ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Mar 25, 2021, 9:03 AM IST

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 9 am
9 বজাৰ শীৰ্ষ দহটা বাতৰি

ভূপেশ বাঘেলৰ সৈতে কংগ্ৰেছী প্ৰাৰ্থী ৰাজকুমাৰ নেওঁগৰ বিশাল ৰেলী

ডিব্ৰুগড়ত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজকুমাৰ নীলনেত্ৰ নেওঁগৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ৷ ৰেলীত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি ড0 ৰমন সিঙক তীব্ৰ সমালোচনা কৰে বাঘেলে ৷

পুনৰ CAA বিৰোধিতাৰে উত্তপ্ত ৰাজ্য

মঙলবাৰে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শীঘ্ৰে কা বলৱৎ কৰা হ'ব বুলি মন্তব্য কৰাৰ পিচতে এতিয়া উত্তপ্ত হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ শদিয়াৰ পৰা ধুবুৰীলৈ সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৷

নজৰুল হকৰ নিৰ্দেশত হিংসাত্মক কাণ্ড সংঘটিত কৰাৰ অভিযোগ বিজেপি কৰ্মীৰ

নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী থকাৰ সময়তে ৰাজ্যত পোহৰলৈ আহিছে ইটোৰ পাচত সিটো নিৰ্বাচনী হিংসাৰ ঘটনা ৷ বুধবাৰে সন্ধিয়াৰ ভাগত ধুবুৰীৰ আদাবাৰীত সংঘটিত হয় অনুৰূপ ঘটনা ৷ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা এ এছ 17 এ 8455 নম্বৰৰ গাড়ীত একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

এইবেলি ধুবুৰীতো পদুম ফুলিব: শ্বাহনাৱাজ হুছেইন

বিজেপিৰ কেন্দ্ৰীয় ষ্টাৰ কেম্পেইনাৰ তথা বিহাৰৰ কেবিনেট মন্ত্ৰী শ্বাহনাৱাজ হুছেইনে বুধবাৰে ধুবুৰীত এখন সংবাদমেল সম্বোধন কৰে। দুদিনীয়া নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী লৈ মঙলবাৰে ধুবুৰীত উপস্থিত হোৱা কেবিনেট মন্ত্ৰী গৰাকীয়ে কয়, এইবেলিও ৰাজ্যত বিজেপিৰ চৰকাৰ হোৱাৰ লগতে ধুবুৰীতো পদুম ফুলিব ৷

অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ ৰেলীত মেধা পাটকাৰ

শিৱসাগত আজি অখিল গগৈ হৈ মাতৃ প্ৰিয়দা গগৈ নেতৃত্বত শিৱসাগৰত এক বৃহৎ ৰেলী উলিওৱা হয় ।এই ৰেলীত নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰে অংশগ্ৰহণ কৰি কয়, ’ৰাষ্ট্ৰই অন্যায় ভাৱে কৃষক নেতা অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখিছে ৷ গণ আন্দোলনলৈ শাসকে ভয় কৰে ৷’

বিজেপিৰ পৰা বহিষ্কৃত ৰাহুল নাইডিং

বিজেপি দলৰ পৰা বহিষ্কৃত কৰা হ'ল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বিজেপি সদস্য ৰাহুল নাইডিং ৷ মঙলবাৰে মাহুৰৰ জোৰাই বাটাৰি গাঁৱত নিশা 12 বজাত এখন সভা পাতি দলৰ বিৰুদ্ধে গৈ অন্য দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই দলৰ নিয়ম-নীতি উলংঘা কৰাৰ বাবে ৰাহুল নাইডিঙক বিজেপি দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কৃত কৰা হয় ৷

নির্বাচনী প্ৰচাৰ মাজতে বিজেপি নেতাৰ বিতৰ্কিত মন্তব্য

বিজেপিৰ দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰা সঞ্জয় কিষাণৰ নিৰ্বাচনী প্ৰচাৰত উপস্থিত থকা ৰংগদুলাল দে নামৰ বিজেপি নেতা তথা শ্ৰীপুৰিয়া ১ নং ৱাৰ্ড কমিচনাৰৰ লগতে তিনিচুকীয়া পৌৰসভাৰ প্ৰাক্তন উপ-পৰিদৰ্শকজনে বক্তব্য আগবঢ়াই কয় যে, "মই বাংলাদেশৰ পৰা আহিছো, আমি সকলোৱে বাংলাদেশৰ পৰা খেদা খাই আহিছো, সেয়েহে বিজেপিক ভোট দিয়ক, বিজেপিয়ে আমাক ৰক্ষণাবেক্ষণ দিছে"৷

বিশাল ৰেলীৰে মৰাণত চক্ৰধৰ গগৈৰ শক্তি প্ৰদৰ্শন

বুধবাৰে মৰাণৰ ৰাজপথত কেইবা শতাধিক দলীয় সমৰ্থকক লগত লৈ বিধায়কজনে বিশাল ৰেলী বাহিৰ কৰি শক্তি প্ৰদৰ্শন কৰে । ১৬ ৰ বিধানসভা নিৰ্বাচনতকৈ এইবাৰ বেছি ভোট পাই জয়ী হোৱাৰ বুলি দাবী কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ।

ত্ৰিপুৰা জিলা পৰিষদৰ নিৰ্বাচন: ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰস্তুতি তুংগত

সমাগত ত্ৰিপুৰাৰ জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচন । ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক দলসমূহে । নিজৰ দলৰ লগতে মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাইছে বিজেপি আৰু আইপিএফটিয়ে । ৰাজ্যখনৰ ভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিছে টিআইপিআৰএ-ও ।

কোন হ'ব পৰৱৰ্তী মুখ্য ন্যায়াধীশ ? পৰামৰ্শ আগবঢ়ালে এছ এ ববডেই

এনভি ৰমনক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিয়োজিত কৰাৰ পৰামৰ্শ ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ ববডেৰ । এই পৰমৰ্শৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে বৰ্তমানৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.