ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...... - TOP TEN NEWS OF 3 PM

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি......

TOP TEN NEWS OF 3 PM
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি......
author img

By

Published : Jun 12, 2020, 3:02 PM IST

গোৰেশ্বৰত পুনৰ 6 জনৰ দেহত কোভিড-19 ৰ অৱস্থিতি

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ গোৰেশ্বৰত পুনৰ 6 জন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-19 ৰ অৱস্থিতি ৷

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান একাংশ অস্থায়ী স্বাস্থ্যকৰ্মীৰ

দহ বছৰৰ অধিক সময় অস্থায়ী ভিত্তিত নিয়োজিত স্বাস্থ্যকৰ্মী সকলক সকলো চৰকাৰী সুবিধা প্ৰদানৰ বাবে উচ্চ ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশনাক অতি শীঘ্ৰেই কাৰ্যকৰী কৰাৰ আহ্বান টীয়ক এফ.আৰ.ইউৰ একাংশ অস্থায়ী স্বাস্থ্যকৰ্মীৰ ৷

জম্মু কাশ্মীৰত পুনৰ ভাৰতীয় সেনাৰ জালত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী

বৃহস্পতিবাৰে জম্মু কাশ্মীৰৰ শোপিয়া জিলাৰ খোজপুৰাৰ পৰা ভাৰতীয় সুৰক্ষা সেনাই আটক কৰে এজন লস্কৰ-ই-তৈবা (এলইটি)ৰ সন্ত্ৰাসবাদী সদস্যক । সন্ত্ৰাসবাদীজনৰ পৰা উদ্ধাৰ হয় এটা ৯ এম এম পিষ্টলসহ অন্যান্য যুদ্ধ প্ৰয়োজনীয় সামগ্ৰী ।

ভুৱা সাংবাদিকৰ নামেৰে ধন দাবী কৰা যুৱক আটক

গাঁও পঞ্চায়তৰ সভানেত্ৰীক দুৰ্নীতিৰ বাতৰি প্ৰচাৰ নকৰাৰ নামত ধন দাবী কৰা যুৱকক আটক আৰক্ষীৰ ৷ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ সভানেত্ৰীক ধন দাবী কৰিছিল যুৱকজনে ৷

যীশুখ্ৰীষ্টৰ সোণৰ মূৰ্তিসহ হাউলী আৰক্ষীৰ জালত 8 জনীয়া ডকাইতৰ দল

হাউলী আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীৰ এটা দলে, যীশুখ্ৰীষ্টৰ সোণৰ, 40 শহস্ৰাধিক টকাসহ 8 জনীয়া এটা অভিযুক্ত ডকাইতৰ দল আটক কৰে ৷

শিৱসাগৰৰ দিখৌ নৈত মৃতদেহ প্ৰত্যক্ষ

শিৱসাগৰ নগৰৰ দিখৌ নৈত এটা উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰা হৈছে ৷ শিৱসাগৰৰ ফুকন নগৰৰ সমীপেদি বৈ যোৱা নৈতখনত উটি গৈছিল মৃতদেহটো ৷

মিছামাৰীত বন বিষয়াৰ তৎপৰতাত সুস্থ হৈ উঠিল এজনী হাতী

বৰ্তমান শোণিতপুৰ জিলাৰ মিছামাৰীস্থিত গাভৰু খণ্ড কাৰ্যালয়ত বন বিভাগৰ তত্বাৱধানত আছে গৰাকীবিহীন এই মাইকী হাতীজনী ৷ পোহনীয়া হাতীজনীক বন কৰ্মীসকলে নাম দিছে জয়মালা ৷

বকোত পথ দুৰ্ঘটনাত নিহত এজন

বকোৰ অন্তৰ্গত চ'কাবাহাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে পুৱা সংঘটিত পথ দুৰ্ঘটনা ৷ পুৱা কৰ্মস্থলীলৈ খোজকাঢ়ি গৈ থকা সময়তে অচিনাক্ত বাহনৰ খুন্দাত থিতাতে মৃত্যু হয় এজন লোকৰ ৷

চতিয়াত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে তিনিটাকৈ পানী যোগান আঁচনি

কন্যকা বহুমুখী কৃষি পামত বৃহস্পতিবাৰে তিনিটা পানী যোগান আঁচনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

একেৰাহে ষষ্ঠ দিনৰ বাবে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

শুকুৰবাৰে একেৰাহে ষষ্ঠ দিনৰ বাবে বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য । শুকুৰবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ৫৭ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পাইছে ৫৯ পইচা ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.