’ হাস্পতাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.