ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি - Assam Top 10 news

1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP10 @ 1 PM
1 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jul 12, 2020, 1:01 PM IST

কপিলীৰ বানত জলমগ্ন হোজাইৰ বিস্তীৰ্ণ অঞ্চল

হোজাইত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ জিলাখনত কপিলী নৈৰ বাঢ়নী পানীয়ে নতুনকৈ বিভিন্ন অঞ্চল বুৰাই পেলোৱাৰ ফলত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি ৷ জিলাখনৰ ঠেপলাগুৰি, কোমোৰাকটা, ৰাইকাটা, নোভাঙা, হাতিমৰা আদি অঞ্চল কপিলীৰ বানে বুৰাই পেলাইছে ৷

ক্ৰমাৎ শোচনীয় হৈছে কমলপুৰৰ বান পৰিস্থিতি

কামৰূপ(গ্ৰাম্য) জিলাৰ ভিন্ন প্ৰান্তত তাণ্ডৱ সৃষ্টি কৰিছে বাঢ়নী পানীয়ে ৷ জিলাখনৰ মাজেৰে বৈ যোৱা পুঠিমাৰী নদীৰ বাঢ়নী পানীয়ে প্ৰতিবছৰে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত বিপদৰ সন্মুখীন হয় জন সাধাৰণৰ লগতে পশুধনসমূহ ৷

দিখৌমুখত বানৰ সংহাৰী ৰূপঃ জলমগ্ন 10 খনৰো অধিক গাওঁ

আমগুৰি সমষ্টিৰ আলিমূৰ,বৰগাঁও,পুৰণিগুডাম, তেলিয়াডোঙা, ৰূপহীমুখ মিছিং গাঁও,ৰূপহীমুখ কুমাৰ গাঁও,স'ৰাগুৰি চাপৰিৰ বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে বানৰ কবলত ৷ ইয়াৰ মাজতে, শিৱসাগৰ জিলা সদৌ অসম ছাত্ৰ সন্থাৰ এটি দলে বানবিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷

অখিল, ধৈৰ্য আৰু বিতুৰ আশুআৰোগ্য কামনাৰে ৰাইজৰ প্ৰাৰ্থনা

টিংখাঙৰ লেঙেৰীত সংগ্ৰামী নেতা অখিল গগৈ সহিত ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালৰ উন্নত চিকিৎসা আৰু মুক্তিৰ দাবীত নামঘৰত প্ৰাৰ্থনাৰ লগতে ভাগৱত পাঠ কৰে ৰাইজে ৷

চিকিৎসকৰ ঘৰত হোম কোৱাৰেণ্টাইন ষ্টিকাৰ লগাবলৈ যোৱা আশা কৰ্মীক দুৰ্ব্যৱহাৰ

মৰিয়নীত চিকিৎসকৰ বাসগৃহত হোম কোৱাৰেণ্টাইনৰ ষ্টিকাৰ লগাবলৈ গৈ চিকিৎসক আৰু তেওঁৰ আত্মীয়ৰ পৰা ভাবুকি লাভ কৰে এগৰাকী আশা কৰ্মীয়ে ৷ চিকিৎসক গৰাকীৰ ভাবুকি আৰু নিৰ্দেশ অনুসাৰে আশা কৰ্মী গৰাকীয়ে তেওঁৰ হোম কোৱাৰেণ্টাইনৰ সময় নিৰ্ধাৰিত সময়তলৈ হ্ৰাস কৰে ৷

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সৈতে বৃক্ষৰোপন কাৰ্যসূচীত অংশ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে, কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীয়ে আয়োজন কৰা সৰ্বভাৰতীয় বৃক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গুৰুগ্ৰামস্থিত গ্ৰুপ চেন্টাৰত এই কাৰ্যসূচী উদ্বোধন কৰাৰ লগতে বাকী পাঁচটা অৰ্ধসামৰিক বাহিনীৰ সৈতেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷

হাস্পতালৰ পৰা কি ক'লে অমিতাভ বচ্চনে ?

শেহতীয়াকৈ যথেষ্ট ভাইৰেল হৈছে নানাৱতী হাস্পতালৰ পৰা বিগ বি বচ্চনৰ এটা বিশেষ ভিডিঅ' ৷ য'ত মেগাষ্টাৰ গৰাকীয়ে নানাৱতী হাস্পতালৰ প্ৰত্যেকজন স্বাস্থ্যকৰ্মীক কৃতজ্ঞতা জনাইছে ৷ লগতে এই মহামাৰীৰ সৈতে সমুখ সমৰত যুঁজ দি থকা প্ৰত্যেকজন স্বাস্থ্যকৰ্মীক ভগৱান আখ্যা দিছে অভিনেতাগৰাকীয়ে ৷

ছিল হ'ল ৰেখাৰ মুম্বাইস্থিত বাসগৃহ

বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী ৰেখাৰ আৱাসগৃহৰ এজন নিৰপত্তাৰক্ষীৰ শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি পোৱাৰ পাছতেই ছিল কৰি দিয়া হয় তেওঁৰ বাসগৃহটো ৷

আগিয়া ছোফিয়াক লৈ ৱৰ্ল্ড কাউন্সিল অৱ ছাৰ্ছেজৰ প্ৰতিক্ৰিয়া

বিশ্ব গীৰ্জা সংস্থা (The World Council of Churches')ৰ অন্তৱৰ্তী মহাসচিব লন চাউকাই বিশ্বখ্যাত আগিয়া ছোফিয়াক সংগ্ৰহালয়ৰ পৰা মছজিদলৈ ৰূপান্তৰ কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

আগিয়া ছোফিয়া : ইছলামপ্ৰীতিৰ এখোজ আগলৈ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰ্ডোগান

আগিয়া ছোফিয়াক মছজিদলৈ ৰূপান্তৰ কৰি সমগ্ৰ বিশ্ববাসীৰে সমালোচনাৰ সন্মুখীন হ'লেও নিজ দেশৰ লগতে বিশ্বৰ অন্য প্ৰান্তৰ কঠোৰপন্ঠী মুছলমানৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেকেপ টায়েপ এৰ্ডোগানে ৷ অৱশ্যে এৰ্ডোগানৰ ইছলাম বিশ্বযাত্ৰাত ছৌদিয়ে মুল বাধা হিচাপে এতিয়াও ঠিয় হৈ আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.