কাইলৈ বাঘজানত উপস্থিত হ'ব পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান : মুখ্যমন্ত্ৰীৰ কাৰ্যালয়
বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ দেওবাৰে ঘটনাস্থলীত উপস্থিত হ'ব কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰিছে এই কথা । আজি কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীগৰাকী আহি গুৱাহাটীত উপস্থিত হ'ব যদিও কাইলৈহে ৰাওনা হ'ব বাঘজানলৈ ৷
ঋতুপৰ্ণ পেগু হত্যাকাণ্ডৰ ন্যায় বিচাৰি উত্তাল নুনমাটি থানা চৌহদ
শনিবাৰে নুনমাটি আৰক্ষী চকীৰ সন্মুখত দেখিবলৈ পোৱা গ'ল শতাধিক লোকৰ তীব্ৰ প্ৰতিবাদ ৷ শুকুৰবাৰে সামান্য কোনো কথাত তৰ্ক-বিতৰ্ক হোৱাৰ বাবেই দিনৰ পোহৰতে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা হৈছিল ঋতুপৰ্ণ পেগু নামৰ লোকজনক ৷ গাড়ীচালকৰ কাম কৰিছিল ছিলাপথাৰৰ চান্দমাৰীৰ নিবাসী ঋতুপৰ্ণ পেগুৱে ৷ তেওঁ পৰিয়ালসহ থাকিছিল গুৱাহাটীৰ কমাৰ্চ কলেজৰ সমীপৰ এটা ভাড়াঘৰত ।
ভাৰতীয় নাগৰিকত্ব পোৱা এজন অনুপ্ৰৱেশকাৰী
ভাৰত-বাংলা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীক লৈ সুদীৰ্ঘ অসমত প্ৰতিবাদৰ জুই জ্বলি আহিছে ৷ তেনে সময়তে অনুপ্ৰৱেশৰ আন এক তথ্য পোহৰলৈ আহিছে মানকাচৰত ৷ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী আৰক্ষী থানাৰ অন্তৰ্গত বগবান্ধা গাঁৱৰ মহম্মদ আলী নামৰ লোক এগৰাকীৰ পুত্ৰ মিলন মিঞাই দহ বছৰ বয়সত ভাৰতলৈ প্ৰৱেশ কৰিছিল মানকাচৰস্থিত ভাৰত-বাংলাৰ উন্মুক্ত সীমাৰে ৷ যুৱকজনৰ নাম সম্প্ৰতি অন্তৰ্ভুক্ত ভাৰতীয় ভোটাৰ তালিকাত ৷ 6 বছৰ পূৰ্বেই এগৰাকী স্থানীয় যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা মিলন মিঞাৰ নাম সন্নিবিষ্ট হৈছে ভাৰতীয় নাগৰিক পঞ্জীতো
ভাৰত ম্যানমাৰ সীমান্তৰ পৰা জব্দ বৃহৎ সংখ্যক মাৰণাস্ত্ৰ
ভাৰত ম্যানমাৰ সীমান্তৰ মণিপুৰৰ পৰা ড্ৰাগছ সহ উদ্ধাৰ হৈছে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ ৷ এক বিশেষ অভিযানত মনিপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে মাৰনাস্ত্ৰ খিনি । তাৰ পিছতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এক টুইট যুগে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীক দিয়ে এই তথ্য । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ টুইটাৰ যোগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দীৰ্ঘদিনৰ পৰা চলি অহা এই সমস্যা সমূহ সমাধানৰ বাবে আহ্বান জনায় ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি সীমান্তৰ উন্মুক্ত অৱস্থাৰ বাবে ম্যানমাৰৰ পৰা অবৈধ ভাৱে বিভিন্ন অসমাজিক কাৰ্য-কলাপ সংঘটিত হৈ আহিছে ।
ৰহিলা খুড়ীৰ খবৰ ল'বলৈ পাহৰিলে মুখ্যমন্ত্ৰীয়ে
ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে খুড়ীয়েক ৰহিলা সোণোৱালে ৷ শদিয়া সমষ্টিৰ হাহঁখাটি পঞ্চায়তৰ অন্তৰ্গত মুলুক গাঁৱত একমাত্ৰ পুত্ৰৰ সৈতে ভগা পঁজাত বাস কৰে ৰোগত আক্ৰান্ত মহিলাগৰাকীয়ে ৷
কোৱাৰেণ্টাইন চেণ্টাৰৰ খাদ্যত ওলাইছে কুমটি,পইতাচোৰা
ৰাজ্যখনৰ বহুকেইটা কোৱাৰেন্টাইন কেন্দ্ৰত খাদ্য আৰু স্বচ্ছতাৰ দিশত ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ এইবাৰ অভিযোগ আহিছে মৰাণৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা ৷ খোৱাত পোক আৰু চুলি পোৱাৰ অভিযোগ তুলিছে কোৱাৰেন্টাইন হৈ থকা লোকসকলে ৷
শাৰিৰীক অসুস্থতা আৰু আশ্ৰয়হীনতাই জুৰুলা কৰা এগৰাকী লোক
সুদীৰ্ঘ দিনে এখন সৰু দোকানৰ ভিতৰত এসাজ খাই এসাজ লঘুণে থাকি জীৱন সংগ্ৰাম কৰি গৈছে এগৰাকী 50 ৰ উৰ্ধৰ ব্যক্তিয়ে ৷ লোকজন নগাঁও জিলাৰ কঠিয়াতলীৰ মনোহৰ গাঁৱৰ তিলক দাস ৷ তিলক দাস নামৰ লোকজন আশ্ৰয়হীন হোৱাৰ লগতে শাৰিৰীকভাৱেও সক্ষম ৷ কোনো দুৰ্ঘটনাত বহু বছৰ আগতে তেওঁৰ এখন ভৰি অচল হৈ পৰে ৷ বহু বছৰ পূৰ্বে বাঁহ খেৰে নিৰ্মিত ঘুমটিৰ দোকান খনেই তেওঁৰ উপাৰ্জনৰ থল আছিল যদিও, সম্প্ৰতি সেইখনো হৈ পৰে বন্ধ ৷ যাৰ বাবে শাৰিৰীক অসুস্থতা আৰু আৰ্থিক অনাটনে সংকটত পেলাইছে অকলশৰীয়া লোকজনক ৷
নিয়ন্ত্ৰণত আছে ভাৰত-চীন সীমান্তৰ পৰিস্থিতি
ভাৰত-চীন সীমান্তত নিয়ন্ত্ৰণত আছে পৰিস্থিতি । এই সন্দৰ্ভত অনুষ্ঠিত হৈছে কেইবাখনো বৈঠক । শনিবাৰে সেনা জেনেৰেল প্ৰধান এমএম নৰভানে প্ৰকাশ কৰে এই কথা । এমএম নৰভানে আলোচনা মাধ্যমেৰে শীঘ্ৰে এই সমস্যা সমাধান কৰিব পৰা যাব বুলি আশা ব্যক্ত কৰে । তেঁও এই বিষয়ত শুকুৰবাৰে ভাৰতীয় আৰু চীনা সেনাবাহিনীৰ শীৰ্ষ নেতৃত্বৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰে ।
শীঘ্ৰেই মুক্তি পাব অজয় দেৱগনৰ দ্বি-ভাষিক ক্ৰাইম-থ্ৰীলাৰ ৱেব চিৰিজ 'লালবাজাৰ'
শীঘ্ৰেই মুক্তি পাবলগীয়া দ্বি-ভাষিক ক্ৰাইম-থ্ৰীলাৰ ৱেব চিৰিজ ‘লালবাজাৰ’ (Lalbazaar)ত দেখিবলৈ পোৱা যাব বলিউডৰ অভিনেতা তথা প্ৰযোজক অজয় দেৱগনক । লালবাজাৰ সন্দৰ্ভত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি অভিনেতাগৰাকীয়ে কয় যে, লালাবাজাৰৰ কাহিনী আৰক্ষীসকলৰ জীৱন সংগ্ৰামৰ আধাৰত নিৰ্মিত । আৰক্ষীসকলৰ কৰ্মক অনুসৰণ কৰা একেবাৰে সহজ কাম নহয় । নিজকে ভাগ্যৱান বুলি কৈ অজয় দেৱগনে কয় যে, আৰক্ষীৰ ইউনিফৰ্মত কাম কৰি তেওঁৰ বহুত ভাল লাগে ।
পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাত চোকা অস্ত্ৰৰে আক্ৰমন এটা পৰিয়ালক
বঙাইগাঁও জিলাৰ পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাত চাঞ্চল্যকৰ ঘটনা ৷ একেটা পৰিয়ালৰ 5 জনকৈ লোকক চোকা অস্ত্ৰৰে আক্ৰমণ চুবুৰীয়াৰ ৷ ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'ব লগীয়া হৈছে বাবুল ৰায় নামৰ ব্যক্তিজনৰ পৰিয়ালৰ পাঁচ গৰাকী লোক ৷ ঘটনাত গুৰুতৰ ভাৱে আহত হয় বাবুল চন্দ্ৰ ৰায়, ধৰিত্ৰী ৰায়, কৰবী ৰায়, বিতু কুমাৰ ৰায় আৰু ৰুমা ৰায় ৷