দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. 15 ডিচেম্বৰত বিটিচিত গঠন হ'ব জোঁটবন্ধনৰ পৰিষদ
বিটিচিৰ নতুন পৰিষদক লৈ ৰাজ্যপাল জগদীশ মুখীৰ টুইট ৷ টুইটৰ জৰিয়তে মুখীয়ে জনালে বিটিচিত ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিৰ জোঁটবন্ধনে নতুন পৰিষদ গঠন কৰাৰ কথা ৷ 15 ডিচেম্বৰত বিটিচিত ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিৰ জোঁটবন্ধনে নতুন পৰিষদ গঠন কৰিব ৷
2. দিল্লী সীমান্তৰ পৰা প্ৰতিবাদীক আঁতৰোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
দিল্লী সীমান্তৰ পৰা প্ৰতিবাদীক আঁতৰোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ এই আবেদন দাখিল কৰিছিল আইনৰ ছাত্ৰ ঋষভ শৰ্মাই ৷
3. পদে পদে মৃত্যুৰ ক্ষণ গণিছে এজনী মাইকী হাতীয়ে
কৰিমগঞ্জত এজনী মাইকী বনৰীয়া হাতীৰ দুৰাৱস্থা ৷ দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছে মাইকী হাতীজনী ৷ সম্প্ৰতি চাম্পাবাৰী এলেকাৰ চাকমা বস্তিত এডোখৰ বোকাময় ঠাইত পৰি উঠিব নোৱাৰা হৈছে অসুস্থ হাতীজনীয়ে ৷
4. ছৌদিৰ শীৰ্ষ সেনা বিষয়াৰ সৈতে আলোচনাত মিলিত জেন. নাৰাভানে
প্ৰথমবাৰৰ বাবে কোনো এগৰাকী ভাৰতীয় জেনেৰেলৰ ঐতিহাসিক ছৌদি আৰৱ ভ্ৰমণ । ভাৰতীয় স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানেৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সামৰিক আৰু কূটনৈতিক সম্পৰ্ক জোৰদাৰ কৰি তুলিব বুলি আশা কৰিব পাৰি ।
5. ৰাইজক অন্ধকাৰত ৰাখি কোনো কাম নকৰো: লুৰীণজ্যোতি গগৈ
আছু ত্যাগী প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদত যোগদান কৰি দলটোক ৰাইজৰ মাজলৈ আগুৱাই নিব বুলি ইতিমধ্যে চৰ্চা চলিছে ৰাজ্যৰ ভিন্ন মহলত ৷ এই সম্পৰ্কে মৰাণত সাংবাদিকৰ আগত নিজৰ স্থিতি স্পষ্ট কৰিলে নেতাগৰাকীয়ে ৷
6. শ্বহীদ গান্ধী মুণ্ডাৰ নামত পথ উদ্বোধন বিধায়ক দুৰ্গা ভূমিজৰ
দেওবাৰে ডুমডুমাৰ ফটিকজানত এটি পথৰ শুভ উদ্বোধন কৰে বিধায়ক দুৰ্গা ভূমিজে ৷ চলিত বৰ্ষৰ 10 চেপ্তেম্বৰত দুৰ্বৃত্তৰ হাতত প্ৰাণ ত্যাগ কৰা ৱাৰ্ড সদস্য গান্ধী মুণ্ডাৰ নামত এই পথচোৱা নামাকৰণ কৰে বিধায়কগৰাকীয়ে ৷
7. নীতিৰ নামত সমাজত অশান্তিৰ সৃষ্টি কৰা লোকসকল প্ৰকৃততে সৰু সৰু গেংঃ ছিবাল
কংগ্ৰেছ নেতা কপিল শিবালে টুইটযোগে প্ৰকাশ কৰিছে যে, নীতি-নিৰ্দেশনা জাৰি কৰি সমাজৰ শান্তি-সম্প্ৰীতিত ব্য়াঘাত জন্মোৱা লোকসকল দৰাচলতে একো একোটা সৰু সৰু গুণ্ডা বাহিনী । কৃষকে সমাজৰ অস্থিৰতা কামনা নকৰে । যোৱা ২৬ নৱেম্বৰত নিশাৰ পৰা শতাধিক কৃষকে দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলত কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে ।
8. ৰাণা ডাগ্গুৱতীৰ জন্মদিনত ‘Viraata Parvam’ৰ প্ৰথমটো অৱলোকন মুকলি
বাহুবলী অভিনেতা ৰাণা ডাগ্গুৱতীৰ 36 সংখ্যক জন্মদিন উপলক্ষে তেওঁৰ আহিবলগীয়া ছবি ‘Viraata Parvam’ৰ পৰা তেওঁৰ প্ৰথমটো লুক শ্বেয়াৰ কৰিছে প্ৰডাকচন হাউছে ৷ ছবিখনত এটা নক্সালবাদীৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা ৰাণাই ৷
9. নাৰায়ণপুৰত আৰক্ষী-গাঁওৰক্ষী বাহিনীৰ পৰিবেশ নিকাকৰণ আৰু গছপুলি ৰোপণ
নাৰায়ণপুৰ আৰক্ষী থানাৰ সহযোগত নাৰায়ণপুৰৰ ঐতিহাসিক ডেবেৰাপাৰ থান চৌহদত গাঁওৰক্ষী বাহিনীৰ অৰ্ধশতাধিক সদস্যৰ দ্বাৰা পৰিবেশ নিকাকৰণৰ লগতে গছপুলি ৰোপণ ৷ গছ থাকিলেহে মানুহ থাকিব শীৰ্ষক শ্ল'গানেৰে উক্ত কাৰ্যসূচী ৰূপায়ণ ৷
10. মৰিয়নীত প্ৰয়াত তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিত তথা তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ পৰিভ্ৰমণ কৰা শান্তি সদ্ভাৱনা যাত্ৰা দেওবাৰে মৰিয়নীত উপস্থিত হয় ৷ ইয়াৰ পিছতেই মৰিয়নীবাসী ৰাইজে তেখেতৰ চিতাভষ্মত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷