বাঘজান ঘটনা সন্দৰ্ভত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া
বাঘজান তেল খাদত সংঘটিত হোৱা ভয়ংকৰ গেছ নিৰ্গমন তথা অগ্নিকাণ্ডৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
জম্মু কাশ্মীৰত পাক সেনাৰ আক্ৰমণত নিহত সেনা জোৱান
বুধবাৰে নিশাও সীমান্ত অঞ্চলত পাক সেনাই সৰু অস্ত্ৰ তথা মৰ্টাৰেৰে আক্ৰমন কৰে। সীমান্তৰ নাওচেৰা, বালাকোট আদি চেক্তৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত থকা প্ৰায় ১২ খনৰো অধিক গাঁৱত আক্ৰমন চলাই পাক সেনাই ।
সমূহীয়া পদত্যাগৰ হুংকাৰ দিল্লীৰ কস্তুৰবা হাস্পতালৰ আবাসিক চিকিৎসকৰ
বিগত তিনিমাহে দৰমহা লাভৰ পৰা বঞ্চিত হৈ আছে কস্তুৰবা হাস্পতালৰ আবাসিক চিকিৎসকসকলে । যদি ১৬ জুনৰ ভিতৰত তেওঁলোকক হাস্পতাল কৰ্তৃপক্ষই দৰমহা আদায় নিদিয়ে তেন্তে সমূহীয়া পদত্যাগ কৰাৰ হুংকাৰ চিকিৎসকসকলৰ ।
আই আই টি গুৱাহাটীৰ তিনি শিক্ষাৰ্থীৰ অভিনৱ উদ্ভাৱন
আই আই টি গুৱাহাটীৰ তিনি শিক্ষাৰ্থীৰ অভিনৱ উদ্ভাৱন ৷ বিমান যাত্ৰীক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰতিষ্ঠান খনৰ তিনিজন ছাত্ৰই মিলি উদ্ভাৱন কৰিছে FLYZY নামৰ এটা বিশেষ ম'বাইল এপ ৷ এই এপটোৰ জৰিয়তে প্ৰত্যক্ষ সম্পৰ্ক নৰখাকৈয়ে বিমান যাত্ৰী সকলে লাভ কৰিব পাৰিব বিভিন্ন সুবিধা ৷
কাঠফলা মিলৰ পৰা মাহিলী হিচাপত কমিচন সংগ্ৰহ কৰে বন বিভাগে !
নলবাৰীত দীৰ্ঘদিনৰ পৰা বন বিভাগৰ ছত্ৰছায়াত চলিছে লুণ্ঠনৰাজ । এক ষ্টিং অপাৰেচনত ফাদিল হৈছে বন বিভাগ আৰু কাঠফলা মিলৰ গৰাকীৰ মাজত থকা বুজাবুজিৰ কাহিনী ৷ জিলাখনৰ অবৈধ কাঠফলা মিলৰ পৰা বিভাগে মাহিলী হিচাপত মধ্যভোগীৰ হতুৱাই আদায় কৰে ধন ।
ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনাঃ এজনৰ অৱস্থা সংকটজনক
গুৱাহাটীৰ পৰা নলবাৰী অভিমুখী AS-01DH-8102 নম্বৰৰ এখন মাৰুতি K10 গাড়ীয়ে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দিয়াই থৈ যায় এগৰাকী বাইক আৰোহীক ।
গোলাঘাটত ব্যাপক হাৰত লুণ্ঠন বনজ সম্পদ
গোলাঘাটত প্ৰশাসনৰ চকুত ধূলি মাৰি একাংশই অব্যাহত ৰাখিছে বনজ সম্পদৰ লুণ্ঠন ৷ বৃহৎ পৰিমাণৰ শিল-বালি কঢ়িয়াই অনা চাৰিখন ট্ৰাক বৃহস্পতিবাৰে জব্দ কৰে বন বিভাগে ৷ এই সম্পৰ্কত বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি বন বিষয়া ভাস্কৰ ডেকাই সংবাদমাধ্যমক জনায় ৷
মুম্বাইত আৱদ্ধ হোজাইৰ 40 জন শ্ৰমিকক ৰাজ্যলৈ ঘূৰাই পঠালে চনু চুডে
শেহতীয়াকৈ জনপ্ৰিয় অভিনেতা চনু চুডে মুম্বাইৰ পৰা হোজাইলৈ 40 জন শ্ৰমিকক প্ৰেৰণ কৰিছে ৷ চনু চুডৰ এই মহানতাই সম্প্ৰতি বহুজনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷
এজন ছাত্ৰৰ বাবেই মেৰামতি হ'ল এখন গাৱঁৰ পথ
বৰপেটা জিলাৰ পালহাজীলৈ যোৱা পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ পিচত, আকস্মিকভাৱে পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিলে গড়কাপ্টানি বিভাগে ৷
বছৰৰ প্ৰথমটো বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
বছৰৰ প্ৰথমটো বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ কাজিৰঙাত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ।