ETV Bharat / state

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি - Top10 news

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি

Top10 news
11 বজাৰ মুখ্য দহটা বাতৰি
author img

By

Published : Nov 2, 2020, 10:51 AM IST

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি-

1. সংকটত মৰাপাট কলৰ শ্ৰমিক !

মৰাপাট কলৰ শ্ৰমিকৰ ক্ষোভ ৷ প্ৰাপ্য় দৰমহা কৰ্তন কৰি মৰাপাট যোগানকাৰীক পৰিশোধ কৰাৰ দৰে নিকৃষ্ট পন্থা লোৱাৰ বাবে তীব্ৰ গৰিহণা দিছে মৰাপাট কলৰ শ্ৰমিকসকলে ৷

2. JEE কাণ্ড : আজি আদালতত হাজিৰ কৰোৱা হ’ব ভাৰ্গৱ ডেকাক

JEE কাণ্ডৰ অন্যতম অভিযুক্ত ভাৰ্গৱ ডেকাক দেওবাৰে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচত আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব অভিযুক্ত ভাৰ্গৱক ৷ ইফালে আজি পুনৰ 2 গৰাকী অভিযুক্ত আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷

3. ধানবাদত পথ দুৰ্ঘটনাত নিহত পাঁচগৰাকী

ঝাৰখণ্ডৰ ধানবাদ জিলাত সোমবাৰে ৰাতিপুৱাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত 5 গৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে গাড়ীচালকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

4. উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত নিহত ছগৰাকী

উত্তৰ প্ৰদেশৰ বাহৰেইখত সংঘটিত হোৱা পথ দুৰ্ঘটনাত 6 গৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে 10 গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ অঞ্চলটোৰ পয়াগপুৰ নামৰ ঠাইৰ শিৱদাহা মোড়ত সংঘটিত হয় এই দুৰ্ঘটনা ৷

5. পিতৃৰ ৰেকৰ্ড ভংগ কৰি সৰ্বাধিক ৰেলী তেজস্বী যাদৱৰ

মহাগাথবান্দানৰ মুখ্য মন্ত্ৰী প্ৰাৰ্থী তথা আৰ জে ডি নেতা তেজস্বী যাদৱে পিতৃৰ পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি সৰ্বাধিক ৰেলী অনুষ্ঠিত কৰে ৷

6. ডুমডুমা নৈত বিষ দি মাছ নিধনৰ অপচেষ্টা দুষ্টচক্ৰৰ

দেওবাৰে নিশা ডুমডুমা নৈত কোনো দুষ্টচক্ৰই বিষ দি মাছ নিধনৰ অপকৰ্ম সংঘটিত কৰাৰ অভিযোগ ৷ দুষ্টচক্ৰৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান সচেতন ৰাইজৰ ৷

7. খোৱাংত বাঘৰ আতংক,প্ৰতিদিনে ভক্ষণ কৰিছে পশুধন

খোৱাংত আতংকৰ সৃষ্টি কৰিছে বাঘে ৷ প্ৰতিদিনে পশুধন খাই বাঘে আতংকৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ বন বিভাগক অৱগত কৰাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

8. এপ্ৰিল মাহতে প্ৰিন্স উইলিয়াম আক্ৰান্ত হৈছিল কৰ'ণাত

বৃহস্পতিবাৰৰ পৰা ইংলেণ্ডত চাৰি সপ্তাহৰ বাবে দ্বিতীয় পৰ্যায়ৰ ল'কডাউন কাৰ্যকৰী কৰা হ'ব ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ বাদে আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা হ'ব,হোটেল,ৰেষ্টোৰা সমূহৰ লগতে চেলুনৰ পৰা আৰম্ভ কৰি বৈদেশিক চুটী সমূহ কিছুদিনৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত ৷ অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ ৷

9. তুৰ্কীত সংঘটিত ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা 73লৈ বৃদ্ধি

তুৰ্কীৰ দুৰ্যোগ প্ৰশমণ আৰু জৰুৰীকালীন বিভাগে প্ৰকাশ কৰা অনুসৰি,দেশখনত সংঘটিত হোৱা ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা অধিক বৃদ্ধি হৈছে ৷ বৰ্তমানলৈ দেশখনত নিহতৰ সংখ্যা 73 গৰাকীলৈ বৃদ্ধি পাইছে ৷

10. ইপিএলত এৱাৰ্টনৰ হৰুৱাই 2 স্ক’ৰ সংগ্ৰহ কেল্লাম উইলছনৰ

Newcastleৰ কেল্লাম উইলছনে ইংলিছ প্ৰিমিয়াৰ লীগত 2-1 গ’লত পৰাস্ত কৰে এৱাৰ্টনক ৷ Newcastleৰ বাবে উইলছনে 7 খন EPLত 6 টা গ’ল দিবলৈ সক্ষম হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.