7 বজাৰ শীৰ্ষ দহটা বাতৰি...
দলৰ মজিয়াত অপমানিত হোৱাৰ বাবেই পদত্যাগ কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে
পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ পদত্যাগ ৷ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ সৈতে কথা পাতি শনিবাৰে পুৱাই এই সিদ্ধান্ত অৱগত কৰিছিল তেওঁ ৷
তৃণমূল কংগ্ৰেছত যোগদান পশ্চিমবংগৰ ৰাজনীতিৰ 'ঝালমুৰী মানৱ' খ্যাত বাবুল চুপ্ৰিয়ৰ
মাত্ৰ কেইমাহমান আগলৈকে মমতা বেনাৰ্জী(Mamta Benarjee)ক দুৰ্নীতিগ্ৰস্ত, নিষ্ঠুৰ মহিলা আখ্যা দিয়া বাবুল সুপ্ৰিয়(Babul Supriyo)ই অৱশেষত দিদিৰ নেতৃত্বত ৰাজনীতিৰ পথাৰত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত ল'লে । তৃণমূল কংগ্ৰেছৰ সদস্যপদ গ্ৰহণ কৰিলে প্ৰাক্তন বিজেপি সাংসদগৰাকীয়ে ।
অসমৰ ৫২ টা প্ৰকল্প অসম্পূৰ্ণ ; প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বিচাৰিছে প্ৰতিবেদন
অসমত চলি থকা সৰ্বমুঠ ৫২ টা কেন্দ্ৰীয় প্ৰকল্পৰ নিৰ্মাণৰ কাম এতিয়া সম্পূৰ্ণ হোৱা নাই ৷ ক্ষুব্ধ হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় । ইতিমধ্যে এই প্ৰকল্প সমূহ ৰূপায়ণ কৰি থকা সংশ্লিষ্ট বিভাগ সমূহলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি কৰা হৈছে ।
গৰাকীৰ অজ্ঞাতে 100 বিঘা মাটি নামজাৰি হ'ল অন্য লোকৰ নামত
গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দক্ষিণ হেঙেৰা কাঠনি পথাৰত নাইকীয়া হ'ল 100 বিঘা ম্যাদী পট্টাৰ মাটি । টকী ৰহমান হাজৰিকা নামৰ এজন মৃত ব্যক্তিৰ নামত আছিল উক্ত মাটি খিনি ।
মেৰাপানীত নগাৰ আগ্ৰাসন, অসমীয়া লোকৰ ভূমি বেদখল
অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীত পুনৰ নগাৰ আগ্ৰাসন । মেৰাপানীৰ ২ নং ওপৰ তৰাণি গাঁৱত অসমীয়া লোকৰ ভূমিত নগাই সাজিছে ঘৰ । চি আৰ পি এফৰ নিৰ্দেশকো গুৰুত্ব দিয়া নাই নগাই ।
উপ-নিৰ্বাচনত বিৰোধীৰ ঐক্যক লৈ চলা চৰ্চাৰ অন্ত
উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰা অখিল গগৈয়ে প্ৰথমেই ঘোষণা কৰিলে থাওৰা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম । উপ নিৰ্বাচনত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দিতা কৰিব । ভৱানীপুৰ আৰু গোসাইগাঁৱত প্ৰাৰ্থী দিব এআইইউডিএফ দলে । থাওৰাত চিপিআই দলেও প্ৰতিদ্বন্দিতা কৰিব । এতিয়াও অস্পষ্ট অসম জাতীয় পৰিষদৰ ভূমিকা। বিৰোধীৰ ভোট বিভাজনে যে, প্ৰকান্তৰে বিজেপিক সহায় কৰিব সেয়া প্ৰায় নিশ্চিত ।
আগন্তুক 72 ঘন্টাৰ ভিতৰত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা
ম্লান পৰিব পাৰে নেকি আগন্তুক দূৰ্গা পূজাৰ প্ৰস্তুতিত ! আগন্তুক 72 ঘন্টাৰ ভিতৰত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ৷
মেগা টীকাকৰণ : এদিনতে ৭.৪২ লাখ লোকৰ অংশগ্ৰহণ
বিশাল টীকাকৰণ অভিযান কাৰ্যসূচী ৰাজ্যৰ মুঠ ৪,৫৭৫ টা ভেকচিন চেণ্টাৰত হৈছিল । ইয়াৰে ৪,৫৫৭ টা আছিল চৰকাৰী আৰু ১৮ টা আছিল বেচৰকাৰী চেণ্টাৰ । ৰাজ্যৰ ৩৩ খন জিলাক সামৰি মেগা টীকাকৰণ অভিযানৰ যোগেদি এটা দিনত ৮ লাখ লোকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৰাজ্য চৰকাৰে । বিগত ২৪ ঘণ্টাত মুঠ ২৭০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৯ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে ।
চনু চুডৰ বিৰুদ্ধে 20 কোটিৰো অধিক কৰ ফাঁকিৰ অভিযোগ
বলিউদৰ অভিনেতা চনু চুডৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ ৷ অভিনেতাগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে 20 কোটিৰো অধিক কৰ ফাঁকি দিয়াৰ অভিযোগ ৷ CBDT(Central Board of Direct Taxes)য়ে অভিনেতাগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ৷
ৰবি শাস্ত্ৰীৰ পিছত ভাৰতীয় দলৰ প্ৰশিক্ষক হ’ব অনিল কুম্বলে !
সমাগত টী20 বিশ্বকাপ ৷ ইতিমধ্যে টী20 বিশ্বকাপৰ পিছতে টী20 ফৰমেটত অধিনায়ক পদৰ পৰা পদত্যাগ কৰিব বিৰাট কোহলীয়ে ৷ আনহাতে এই শৃংখলা খনৰ পিছতে কাৰ্যকাল শেষ হ’ব মুখ্য় প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰো ৷ পৰৱৰ্তী প্ৰশিক্ষকৰ বাবে BCCI ৰ হাতত আছে দুটাকৈ নাম ৷