ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP10 @ 7PM

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP10 @ 7PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Aug 15, 2020, 7:47 PM IST

74 সংখ্যক স্বাধীনতা দিৱসত ৰাজ্যজুৰি উৰিল ত্ৰিৰংগা

শনিবাৰে উদ্​যাপিত হয় দেশৰ 74তম স্বাধীনতা দিৱস ৷ ইয়াৰ বাবে অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ উভয় উপত্যাকাৰে সকলো জিলাতে চৰকাৰী ভাবে উত্তোলন কৰা হয় দেশৰ ৰাষ্ট্ৰীয় পতাকা ৷

অসাধাৰণ স্মৃতি শক্তিৰে পৰিপূৰ্ণ এগৰাকী বিস্ময় বালক

মাথোঁ 4 বছৰ বয়সতে দেশ-বিদেশৰ ভিন্ন জ্ঞানেৰে পৰিপুষ্ট ধেমাজি জিলাৰ গোগামুখৰ অন্তৰ্গত মহৰিকেম্পৰ প্ৰিয়ম শৰ্মা নামৰ শিশুটি ৷ শিশুটিৰ অসাধাৰণ স্মৃতি শক্তিয়ে ইতিমধ্যে হতচকিত কৰি তুলিছে বিভিন্নজনক ৷

মৰিগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শনিবাৰে মৰিগাঁৱত উদযাপিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰি মৰিগাঁঁও জিলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ভিন্ন আঁচনিৰ লগতে, বহু ৰাজনৈতিক বিষয়ত মন্তব্য আগবঢ়ায় স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

শিঙৰা নৈৰ আকস্মিক বানে তচ-নচ কৰি গ'ল শহস্ৰাধিক লোকৰ জীৱন

নাওবৈচাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে শিঙৰা নৈৰ সংহাৰী বানে ৷ শিঙৰা নৈৰ আকস্মিক বানে থানবান কৰি থৈ গ'ল নাওবৈচাৰ সহস্ৰাধিক লোকৰ জীৱন, সা-সম্পত্তি ৷ যাৰ বাবে এতিয়া মুকলি আকাশৰ তলত গৰু-ছাগলীৰ লগতে সহাৱস্থান কৰিবলগীয়া হৈছে দুৰ্ভগীয়া বানাক্ৰান্তই ৷

ছাত্ৰ সংস্থাৰ অসম চুক্তিৰ ক্লজ-6 কমিটিৰ ৰিপটক সমালোচনা

শনিবাৰে সদৌ কাছাৰ ,কৰিমগঞ্জ , হাইলাকান্দি ছাত্ৰ সংস্থাই এক সংবাদ মেলযোগে বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন হোৱা অসম চুক্তিৰ ক্লজ-6 কমিটিৰ ৰিপটক তীব্ৰ সমালোচনা কৰে ৷

আজি পৰ্যন্ত চৰকাৰী স্বীকৃতি নোপোৱা এগৰাকী স্বাধীনতা সংগ্ৰামীৰ কথাৰে...

শতবৰ্ষ গৰকা এগৰাকী স্বাধীনতা সংগ্ৰামী ৷ স্বাধীনতা আন্দোলনৰ প্ৰতিটো কথাই আজিও সজীৱ কৰি ৰাখিছে এইগৰাকী ব্যক্তিয়ে ৷ জাতিৰ পিতা মহাত্মা গান্ধীক লগ পোৱা এইগৰাকী মুক্তিযোদ্ধাই বৃটিছ পুলিছৰ হাতত আটক হৈ খাটিছিল কাৰাবাস ৷

স্বাধীনতা দিৱস উপলক্ষে কৃতি ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য প্ৰদান

বৰপেটাৰ জিলাৰ কলগাছিয়াত ৭৪ তম স্বাধীনতা দিৱস উপলক্ষে মৰহুম কদ্দুচ দেৱানী চেৰিটেৱল ট্ৰাষ্টৰ উদ্যোগত ২০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ।

প্ৰতিকূল বতৰৰ মাজতে গোলাঘাটত উদযাপন ৭৪ সংখ্যক স্বাধীনতা দিৱস

নেৰানেপেৰো বৰষুণৰ মাজতেই গোলাঘাটত উদযাপন কৰা হয় দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস । অৱশ্যে মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ স্বাধীনতা দিৱসত বহু কেইটা কাৰ্যসূচী বাতিল কৰিব লগা হয়

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত উদ্ধাৰ গঁড়ৰ পোৱালি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত শনিবাৰে পুৱাই উদ্ধাৰ হয় এটা মাইকী গঁড় পোৱালি। বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰা যোৱা এটা দলে এবছৰীয়া গঁড় পোৱালিটো উদ্ধাৰ কৰে।

সুশান্তই EMI দিয়াৰ অভিযোগ নাকচ কৰি অংকিতাই দেখুৱালে বেংক ষ্টেটমেণ্ট

সুশান্ত সিং ৰাজপুতে পূৰ্বৰ প্ৰেয়সী অংকিতা লোখাণ্ডেক তেওঁ ক্ৰয় কৰা ৪.৫ কোটিটকীয়া ফ্লেটটোৰ কিস্তি দি অহাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে ছ'চিয়েল মেডিয়াত বেংকৰ ষ্টেটমেণ্ট সংলগ্ন কৰি এটা প'ষ্ট শ্বেয়াৰ কৰিলে অংকিতাই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.