ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি... - পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 5 pm
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Oct 20, 2021, 5:05 PM IST

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

যোৰহাট সদৰ থানাত এগৰাকী অভিযুক্তৰ আত্মহত্যা

যোৰহাট সদৰ থানাত চাবিৰ আনচাৰী নামৰ এজন অভিযুক্তৰ আত্মহত্যা । অভিযুক্ত জনৰ ঘৰ যোৰহাটৰ ঢাকাপট্টিত । এক চুৰিকাণ্ডৰ অভিযোগত যোৰাহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চাবিৰ আনচাৰীক ৷ থানাৰ TOILET ত আত্মহত্যা কৰে চাবিৰ আনচাৰীয়ে ৷ নিশাই চাবিৰ আনচাৰীক যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছিল যদিও সেই সময়লৈ মৃত্যু হৈছিল অভিযুক্ত গৰাকীৰ ৷

আই আৰু নাঙলভাঙা নৈৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি; যোগাযোগ ব্যাহত

অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে আই আৰু নাঙলভাঙা নৈৰ জলস্তৰ ৷ ব্যাহত হৈ পৰিছে নাঙলভাঙা, আমটেকা, ঔগুৰি, পাটাবাৰী আদি অঞ্চলৰ যোগাযোগ ব্যৱস্থা ৷ দুদিন ধৰি ধাৰাষাৰ বৰষুণৰ ফলত ভূটানৰ পৰা নামি অহা পানীয়ে বৃদ্ধি কৰিছে নদী দুখনৰ জলস্তৰ ৷ বাঢ়নী পানীয়ে উটুৱাই নিলে মাদাৰপুৰ আৰু নাঙলভাঙাৰ বাঁহৰ দলং ৷ দুদিন পূৰ্বে নিৰ্মাণ কৰা হৈছিল দলংখন ৷ উল্লেখ্য যে, বাৰিষা নাৱেৰে আৰু খৰালি বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত কৰে অঞ্চলকেইটাৰ ৰাইজে ৷

আৰিয়ান খান আৰু দুই সহযোগীৰ জামিন আবেদন নাকচ

পুনৰ জামিন আবেদন নাকচ হ’ল মুম্বাইত ড্ৰাগছ পাৰ্টিৰ গোচৰত গ্ৰেপ্তাৰ আৰিয়ান খান আৰু তেওঁৰ দুই সহযোগীৰ ৷ বুধবাৰে মুম্বাইৰ NDPSৰ বিশেষ আদালতে তিনিওৰে জামিন আবেদন নাকচ কৰে ৷

মুখ্যমন্ত্ৰীৰ উচতনিতে বৰাকত অসমীয়া ভাষাক অপমানিত কৰা হৈছে : শিখা শৰ্মা

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উচতনিতে বৰাকত অসমীয়া ভাষাক অপমান কৰা হৈছিল ৷ মুখ্যমন্ত্ৰীয়ে বৰাকত পূজা দিবলৈ যোৱাৰ চলেৰে গৈ সাম্প্ৰদায়িক মন্তব্য কৰিছিল, যাৰ ফলশ্ৰুতিতে বৰাকত অসমীয়া ভাষাক চূড়ান্তভাৱে অপমান কৰিবলৈ সাহস কৰিলে দুৰ্বৃত্তই ৷ কামৰূপৰ বাইহাটা চাৰিআলিত উপস্থিত হৈ মুখ্যমন্ত্ৰীক উদ্দেশ্যি এই বিস্ফোৰক মন্তব্য প্ৰায়ে বিতৰ্কত নাম সাঙোৰ খোৱা শিখা শৰ্মাৰ ৷

বকেয়া পৰিবহণ কৰ আদায় নিদিয়া বাহনৰ গৰাকীলৈ কঠোৰ নিৰ্দেশনা

30 অক্টোবৰৰ ভিতৰত বকেয়া কৰ আদায়, ম্যাদ উকলি যোৱা অনুজ্ঞাপত্ৰ, নথি-পত্ৰ নবীকৰণ কৰিবলৈ আহ্বান পৰিবহণ বিভাগ(Transport Department)ৰ । বকেয়া কৰ আদায় নিদিয়াসকলৰ পৰা আদায় কৰা হ’ব জৰিমনা । 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ পূৰ্বে বকেয়া কৰ আদায় দিবলৈ বাকী থকা বাহনৰ গৰাকীসকলৰ পৰা অতিৰিক্ত জৰিমনা আদায় কৰা হ’ব ৷

সুশান্তক উদ্ধাৰৰ বাবে থাওৰালৈ আজি ৰাজ্যিক বিজেপিৰ সভাপতি

উপ-নিৰ্বাচনলৈ মাথো 11 দিনহে বাকী ৷ নিৰ্বাচনী প্ৰচাৰেৰে ভোটাৰৰ মন জয় কৰিবলৈ সমষ্টিসমূহত ভিৰ কৰিছেহি ৰাজনৈতিক নেতাসকলে ৷ বিগত সময়ত কংগ্ৰেছ নেতা তথা থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহায়ে(Sushanta Borgohain) দল ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিছিল ৷

ভৱানীপুৰত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেন বৰাই

ৰাজ্যত উপ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী ৷ ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷ বিজেপিয়ে যিমানেই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে, সিমানেই কংগ্ৰেছেও নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে ৷ মঙলবাৰে বাক্সাত ভৱানীপুৰৰ কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে ভূপেন কুমাৰ বৰাই ৷

আন্তৰ্জাতিক প্ৰকল্প Extrapolations ত দেখা যাব আদৰ্শ গৌৰৱক

অস্কাৰ বিজয়ী Meryl Streep ৰ সৈতে আন্তৰ্জাতিক প্ৰকল্প Extrapolations ৰ বাবে সাজু অভিনেতা আদৰ্শ গৌৰৱ(Adarsh Gourav) ৷ প্ৰডাকচনৰ কাম চলি থকা ছবিখনে পৃথিৱীত আহিবলগীয়া পৰিৱৰ্তনে কেনেদৰে ভালপোৱা, বিশ্বাস, কাম তথা পৰিয়ালৰ ওপৰত প্ৰভাৱ পেলাব তাৰ এক কাহিনী তুলি ধৰিব ৷

কেৰালাত ধাৰাসাৰ বৰষুণ : পেৰিয়াৰ নদীৰ সমীপৰ অঞ্চলত হাই এলাৰ্ট জাৰি

মুষলধাৰ বৰষুণে সংহাৰী ৰূপ ধাৰণ কৰিছে কেৰালা(Kerala)ত । ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ওফন্দি উঠিছে নদীৰ জলপৃষ্ঠ । ইডুক্কি বান্ধৰ পানী এৰি দিয়াৰ পাচতে পেৰিয়াৰ নদীৰ সমীপৰ অঞ্চলসমূহত হাই এলাৰ্ট জাৰি প্ৰশাসনৰ । বৰষুণৰ ফলত এতিয়ালৈকে ৰাজ্যখনৰ ২৭ জন লোকে প্ৰাণ হেৰুৱাইছে ।

আৰিয়ান খানক আটক সন্দৰ্ভত কি ক’লে জাভেদ আখতাৰে ?

ড্ৰাগছ(Drugs)ৰ গোচৰত আৰিয়ান খান(Aryan Khan) আটক হোৱাৰ সন্দৰ্ভত প্ৰসিদ্ধ গীতিকাৰ জাভেদ আখতাৰে(Javed Akhtar) কয় যে, হিন্দী চলচ্চিত্ৰ উদ্যোগ ‘হাই প্ৰফাইল’(High Profile) হোৱাৰ বাবে অধিক তদন্তৰ আওতাত থাকিবলগীয়া হয় ৷ সেইবাবে হিন্দী ছবি উদ্যোগে এইক্ষেত্ৰত উচ্চহাৰত মূল্য পৰিশোধ কৰিব লাগে ৷ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান(Shah Rukh Khan)ৰ পুত্ৰ আৰিয়ান খানক মুম্বাইৰ ক্ৰুজ ড্ৰাগছ গোচৰত আটক কৰাৰ পাচতে বলীউডৰ কলা-কুশলীসকলৰ সংস্কাৰকলৈ প্ৰশ্ন উত্থাপন হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এইদৰে মন্তব্য আগবঢ়ায় প্ৰসিদ্ধ গীতিকাৰ তথা লেখক জাভেদ আখতাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.