ৰাজ্যত আত্মপ্ৰকাশ নৱতম ৰাজনৈতিক দলৰ
ৰাজ্যত আত্মপ্ৰকাশ ঘটিল এটা নতুন ৰাজনৈতিক দলৰ ৷ দলটোৰ নাম অসম জাতীয় পৰিষদ ৷ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মিলিত প্ৰচেষ্টাত অংকুৰিত হৈছে এই দলটো ৷
গোলাঘাটত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী
গোলাঘাটৰ আধাৰসত্ৰ নপমুৱা টাপুত পিঞ্জৰাৱদ্ধ হৈছে এটা নাহৰফুটুকী ৷ বন বিভাগে অতি কৌশলেৰে স্থানীয় লোকৰ সহযোগত পিঞ্জৰাত আৱদ্ধ কৰে নাহৰফুটুকীটো ৷
বিছনাত কণমানি জীয়ৰীঃ ৰাইজৰ সহায় বিচাৰি কাতৰ আহ্বান অসহায় পিতৃৰ
ধেমাজিৰ চিচিবৰগাওঁৰ অন্তৰ্গত গড়মৰাগাঁৱৰ এগৰাকী কিশোৰী ৷ নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীয়ে বিগত পাঁচ মাহৰ পৰা এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ পৰি ৰৈছে ৷ কিশোৰীগৰাকীক সহায়ৰ উদ্দেশ্যে আগবাঢ়ি আহিবলৈ সদাশয় ৰাইজক আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে ৷
মানালিলৈ উভতিল কংগনা ৰাণাৱট
মানালিলৈ উভতিছে অভিনেত্ৰী কংগণা ৰাণাৱট ৷ লগতে, টুইটাৰযোগে মহাৰাষ্ট্ৰক পাকিস্তানৰ লগতো তুলনা কৰিছিল অভিনেত্ৰী কংগনাই ৷
বিশেষভাৱে সক্ষম পুত্ৰৰ সৈতে দুৰ্বিসহ জীৱন এগৰাকী মাতৃৰ
শিৱসাগৰ আমগুৰিৰ প্ৰতিমা গগৈ নামৰ মহিলা গৰাকীয়ে অতিবাহিত কৰিছে এক দুৰ্বিসহ জীৱন ৷ বিশেষভাৱে সক্ষম পুত্ৰ সন্তান জন্ম দিয়াৰ বাবেই স্বামীৰ নিৰ্যাতনৰ বলি হৈছিল প্ৰতিমা ৷ বিগত 19 বছৰে উৰুখা পঁজাতে পুত্ৰৰ সৈতে দুৰ্বিসহ দিন কটাইছে দুৰ্ভগীয়া মাতৃ গৰাকীয়ে ৷
সাংবাদিকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে আৰক্ষী জোৱানে
দেওবাৰে নিশা ধুবুৰীৰ গৌৰীপুৰত সাংবাদিকক আক্ৰমণ । চোকা অস্ত্ৰৰে সাংবাদিক অৰুণ কুমাৰ পালক হত্যাৰ চেষ্টা এজন আৰক্ষী বেটেলিয়নৰ জোৱানৰ । বৰ্তমানো পলাতক অৱস্থাত আছে ধৃত জোৱানজন ৷
চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণত বিলম্ব: টীয়ক বাণিজ্য সন্থাৰ ক্ষোভ
প্ৰায় দহ বছৰ অতিক্ৰম কৰাৰ পিছতো ৰাজ্যত সম্পূৰ্ণ নহ’ল চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম ৷ তাকে কেন্দ্ৰ কৰি ক্ষোভ প্ৰকাশ কৰিছে টীয়ক বাণিজ্য সন্থাই ৷ সন্থাই শীঘ্ৰে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ পথ নিৰ্মাণকাৰী সংস্থাক আহ্বান জনাইছে ৷
সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমটো দিনৰ কাৰ্যক্ৰমণিকা...
সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমটো দিনত ৰাজ্যসভাৰ উপাধ্যক্ষৰ মনোনয়ন কাৰ্য অনুষ্ঠিত হ'ব ৷ উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচিত হৈছে এন ডি এৰ হৰিবংশ নাৰায়ণ সিং আৰু আৰ জে ডিৰ মনোজ ঝা ৷ লগতে, কেন্দ্ৰীয় চৰকাৰে সংসদত বিলৰূপে 4 টা অধ্যাদেশ উত্থাপন কৰিব বুলি ৰাজ্যসভা বুলেটিনত প্ৰকাশ পাইছে ৷
আমগুৰিত শুৰপোকৰ আক্ৰমণত বিনষ্ট শ শ বিঘা কৃষিভূমি
শিৱসাগৰৰ আমগুৰিত সেউজীয়া পথাৰ বিনষ্ট কৰিছে শুৰপোকে ৷ চিন্তিত হৈ পৰিছে কৃষক সমাজ ৷ এই সন্দৰ্ভত আমগুৰি মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অতমন্যতাই ক্ষোভিত কৰি তুলিছে দুৰ্ভগীয়া কৃষকসকলক ৷
পথৰ দাঁতিত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ দুই যুৱক
দেওবাৰে নিশা ৰঙিয়াৰ ডোবক-বাহাৰঘাট পথত সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা দুজন যুৱকৰে এজন মৃত আৰু এজন তেজেৰে লুতুৰি-পুতুৰি হৈ মৃত্যুৱে যুঁজি থকা অৱস্থাত উদ্ধাৰ ৷ কোনো অচিনাক্ত বাহনে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷