ETV Bharat / state

1বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - top10 at 1 pm

1বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

1বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
1বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 25, 2021, 1:03 PM IST

বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে: সুস্মিতা দেৱ

বিজেপি চৰকাৰ হ’লে আকৌ NRC হ’ব ৷ কিন্তু যদি কংগ্ৰেছৰ চৰকাৰ আহে 2014 চনৰ ভোটাৰ তালিকাত নাম থকা সকলোকে ভাৰতীয় নাগৰিক হিচাপে বিবেচিত কৰা হ’ব বুলি মন্তব্য কৰে সুস্মিতা দেৱে ৷

বঙাইগাঁও বিধানসভা সমষ্টি দখল কৰিবলৈ সাজু কংগ্ৰেছ

বঙাইগাঁও বিধানসভা সমষ্টিত যুঁজিবলৈ কংগ্ৰেছ সাজু । বিগত সাতটা কাৰ্যকাল ৩২ নম্বৰ বঙাইগাঁও বিধানসভা সমষ্টিটো অগপ দলে দখল কৰি থকাত এইবাৰ এই সমষ্টিটো কংগ্ৰেছে দখল কৰিবলৈ সাজু বুলি দাবী কৰে জিলাখনৰ একমাত্ৰ কংগ্ৰেছ বিধায়ক আব্দুল হাই নাগৰিয়ে ।

আধাৰশিলা স্থাপনত গুৰুত্ব বিধায়ক উৎপল বৰাৰ !

ৰাজ্যত এতিয়া আধাৰশিলা স্থাপন আৰু বিভিন্ন আঁচনি মুকলিৰ অনুষ্ঠানৰ পৰ্ব চলি থকা পৰিলক্ষিত হৈছে ৷ সকলোৰে উদ্দেশ্য এটাই- সমাগত নিৰ্বাচন ৷ বিভিন্ন ৰাজনৈতিক নেতাসকল এতিয়া ব্যস্ত হৈ পৰিছে আধাৰশিলা স্থাপন পৰ্বত ৷ বাদ পৰি ৰোৱা নাই বিধায়ক উৎপল বৰা ৷

অমিত শ্বাহে শুভাৰম্ভ কৰিব বটদ্ৰৱা প্ৰকল্পৰ

ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পুনৰ অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ কোটি টকীয়া এক প্ৰকল্প শুভাৰম্ভ কৰাৰ বাবে আজি বটদ্ৰৱাত উপস্থিত হ’ব দেশৰ গৃহ মন্ত্ৰীগৰাকী ৷ বটদ্ৰৱাৰ পূৰ্বে নগাঁৱৰ পুৰণিগুদামস্থিত মহা মৃত্যুঞ্জয় মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’ব গৃহ মন্ত্ৰী শ্বাহে

ৰাইজৰ ৰোষত বাঘবৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ

বাঘবৰ সমষ্টিৰ মইনবড়ীত উত্তপ্ত পৰিস্থিতি । পুনৰ ৰাইজৰ ৰোষত পৰিল বাঘবৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ । ৰাইজে ঘেৰাও কৰিলে বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদক । বিধায়ক শ্বেৰমান আলী আহমেদৰ সমৰ্থক আৰু ৰাইজৰ মাজত হতাহতি । ৰাইজৰ উত্তপ্ত পৰিস্থিতি দেখি ঘটনাস্থলী ত্যাগ কৰে বিধায়ক শ্বেৰমান আলী আহমেদে । কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদৰ গাড়ী আগুচি ধৰে ৰাইজে ।

২৬ ফেব্ৰুৱাৰীৰ ভাৰত বন্ধলৈ পূর্ণ সমর্থন অসম জাতীয় পৰিষদৰ

অহা ২৬ ফেব্ৰুৱাৰীত কনফেডাৰেচন অব অল ইণ্ডিয়া ট্রেডাৰ্ছে আহ্বান জনোৱা ভাৰত বন্ধলৈ সমৰ্থন আগবঢ়ালে অসম জাতীয় পৰিষদে ৷

কংগ্ৰেছ-এআইডিইউএফ মানেই সংখ্যালঘু নহয়: ৰঞ্জিত দাস

কংগ্ৰেছ আৰু এআইডিইউএফ-ৰ তুলনাত বিজেপিয়ে বেছি সংখ্যালঘু ভোট লাভ কৰিব বুলি দাবী কৰিছে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ বিজেপিৰ দিনত সংখ্যালঘুসকল শান্তিত আছে বুলিও দাবী কৰে দাসে ৷ বিজনীত অনুষ্ঠিত বিজেপিৰ যোগদান সভাত উপস্থিত থাকি এই মন্তব্য দাসৰ ৷

অসমত প্ৰায় তেৰ হাজাৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা হ'ব: ৰামেশ্বৰ তেলী

খাদ্য সংশোধন উদ্যোগৰ জৰিয়তে কিদৰে সৰু বৰ বিভিন্ন উদ্যোগ গঢ় দিব পাৰি সেই সম্পৰ্কে উদ্যোগীসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্যেশ্যে বুধবাৰে বৰপেটাত এখন কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা আৰু PMFMP আঁচনিৰ অধীনত আৰু ফাইনাৰৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাখনত অংশগ্ৰহন কৰে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশোধন উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

ডিফুত অৰ্গেনাইজেছন কনক্লেভৰ সংবাদমেল

মঙলবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত কেএনএলএফ, কেপিএলটি, পিডিচিকে ধৰি কেইবাটাও সশস্ত্ৰ সংগঠনৰ কেডাৰসকলে মুখ্যমন্ত্ৰীৰ ওচৰত আনুষ্ঠানিকভাবে অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ ঘূৰি অহা কাৰ্যক প্ৰশংসা কৰিছে অৰ্গেনাইজেছন কনক্লেভে ৷

বৰক্ষেত্ৰীত জীৱিকা সখীলৈ স্কুটী প্ৰদান

বৰক্ষেত্ৰীৰ মুকালমুৱাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মহিলা সমাৰোহ ৷ সমাৰোহত 43 গৰাকী জীৱিকা সখীৰ মাজত একোখনকৈ স্কুটী বিতৰণ ৷ বৰক্ষেত্ৰী অঞ্চলৰ মহিলা আত্মসহায়ক গোটসমূহৰ মাজত 50 হাজাৰকৈ ৰাজ সাহায্য প্ৰদান ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.