বিয়লি 3 বজাৰ মুখ্য দহটা বাতৰি-
1. চাৰি দশকত শীৰ্ষ আদালতত সম্পন্ন ধৰ্ষণ আৰু হত্যাৰ 67 গোচৰৰ ৰায়দান
বিগত চাৰি দশকত ভাৰতৰ শীৰ্ষ আদালতত সম্পন্ন হৈছে মাত্ৰ 67টা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান ৷ এইসমূহ গোচৰৰ ভুক্তভোগীসকল 16 বছৰৰ তলৰ আৰু এইসমূহ গোচৰত মাত্ৰ 12 জন অপৰাধীক ফাঁচীৰ শাস্তিৰ ৰায়দান প্ৰদান কৰা হৈছে ৷ উচ্চতম ন্যায়ালয়ে জনোৱা মতে, 15 টা গোচৰত ফাঁচীৰ ৰায়দান নিশ্চিত কৰা হৈছে ৷
2. যুক্তৰাষ্ট্ৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি
সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি বৃদ্ধি পোৱাৰ লগে লগে সংযুক্ত গণৰাজ্যৰ গৃহ সচিবে জনসাধাৰণক সতৰ্ক থাকিবলৈ আহ্বান জনাই ৷ অৱশ্যে সতৰ্ক হ'বলৈ আহ্বান জনালেও শংকিত ন'হবৰ বাবেও তেওঁ ৰাইজক আশ্বাস প্ৰদান কৰে ৷
3. সমাজকৰ্মী মিনাক্ষী ৰহমানৰ সৈতে প্ৰাসংগিক প্ৰেক্ষাপট
অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ এগৰাকী নাৰীৰ ৷ চাকৰি এৰি কিয় এই যুঁজত নামিল মিনাক্ষী ৰহমান ? বৰপেটাৰ সৰুক্ষেত্ৰীৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা ৷ সবিশেষ জানিবলৈ চাওক প্ৰাসংগিক প্ৰেক্ষাপট...
4. বিনেশ কোডিয়াৰীৰ তিৰুৱন্তপুৰমত থকা বাসগৃহত তালাচী তদন্তকাৰী বিষয়াৰ
বেংগালুৰুৰ ড্ৰাগছ বিত্তীয় কেলেংকাৰীত জড়িত বিনেশ কোডিয়াৰীৰ বাসগৃহত তালাচী ৷ অবৈধভাৱে অধিগ্ৰহণ কৰা বেনামী সম্পত্তি সম্পৰ্কীয় বহুতো নথি পত্ৰ জব্দ বাসগৃহৰ পৰা ৷
5. বে' অৱ বেংগলত আৰম্ভ নৌ-সেনাৰ সৰ্ববৃহৎ মালাবাৰ অনুশীলন
মালাবাৰ সাগৰীয় অনুশীলনৰ প্ৰথমলানি কুৱাড (QUAD) অভিযান যোৱাকালিৰ পৰাই আৰম্ভ হৈছে ৷ প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, জাপান আৰু ভাৰতে অংশগ্ৰহণ কৰিছে এই অনুশীলনত ৷
6. মোডীৰ ছী প্লেন প্ৰকল্পত অন্তৰ্ভূক্ত এগৰাকী অসমীয়া
ছী প্লেন হৈছে পানীতে ৰখাব পৰা অথবা পানীৰ পৰাই উৰণ, অৱতৰণ কৰিব পৰা এক বিমান ৷ ২০১৭ চনত প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশমৰ্মে ৰাণৱেৰ পৰিৱৰ্তে পানীতে ৰখাব পৰা এই বিমানৰ পৰীক্ষণমূলক সেৱা আৰম্ভ কৰা হৈছিল ৷ দুবছৰ ধৰি চলে এই পৰীক্ষা-নিৰীক্ষা ৷ কানাডাৰ পৰা ক্ৰয় কৰা দুটা ইঞ্জিনযুক্ত ছী প্লেন চলাবৰ বাবে প্ৰথমে মালদ্বীপক বাছনি কৰা হৈছিল যদিও কেতবোৰ কাৰণত এয়া হৈ নুঠিল ৷ অৱশেষত পোনপ্ৰথমে গুজৰাটৰ নর্মদা নৈৰ বুকুত এই সেৱা আৰম্ভ কৰি কেৱাডিয়াৰ পৰা আহমেদাবাদলৈকে প্ৰায় ৫০ মিনিট সময় যাত্ৰা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
7. সাতগাঁও গাঁও পঞ্চায়তত প্ৰতিবাদ সাব্যস্ত ক্ষোভিত মহিলাৰ
কমলপুৰ সমষ্টিৰ অন্তৰ্গত বোৰ্কা সাতগাঁও গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনক লৈ ব্য়াপক খেলিমেলি ৷ পঞ্চায়ত প্ৰাঙ্গনত প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত মহিলাই ৷
8. মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত কাছসহ এজনক আটক
অবৈধভাৱে কাছ বিক্ৰীৰ চেষ্টা চলাই আটক হ'ল বৰপেটাৰ কাটাঝাৰৰ এজন লোক। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত বুধবাৰে বন বিভাগে অভিযান চলাই আটক কৰে কিৰণ দাস নামৰ লোকজনক।
9. চিৰাঙৰ পাটাবাৰীত ইউ পি পি এলৰ পৰিৱৰ্তন যাত্ৰা
বি টি চি পৰিষদীয় নিৰ্বাচনত বিজয় ধ্বজা উৰুৱাবলৈ কঁকালত টঙালি বান্ধিছে ইউ পি পি এলে। পৰিষদীয় সমষ্টিসমূহত দলটোৰ প্ৰচাৰ অভিযান অব্যাহত। চিৰাঙৰ পাটাবাৰীত ইউ পি পি এলৰ পৰিৱৰ্তন যাত্ৰা।
10. ডিব্ৰুগড়ৰ ৰহমৰীয়াত নৃশংস হত্যাকাণ্ড
ৰহমৰীয়াত যুৱকক হত্যা। পুতি থোৱা অৱস্থাত নাৰায়ণ দুৱৰা নামৰ যুৱজনৰ মৃতদেহ উদ্ধাৰ। হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ।