দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. বঙাইগাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড
অভয়াপুৰীৰ পিৰাধৰাৰ দ্বিতীয় খণ্ডত নিশা সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ।
2. নগাঘূলী কছাৰী লাইনত মাটি খননৰ বিৰুদ্ধে সৰৱ চাহ শ্ৰমিক ৰাইজ
ডিব্ৰুগড়ৰ নগাঘূলী কছাৰী লাইনৰ ব্ৰহ্মপুত্ৰৰ পাৰত মাটি খননক লৈ স্থানীয় চাহ শ্ৰমিক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া ৷ জেকেএম নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এটাৰ তত্বাৱধানত যধে-মধে মাটি খনন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ শীঘ্ৰেই নগাঘূলী কছাৰী লাইনৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ পাৰত মাটি খনন বন্ধ কৰাৰ আহ্বান আটছা সংগঠনৰ ৷
3. 2021ত পুনৰ বিজেপিৰেই চৰকাৰ হ'ব: ৰমাকান্ত দেউৰী
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 36 টাকৈ পৰিষদীয় সমষ্টিত শাসকীয় দল বিজেপিয়ে ৩৩ খন পৰিষদীয় আসনত বিজয়ী হোৱাৰ পাচতে নিজৰ নিজৰ মন্তব্য আগবঢ়াইছে শাসকীয় দলৰ মন্ত্ৰী বিধায়কসকলে ৷ শনিবাৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ভৱিষ্যৎ বাণী, আগন্তুক বিধান সভা নিৰ্বাচনত পুনৰ বিজেপিৰেই চৰকাৰ হ'ব ৷
4. কৰিমগঞ্জৰ খেল পথাৰত ফুটবল খেলাত ব্যস্ত ৰঞ্জিত দাস
ৰাজ্যত বলিছে ৰাজনীতিৰ গৰম বতাহ ৷ সমষ্টিয়ে সমষ্টিয়ে যাত্ৰা অব্যাহত ৰাখিছে ৰাজনৈতিক নেতাই ৷ তাৰ মাজতে বৰাকত বাহৰ পাতিছে বিজেপিৰ বহু হাই-প্ৰফাইল নেতা ৷ ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ বাবে সমষ্টিয়ে সমষ্টিয়ে এতিয়া ব্যস্ত হৈ পৰিছে সভাপতি ৰঞ্জিত দাস ৷
5. গোৱাৰ মুক্তি দিৱসৰ উপলক্ষ্যে শ্বহীদ স্মাৰকত ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি
আজাদ মৈদানত শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে মুক্ত দিৱসৰ উপলক্ষে ৰাজ্য চৰকাৰে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
6. আগ্ৰাৰ ৰাজপথত দিনতে অধিবক্তাক গুলিয়াই হত্যা
আৰক্ষীয়ে ব্যক্তিগত শত্ৰুতাৰ ফলত কোনো লোকে অধিবক্তাজনক হত্যা কৰোৱাৰ সন্দেহ কৰিছে ।
7. 25 ডিচেম্বৰত কৃষকৰ সৈতে মোডীৰ বাৰ্তালাপ
উত্তৰ প্ৰদেশৰ 2500 ৰো অধিক ঠাইত কৃষক সম্বাদ আয়োজন কৰাৰ বাবে সাজু হৈছে বিজেপি ৷ 25 ডিচেম্বৰত কৃষকৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকী উপলক্ষে বিজেপিৰ এই আয়োজন ৷
8. নিৰ্বাচনমুখী পাঁচ ৰাজ্যলৈ নিৰ্বাচনী আয়োগৰ পৰামৰ্শ জাৰি
নিৰ্বাচনমুখী পাঁচ ৰাজ্যৰ মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়ালৈ ভাৰতৰ নিৰ্বাচনী আয়োগৰ পৰামৰ্শ ৷ নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ বদলি তথা নিয়োগ সন্দৰ্ভত নিৰ্বাচনী আয়োগৰ পৰামৰ্শ ৷ নিজ গৃহ জিলা বা দীৰ্ঘদিন সেৱা আগবঢ়োৱা ঠাইত নিয়োগ কৰা নহয় বিষয়া কৰ্মচাৰীক ৷
9. জম্মু-কাশ্মীৰত স্বাস্থ্য আৰু টেলিমেডিচিনৰ বাবে আঁচনি আৰম্ভ কৰিব মোদীয়ে
২৬ ডিচেম্বৰত জম্মু-কাশ্মীৰত স্বাস্থ্য আৰু টেলিমেডিচিনৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন আঁচনিৰ শুভাৰম্ভ কৰিব ৷ আয়ুস্মান ভাৰত, জন আৰোগ্য আঁচনিৰ বিষয়ে কেন্দ্ৰৰ স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান শিক্ষাৰ বিত্তীয় আয়ুক্ত গৰাকীয়ে বিষয়াসকলক ক'ভিড ৰোগীৰ উপৰিও এই আঁচনিৰ অধীনত সকলো অন্ত: বিভাগৰ ৰোগীৰ নাম পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে ।
10. দেশৰ জনতাৰ পৰামৰ্শ লৈ আগন্তক বাজেট নিধাৰণ কৰা হ'ব:কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ
কেন্দ্ৰীয় বাজেটৰ সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে অনুৰাগ সিং ঠাকুৰে ৷ তেওঁ কয়, আগন্তক কেন্দ্ৰীয় বাজেটৰ বাবে দেশৰ জনতাৰ পৰামৰ্শ লোৱা হ'ব ৷