ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP TEN NEWS OF 3 PM

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP TEN NEWS OF 3 PM
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 17, 2020, 3:17 PM IST

গালৱান সংঘৰ্ষক লৈ প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰশ্ন ৰাহুল গান্ধীৰ

ভাৰত-চীন সীমান্তৰ গালৱানত হোৱা সংঘৰ্ষত ২০ ভাৰতীয় সেনাৰ শ্বহীদৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটযোগে প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰশ্ন উত্থাপন কৰে । প্ৰধানমন্ত্ৰী মৌন কিয় আৰু তেওঁ কিয় সকলো লুকাই ৰাখিছে বুলি প্ৰশ্ন কৰে ৰাহুল গান্ধীয়ে ।

এটা বিড়ি প্ৰতিষ্ঠানৰ বিৰুদ্ধে বঙাইগাঁৱত এজাহাৰ

প্ৰদীপ নামৰ বিড়ি প্ৰস্তুত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে অভয়াপুৰী আৰক্ষী চকীত এজাহাৰ দাখিল অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ ৷ প্ৰতিষ্ঠানটোত দ্বাৰা প্ৰস্তুত কৰা বিড়িৰ ফটোত অসমীয়াৰ অভিমান বিহুৰ ফটো সন্নিবিষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ৷

চিয়াঙৰ বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে জোনাইত

জোনাইৰ চিয়াং নদীৰ বাঢ়নী পানীত বুৰ গৈছে কেইবাখনো গাঁৱৰ ঘৰ-বাৰীৰ লগতে কৃষিভূমি ৷ বানৰ তাণ্ডৱত ক্ৰমাৎ নিশ্চিহ্ন হোৱাৰ পথত ৫০ লাখটকীয়া নিৰ্মীয়মান মথাউৰি ৷

মুজফ্ফৰপুৰ আদালতত ছলমান খান, কৰণ জোহৰৰ বিৰুদ্ধে গোচৰ ৰুজু

কৰণ জোহৰ, আদিত্য চোপ্ৰা, ছলমান খান, সঞ্জয় লীলা ভাঞ্চালী, একতা কাপুৰসহ বহুকেইগৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ সুশান্ত সিং ৰাজপুতক হত্যা কৰা হৈছে বুলি দাবী অধিবক্তা সুধীৰ কুমাৰৰ ৷

ছিপাঝাৰৰ সৰ্থেবাৰী মাজদিয়ালৈ হাইজেক মালভৰ্তি ট্ৰাক

ছিপাঝাৰৰ ওচৰৰ পৰা বৰপেটা জিলাৰ সৰ্থেবাৰীৰ মাজদিয়ালৈ হাইজেক কৰি আনে ট্ৰাকখন । ট্ৰাকখনৰ নম্বৰ AS01-HC 4090 বুলি জানিব পৰা গৈছে ৷ ডকাইতি কাণ্ডটোত জড়িত থকা দুৰ্বৃত্তৰ দলটোক নেতৃত্ব দিয়াৰ অভিযোগ মাজদিয়াৰ আলতাফ খান নামৰ এটা দুৰ্বৃত্তৰ বিৰুদ্ধে ।

লা লীগা : মেছীৰ 699 সংখ্য়ক গ'ল, বাৰ্চিলোনাৰ হাতত পৰাস্ত লেগনেছ

লিয়নেল মেছী আৰু আনছু ফাটিৰ গ'লৰ বিনিময়ত লেগনেছৰ বিৰুদ্ধে জয় লাভ বাৰ্চিলোনাৰ । মেছীৰ ফুটবল কেৰিয়াৰ 699 সংখ্য়ক গ'ল সম্পূৰ্ণ ।

বিত্তীয়ভাৱে আত্মনিৰ্ভৰশীল কেনেকৈ হ'ব ?

আত্মনিৰ্ভৰ হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ ৷ এজন ব্যক্তিয়ে বিত্তীয়ভাৱে কিদৰে আত্মনিৰ্ভৰ হ'ব পাৰে ? অতি বেয়া সময়ত যুঁজ দিব পৰাকৈ কোনবোৰ পদক্ষেপে আপোনাক বিত্তীয়ভাৱে সহায় কৰিব পাৰে ৷ এই লিখনিত নিজাববীয়া ধনৰ ক্ষেত্ৰত 'আত্মনিৰ্ভৰ' হোৱাৰ চাৰিটা সহজ উপায় সম্পৰ্কত আলোচনা কৰিম ৷

কৰ'ণা ভাইৰাছৰ এটা অনুৰ দ্বাৰাই তৈয়াৰ হ'ব পাৰে কৰ'ণা ভেকছিন

বাৰ ইলান বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে জনোৱা মতে,তেওঁলোকে চিনাক্ত কৰি উলিওৱা কৰ'ণা ভাইৰাছৰ অনুৰ দ্বাৰা এই ৰোগৰ ভেকছিন তৈয়াৰ কৰাত সহায় হ'ব ৷

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ পুনৰ সম্পন্ন হ'ব কোভিড-১৯ পৰীক্ষা

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ মঙলবাৰে কোভিড-১৯ৰ পৰীক্ষাত নিগেটিভ ফলাফল পোৱাৰ পিছত বুধবাৰে পুনৰ পৰীক্ষা কৰিব বুলি জানিব পৰা গৈছে ।

কামপুৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰত প্ৰতিবাদ

বুধবাৰে বহিঃৰাজ্যৰ পৰা অহা একাংশ লোকে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকৰ অভিযোগ, তেওঁলোকক থাকিবলৈ দিয়া কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত মানি চলা হোৱা নাই কোনো ধৰণৰ চৰকাৰী নীতি-নিয়ম ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.