ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP10 @ 5PM

5 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP10 @ 5PM
TOP10 @ 5PM
author img

By

Published : Aug 29, 2020, 5:14 PM IST

অসম আন্দোলনৰ নেতা অকণ মল্ল বৰুৱাৰ দেহৱসান

অসম আন্দোলনৰ নেতা, আঞ্চলিকতাবাদৰ ধ্বজাবাহক, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন ছাত্ৰ নেতা, প্ৰাক্তন পৌৰপতি, নলবাৰীৰ গৌৰৱ তথা সু-অভিনেতা অকন মল্ল বৰুৱাৰ দেহৱসান ৷

টেনজিং নৰ্গে বঁটাৰ পৰা ভাৰত চৰকাৰে বাতিল কৰিলে নৰেন্দ্ৰ সিঙৰ নাম

এভাৰেষ্ট জয়কাৰী নৱ ফুকনৰ স‌ংবাদমেলৰ পিছতেই চৰকাৰে বাতিল কৰিলে টেনজিং নৰ্গে বঁটাৰ পৰা নৰেন্দ্ৰ সিঙৰ নাম ৷

যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হাইলাকান্দিঃ আৰক্ষীৰ লাঠিচাৰ্জ

শনিবাৰে উত্তাল হৈ পৰে হাইলাকান্দি । ফায়াৰ ছাৰ্ভিচৰ জোৱানৰ বিৰুদ্ধে উঠিছে এজন যুৱকক হত্য‍ কৰাৰ গুৰুতৰ অভিযোগ ।

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ধ্যান চান্দক স্মৰণ কিৰেণ ৰিজিজুৰ

দেশৰ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে ভাৰতৰ অন্যতম হকী কিংবদন্তি খেলুৱৈ তথা অলিম্পিয়ান মেজৰ ধ্যান চান্দক তেওঁৰ 115সংখ্যক জন্ম তিথিত শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷

দিল্লী ৰে'ল ষ্টেশ্যনৰ পৰা ৫০৪ ডাল স্বৰ্ণ দণ্ড জব্দ

অবৈধভাৱে সোণ সৰবৰাহ কৰি ৰঙাঘৰৰ আলহী হ'ল ৮ টা সৰবৰাহকাৰী । দিল্লীত সংঘটিত হৈছে এই ঘটনা । শুক্ৰবাৰে দিল্লী ৰে'ল ষ্টেশ্যনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীকেইটাক । আৰক্ষীয়ে সৰবৰাহকাৰীৰ পৰা ৫০৪ ডাল স্বৰ্ণ দণ্ড জব্দ কৰে ।

কাণপুৰত জুৱাৰ ঘাটি উৎখাত, ৭টা জুৱাৰীক গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশৰ কাণপুৰত আৰক্ষীয়ে উৎখাত কৰিলে জুৱাৰ ঘাটি । জুৱা খেলি থকা অৱস্থাতে হাতে-লোটে আৰক্ষীয়ে কৰায়ত্ত কৰে ৭টা জুৱাৰীক। National Eligibility cum Entrance Test আৰু Joint Entrance Examination অনুষ্ঠিত কৰাক লৈ চক্ৰটোৱে জুৱা আৰম্ভ কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

ভৱিষ্যতৰ বিশ্ব ৰাজনৈতিক গাঁথনিত ভাৰতে নেতৃত্ব প্ৰদান কৰিব

অৰ্থনীতি আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা জৰুৰীকালীন আপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতে ভৱিষ্যতে বিশ্বক নেতৃত্ব প্ৰদান কৰিব ৷ শনিবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে ৷

আছুৰ সৈতে একেখন নাৱতে উঠি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ যো-জা কৃষক মুক্তিৰ

আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী । নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উত্থান হৈছে ন ন আঞ্চলিক দল ।

বাটাবাৰী সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

বাক্সাৰ বাটাবাৰী সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ বনৰীয়া হাতীৰ অৰ্ধগলিত মৃতদেহ । বাটাবাৰী সংৰক্ষিত বনাঞ্চলৰ জামগুৰি বনাঞ্চলত সংঘটিত এই ভয়ংকৰ ঘটনা ।

বঙাইগাঁৱত উপস্থিত বিশেষ আন্তঃ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় দল

ৰজ্যৰ আন আন প্ৰান্তৰ লগতে বঙাইগাঁৱতো চলিত বৰ্ষৰ বানে ধাৰণ কৰিছিল সংহাৰী ৰূপ ৷ 27 জুনৰ পৰা জিলাখনৰ মুঠ চাৰিটা ৰাজহচক্ৰ ক্ৰমে সৃজনগ্ৰাম, বইটামাৰী, বঙাইগাঁও আৰু মানিকপুৰৰ অন্তৰ্গত বহু এলেকা গুৰুতৰভাৱে বানৰ কৱলত পৰি বিস্তৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.