ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ
ৰাষ্ট্ৰীয় ঘাইপথ পৰিচালনা আৰু মেৰামতিৰ নামত চিৰাঙত সংঘটিত হৈছে অনিয়ম ৷ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বঙাইগাঁৱস্থিত কাৰ্যালয়ৰ পৰা এই অনিয়ম নিয়ন্ত্ৰিত হোৱাৰ উত্থাপিত হৈছে ব্যাপক অভিযোগ ৷ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আমছুৰ চিৰাং জিলা সমিতিয়ে ৷
২৪ ঘণ্টাৰ ভিতৰত দিল্লীৰ সকলো কোভিড-১৯ হাস্পতালত চিচি কেমেৰা সংস্থাপনৰ নিৰ্দেশ
দিল্লীৰ এল এন জে পি হাস্পতাল পৰিদৰ্শন কৰি মুখ্য সচিব বিজয় কুমাৰ দেৱক চিচি কেমেৰা সংস্থাপন নিৰ্দেশ প্ৰদান কৰে গৃহমন্ত্ৰী অমিত শ্বাহে । নিৰ্দেশ অনুসৰি 'PWD' বিভাগে ২৪ ঘণ্টাৰ ভিতৰত দিল্লীৰ সকলো কোভিড-১৯ ৱাৰ্ডত চিচি টিভি কেমেৰা সংস্থাপিত কৰিব আৰু এই ৰিপৰ্ট "pshealth@nic.in." ৱেৱচাইটত আপডেট কৰিব লাগিব ।
'ৰাজীৱ গান্ধী খেল ৰত্ন'ৰ বাবে হিমা দাস আৰু 'অৰ্জুন বঁটা'ৰ বাবে মনোনীত লাভলীনা
দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্নৰ বাবে মনোনীত ধিং এক্সপ্ৰেছ নামে খ্যাত স্বৰ্ণ কন্যা হিমা দাসৰ নাম । আনহাতে লাভলীনা বৰগোঁহাইক অৰ্জুন বঁটাৰ বাবে মনোনীত অসম চৰকাৰৰ ।
ৰঙিয়াৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত মহিলাৰ প্ৰতিবাদ
ৰঙিয়াৰ চেপ্তীত অসম গ্ৰামীণ বিকাশ বেংকৰ অতি ক্ষুদ্ৰ শাখাত পুৱা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ শাখাটোৰ অপাৰেটৰগৰাকীয়ে টকা প্ৰদানৰ নামত গাফিলতিৰ কৰাৰ অভিযোগত গ্ৰাহকে কাৰ্যালয়টো ঘেৰাও কৰি সাব্যস্ত কৰে প়্ৰতিবাদ ৷
ডিমা হাছাও জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতি প্ৰত্যাহাৰ
শীঘ্ৰে দৰমহা প্ৰদান কৰাৰ আশ্বাস লাভ কৰাৰ পাছতে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি কাৰ্যসূচী সাময়িক ভাৱে প্ৰত্যাহাৰ কৰিছে ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কৰ্মচাৰী সকলে ৷
২১ গৰাকী মুখ্যমন্ত্ৰীৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব এই বৈঠকত । ভিডিঅ' কনফাৰেঞ্চিং যোগে অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ সম্ভাৱনা আছে ।
ভাৰত-চীনা সৈন্যৰ সংঘৰ্ষ : গলৱান উপত্যকাত নিহত তিনি ভাৰতীয় সেনা
সোমবাৰে ভাৰত-চীনা সৈন্যৰ মাজত সংঘৰ্ষত নিহত হৈছে তিনি ভাৰতীয় সেনা জোৱান ৷ গলৱান উপত্যকাত সংঘটিত এই ঘটনাত প্ৰাণ হেৰুৱালে এজন সেনা বিষয়া আৰু দুই জোৱানে ৷
তেলেংগানাত দুই সন্তানক নদীত দলিয়াই হত্যা মাতৃৰ
সুৰামত্ত স্বামীৰ ওপৰত ক্ষুদ্ধ হৈ মাতৃ নাগামণিয়ে হত্যা কৰে দুই সন্তানক। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও অনুচ্ছেদ অনুসৰি মাতৃৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ।
বদৰপুৰৰ বাগুয়া ত্ৰিভেলজ এম ই স্কুলত চুৰি কাণ্ড
কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ বাগুয়া ত্ৰিভেলজ এম ই স্কুলত শনিবাৰে নিশা চোৰে চলাই উপদ্ৰৱ । চোৰে বিদ্যালয়খনৰ দৰ্জা ভাঙি ৰন্ধন সামগ্ৰীসহ লৈ যায় গুৰুত্বপূৰ্ণ কাগজ-পত্ৰ ।
জনবসতিপূৰ্ণ এলেকাত আঘাতপ্ৰাপ্ত হাতীৰ মুক্ত বিচৰণ
পশ্চিম কাৰ্বি আংলঙত অৱস্থান বনৰীয়া হাতীৰ ৷ চেংচেংবিলতো বনৰীয়া হাতীৰ বৃহৎ জাকৰ মুক্ত বিচৰণ ৷