ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি... - শীৰ্ষ দহটা বাতৰি

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 5 pm
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Sep 22, 2021, 5:04 PM IST

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

ড৹ কুলধৰ শইকীয়ালৈ ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা

অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়ালৈ ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান কৰিছে অৰুণোদয় সাহিত্য সভা আৰু ড৹ ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিয়ে ৷ ড৹ ময়িদুল ইছলাম বড়া অসমৰ প্ৰথম গৰাকী ডক্টৰেট হোৱাৰ লগতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল ।

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰসংগকলৈ সংবাদমেলত সৰৱ সাংসদ ৰিপুন বৰা

লোকসভা আৰু ৰাজ্যসভা মিলাই বিজেপিৰ মুঠ ৩৮৮ গৰাকী সাংসদৰ ভিতৰত প্ৰায় ৪৫ গৰাকী সাংসদ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ ভিতৰত পৰে । বৰ্তমানলৈ ১৪ গৰাকী ব্যক্তি দেশৰ প্ৰধানমন্ত্রী হৈছে আৰু ইয়াৰে ৬ গৰাকী কংগ্ৰেছ দলৰ । আনহাতে ৬ গৰাকীৰ ভিতৰত ৩ গৰাকী প্ৰধানমন্ত্রী হৈছে গান্ধী পৰিয়ালৰ ।

উত্তৰ গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

বুধবাৰৰ পৰা দুদিনীয়াকৈ উত্তৰ গুৱাহাটীত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে ৷ কাৰ্যসূচী মতে, ১০ বজাত বিষয় ববীয়া সভা, ১ বজাত পঞ্জীয়ন, ২ বজাত পতাকা উত্তোলন, বৃক্ষ ৰোপন, প্ৰদৰ্শনী উন্মোচন, ২-৩০ বজাত কাৰ্যনিৰ্বাহক সভা, নিশা ১০-৩০ বজাত ধন্যবাদ সূচক ভাষণ ।

এক লাখৰো অধিক লোকক লৈ NHPC অৱৰোধ কৰিব AJYCP য়ে

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকাৰী প্ৰতিষ্ঠান NHPC ৰ বিৰুদ্ধে কৰা অহিংস গণতান্ত্ৰিক আন্দোলনক চৰকাৰে আজ্ঞাবাহী অসম পুলিচৰ দ্বাৰা বল প্ৰয়োগ কৰি নিৰ্যাতন চলাই মষিমূৰ কৰা কাৰ্যক তীব্ৰ ভাৱে গৰিহণা দিয়ে ৷ লগতে অনাগত দিনত আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

25 ছেপ্তেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা

25 ছেপ্তেম্বৰৰ পৰা 8 অক্টোৱৰলৈ অনলাইন আৰু অফলাইন উভয় পদ্ধতিৰে অনুষ্ঠিত কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা ৷ ইতিমধ্যে ইয়াৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিছে এছ অ’ পি ৷

মণি কাকতিক যাৱজ্জীৱন কাৰাদণ্ড মৰিগাঁও জিলা সত্ৰ ন্যায়ালয়ৰ

শিশু হত্যাৰ গোচৰত অভিযুক্ত মণি কাকতিক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত মৰিগাঁও জিলা সত্ৰ ন্যায়াধীশ বিচাৰপীঠৰ । পাঁচ বছৰৰ পিছত দুৰ্ভগীয়া মাতৃয়ে পালে ন্যায় ।

নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড : কেমেৰা সন্মুখতে ছিলিণ্ডাৰ বিস্ফোৰণ

নুনমাটিত বুধবাৰে পুৱাই সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । চাহৰ দোকানত গ্ৰাহকৰ বাবে চাহ বনাই থকাৰ সময়তে ছিলিণ্ডাৰ লিকেজ হৈ আকস্মিকভাৱে অগ্নিৰ সূত্ৰপাত হয় ৷

TMCৰ বিফলতা : ৰেলীৰ বাবে অনুমতি প্ৰদানত অস্বীকাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ

হিংসাত্মক ঘটনা তথা উত্তেজনা প্ৰতিহত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত কোনো ধৰণৰ ৰাজনৈতিক সমদলৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত ত্ৰিপুৰাৰ চৰকাৰৰ ৷ চৰকাৰৰ এই সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰি ৰেলী অনুষ্ঠিত কৰাৰ বাবে তৃণমূল কংগ্ৰেছক অনুমতি প্ৰদানত অস্বীকাৰ ত্ৰিপুৰাৰ উচ্চ ন্যায়ালয়ৰ ৷

তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী

তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই ভ্ৰমণকালত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী ৷ লগতে ভাৰতত বিনিয়োগ বৃদ্ধি কৰিবলৈ বিভিন্ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

ক’ভিড 19: ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যাই স্পৰ্শ কৰিছে 3.1 লাখ

বিগত 24 ঘণ্টাত দেশত 26,964 গৰাকী লোক ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে 383 গৰাকী লোকৰ এই মহামাৰীবিধত মৃত্যু হৈছে ৷ বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশিত বুলেটিনত এই তথ্য প্ৰকাশ পাইছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.