বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ্যমন্ত্ৰী সোণোৱালৰ
বাঘজানৰ ভুক্তভোগী ৰাইজক যিকোনো প্ৰকাৰৰ সহায় সহযোগিতাৰ বাবে মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশ্বাস দিয়াৰ লগতে সকলোকে আতংকিত নহৈ পৰিস্থিতিৰ সৈতে মুকাবিলা কৰিবৰ বাবে আহ্বান জনায় ৷ লগতে বাঘজানৰ গেছ নিৰ্গমণস্থলীত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে মুখ্যমন্ত্ৰী গৰাকীয়ে বাৰ্তালাপ কৰা বুলিও জানিবলৈ দিয়ে ৷
সুৰক্ষিত নহয় বিশ্বনাথ পানপুৰ মথাউৰি
মথাউৰি নিৰ্মাণৰ নামত জল সম্পদ বিভাগৰ ভেকো ভাওনা ৷ প্ৰায় 4 লক্ষ মানুহৰ বাবে ভাবুকি কঢ়িয়াইছে বিশ্বনাথৰ পানপুৰ মথাউৰিয়ে ৷ পানপুৰ মথাউৰি মেৰামতিৰ কামত চৰকাৰে গাফিলতি কৰাৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক নুৰজামাল সৰকাৰে ৷
ৰাজ্যপালৰ নিৰ্দেশ অমান্য কৰি অব্যাহত শিল-বালিৰ খনন
বিটিচিত অব্যাহত থকা ৰাজ্যপালৰ শাসনক ভেঙুচালি প্ৰদৰ্শন কৰি চিৰাঙত অবৈধভাৱে সংগ্ৰহ কৰা হৈছে শিল-বালি । বিভাগীয় নিষেধাজ্ঞা থকাৰ পিছতো নদীৰ পৰা অবৈধ মহলসমূহে সম্প্ৰতি ব্যস্ত হৈ পৰা দেখা গৈছে শিল-বালি সংগ্ৰহ কৰা ৷ চকুমুদা কুলিৰ ভূমিকা গ্ৰহণ বন বিভাগৰ ।
ৰোগীৰ মৃত্য়ুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি
পৰিয়ালৰ অভিযোগ অনুসৰি চিকিৎসকৰ ভুলৰ বাবেই নগাঁৱৰ জি.ডি চিকিৎসালয়ত, এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পূৰ্বতেও চিকিৎসালয় খনত এনে ভুল হোৱাৰ অভিযোগ উত্থাপন কৰি চিকিৎসালয়খন ছীল কৰি দিয়াৰ দাবী উত্থাপন কৰিছে একাংশ স্থানীয় লোকে ৷
বিশাখাপট্টনমৰ গেছ নিৰ্গমণ সন্দৰ্ভত তদন্ত কমিটিয়ে ২২ জুনত চৰকাৰক দিব লাগিব প্ৰতিবেদন
অন্ধ্ৰ প্ৰদেশৰ চৰকাৰে বিগত মাহত সংঘটিত বিশাখাপট্টনম গেছ লিক হোৱা ঘটনা সন্দৰ্ভত গঠন কৰা কমিটিত পুনৰ চাৰিজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰে । এই কমিটিখনে আগন্তুক ২২ জুনত চৰকাৰ ওচৰত ঘটনা সন্দৰ্ভত সকলো তথ্য সদৰি কৰিব লাগিব বুলিও সদৰি কৰে ।
বাঘজান তৈল খাদ অগ্নিকাণ্ড : কৰ্তৃপক্ষৰ বিৰুদ্ধে ঘটনা গাপ দিয়াৰ অভিযোগ
বুধবাৰে পুৱা আটাছু, মটক আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ সদস্যসকলে অগ্নি নিৰ্বাপন বিভাগৰ সহকাৰী পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰে । এই ঘটনাৰ তদন্ত কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদান আৰু মৃত দুই কৰ্মচাৰীৰ পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাই ছাত্ৰ সংগঠনৰ সদস্যসকলে ৷
বাঘজানৰ পৰিস্থিতি পৰিদৰ্শন পলাশ চাংমাইৰ
বাঘজানৰ অগ্নিকুণ্ড পৰিদৰ্শন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ ৷ সংগঠনটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে অগ্নিকাণ্ডৰ ফলত হোৱা সকলো ব্যয়ৰ ক্ষতিপূৰণ দিবলৈ অইল কৰ্তৃপক্ষক দাবী জনায় ৷
প্ৰতিলিটাৰ পেট্ৰ'লত ৪০ পইচা আৰু ডিজেলত ৪৫ পইচাকৈ বৃদ্ধি
বুধবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। ধাৰাবাহিকভাৱে চতুৰ্থ দিনৰ বাবে দেশত বৃদ্ধি হৈছে এই মূল্য। বুধবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ৪০ পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৪৫ পইচাকৈ বৃদ্ধি পায় প্ৰতিলিটাৰ ডিজেলৰ মূল্য।
মহানগৰীত পিপিই কিট আতংক
গুৱাহাটী মহানগৰীত পুনৰ পিপিই কিটৰ আতংক । মহানগৰীৰ উলুবাৰীত বিগত দুদিনে পৰি ৰৈছে এটা পিপিই কিট । আৰক্ষী-প্ৰশাসনৰ সময় নাই পিপিই কিটতো আঁতৰাই নিবলৈ ৷ ফলত আতংকিত হৈ পৰিছে জনসাধাৰণ ৷
বকোত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু
বকোৰ সোণতলীত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু ৷ নিজ ঘৰতে বিদ্যুতৰ তাঁৰ মেৰামতি কৰিবলৈ লওঁতে বিদ্যুৎস্পৃষ্ট হয় লোকজন ৷