নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিজেপিত যোগদান বিপিএফ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীৰ
৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীৰ বিজেপিত যোগদান ৷ সমষ্টিটোত বিপিএফ কৰ্মীৰ মাজত হাহাকাৰ পৰিস্থিতি ৷
হাগ্ৰামাই এতিয়া কেৱল আজমলকহে ভাল পায়: হিমন্ত বিশ্ব শৰ্মা
৬২ নং বৰমা সমষ্টিৰ কদমতলত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূপেন বড়োৰ সমৰ্থনত বিশাল গণ সমাবেশত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ইউপিপিএল মানে বিজেপি, বিজেপি মানে এজিপি এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷
আজমলে সংখ্যালঘু ৰাইজক লজ্জানত কৰিছে: শ্বহিদুল ইছলাম
জনীয়া সমষ্টিৰ অন্তৰ্গত খৰিচলাত বৃহস্পতিবাৰে মিত্ৰজোঁট তথা বিজেপি প্ৰাৰ্থী অধিবক্তা শ্বহিদুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ ৷ বদৰুদ্দিন আজমলে সমগ্ৰ ধৰ্মীয় সংখ্যালঘু লোকক অসমবাসীৰ আগত লজ্জানত আৰু অপমানিত কৰিছে বুলি মন্তব্য প্ৰাৰ্থীগৰাকীৰ ৷
মুখ্যমন্ত্ৰী নহয় আজমল
"100 শতাংশ আসন লাভ কৰি চৰকাৰ গঠন কৰিব মহাজোঁটে ৷" এই মন্তব্যৰে আজি পশ্চিম বিলাসীপাৰা সমষ্টিৰ ঢেমঢেমাত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলায় এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে ৷ আজমলে প্ৰচাৰ কালত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হোৱা বিষয়টো সম্পূৰ্ণৰূপে নস্যাৎ কৰে ৷
2 মে'ৰ পিচত ৰাজ্যবাসীয়ে বিজেপিৰ শ্ৰাদ্ধ পাতিব: হাগ্ৰামা
ভাৰত-ভূটান সীমান্তৰ আমটেকাত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত বিপিএফ প্ৰাৰ্থী চন্দন ব্ৰহ্মৰহৈ প্ৰচাৰ চলাই হাগ্ৰামাই ৷ ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্তক কটাক্ষ কৰি মহিলাৰীয়ে কয়, বিজেপি মূৰ্খৰ দল ৷ শিক্ষিত লোকক গুৰুত্ব নিদিয়ে বিজেপিয়ে, আমাৰ মহাজোঁটত থকা প্ৰতি গৰাকী লোকে শিক্ষিত ৷ হিমন্তই আমাৰ প্ৰতীক নাঙলক মিউজিয়ামত থ'ব নোৱাৰে দুদিন পাচত আমিহে হিমন্তক বাংলাদেশৰ মিউজিয়ামত থৈ আহিম ৷
আইজলত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ
আইজলত বুজনসংখ্যক স্ৱয়ংচালিত অস্ত্ৰ উদ্ধাৰ ৷ মিজোৰাম আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযানত উদ্ধাৰ হৈছে এই অস্ত্ৰ ৷ ঘটনা সন্দৰ্ভত তিনিজনক আটক ৷
মিজোৰামত তিনিগৰাকী লোক নতুনকৈ ক'ভিড-19 আক্ৰান্ত
মিজোৰামত ক'ভিড-19 ত নতুনকৈ আক্ৰান্ত হ'ল তিনিগৰাকী লোক ৷ 1 এপ্ৰিললৈ ৰাজ্যখনত সক্ৰিয় অৱস্থাত ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা 29 গৰাকী হোৱাৰ বিপৰীতে ৰাজ্যখনৰ মুঠ ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা 4476 ৷
জম্মু আৰু কাশ্মীৰৰ পুলৱামাত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ
জম্মু আৰু কাশ্মীৰৰ পুলৱামা জিলাৰ কাকাপোৰা অঞ্চলত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয় ৷ সূত্ৰ অনুসৰি, অঞ্চলটোত তিনিজন এলইটি-সহযোগী উগ্ৰপন্থী লুকাই আছে ।
তেজৰ কৰ্কট ৰোগত আক্ৰান্ত প্ৰবীণ অভিনেত্ৰী কিৰণ খেৰ
তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে প্ৰবীণ অভিনেত্ৰী তথা বিজেপি সাংসদ কিৰণ খেৰ । টুইটযোগে এই কথা প্ৰকাশ কৰিলে কিৰণ খেৰৰ স্বামী তথা অভিনেতা অনুপম খেৰে । পত্নীক 'যোদ্ধা' আখ্যা দি অনুপম খেৰে কয় যে, কিৰণ খেৰ সোনকালেই আৰোগ্য হৈ উঠিব ।
কৰ'ণাৰ বাবেই অলিম্পিকৰ আশা ভংগ কেনোয়িং খেলুৱৈ ষ্টেফী ক্ৰিজাৰষ্টেইনৰ
ক্ৰিজাৰষ্টেইনে জনোৱা মতে তেওঁ ডিচেম্বৰত কৰ'ণাত সংক্ৰমিত হৈছিল আৰু তাৰ পিছতে অসুস্থ হৈ পৰিছিল । তেতিয়াৰ পৰাই ১০০ শতাংশ আৰোগ্য লাভ কৰিব পৰা নাই তেওঁ, আনকি অনুশীলনৰ কথাও চিন্তা কৰা পৰা নাই যাৰ বাবে স্বাস্থ্যক প্ৰাধান্য দিছে খেলুৱৈগৰাকীয়ে ।