ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ সংবাদ...

11 বজাৰ 10 টা শীৰ্ষ সংবাদ...

top ten news at 11 am
11 বজাৰ 10 টা শীৰ্ষ সংবাদ
author img

By

Published : Mar 12, 2021, 11:06 AM IST

মৰিয়নীৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে অখিল গগৈয়ে: ৰাইজৰ দল

বৃহস্পতিবাৰে এক সংবাদমেলযোগে অখিল গগৈৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভত স্পষ্ট কৰিলে ৰাইজৰ দলে ৷ কেৱল শিৱসাগৰৰ পৰাহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অখিল গগৈয়ে ৷ এই কথা সদৰী কৰে দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই ৷

উজনিত এইবাৰ সম্পূৰ্ণৰূপে চলিব জাহাজ: লুৰিণ

নাহৰকটীয়াত এইবাৰ অসম জাতীয় পৰিষদৰ জয় নিশ্চিত বুলি মন্তব্য প্ৰদান অসম জাতীয় পৰিষদৰ সভাপতি তথা 120 নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ ৷ লগতে কংগ্ৰেছ, বিজেপিকো তীব্ৰ সমালোচনা কৰে সভাপতি গগৈয়ে ৷

কংগ্ৰেছত মোক্ষম আঘাত : গৌতম ধানোৱাৰৰ পদত্যাগ

ডিগবৈত কংগ্ৰেছ দলত মোক্ষম আঘাত ৷ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গৌতম ধানোৱাৰৰ পদত্যাগ ৷

বদৰুদ্দিন আজমল জাতিৰ লগতে বিজেপিৰ বাবেও প্ৰত্যাহ্বান: হিমন্ত বিশ্ব শৰ্মা

বিজেপিৰ বাবে কংগ্ৰেছ দল প্ৰত্যাহ্বান নহয় কিন্তু বদৰুদ্দিন আজমল জাতিৰ লগতে বিজেপিৰ বাবেও প্ৰত্যাহ্বান ৷ বদৰউদ্দিনে সভ্যতা-সংস্কৃতি ধ্বংস কৰিছে ৷ ডিফুৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰে মন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মাই । লগতে তেওঁ কয়, কংগ্ৰেছে বদৰুদ্দিন আজমলৰ নেগুৰত ধৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিব খুজিছে ৷

তেজপুৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

বৃহস্পতিবাৰে তেজপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ 5 টা গেৰাণ্টিৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ৷ অগপ দলে জেষ্ঠ নেতা বৃন্দাবন গোস্বামী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত ওপৰত অন্যায় কৰিছে বুলিও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

কিছু পৰিমাণে সুস্থিৰ মমতা বেনাৰ্জীৰ স্বাস্থ্য

বৰ্তমানেও চিকিৎসাধীন অৱস্থাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷ নন্দীগ্ৰামত সংঘটিত আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱাৰ পাছতে চিকিৎসালত ভৰ্তি হৈছিল মমতা ৷ বৰ্তমান বেনাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হৈছে বুলি জানিবলৈ দিছে চিকিৎসকে ৷

এন্টিলা বোমাতংক : গাড়ীত টেম্পাৰিঙ বা ভঙা চিঙা হোৱা নাই

মুকেশ আম্বানিৰ বাসগৃহৰ কাষত উদ্ধাৰ হোৱা বাহনখনত কোনো ধৰণৰ টেম্পাৰিঙ বা ভঙা চিঙাৰ চিহ্ন পোৱা নাই ৷ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি আম্বানিৰ বাসগৃহৰ কাষত উদ্ধাৰ হোৱা বাহনখনত কোনো ধৰণৰ বল প্ৰয়োগ কৰা হোৱা নাই বা টেম্পাৰিঙো সংঘটিত হোৱা নাই ৷

নেপালত পুনৰবাৰ অ’লিৰ পক্ষত বৈছে নেকি সময়ৰ সোঁত ?

2018 চনৰ নিৰ্বাচনৰ পূৰ্বে অ’লি নেতৃতাধীন চিপিএন (CPN) আৰু প্ৰচণ্ড নেতৃতাধীন মাওবাদী-কেন্দ্ৰক একত্ৰিত কৰোৱা এন চিপি (নেপাল কমিউনিষ্ট পাৰ্টি) মৈত্ৰীক সোমবাৰে উচ্চতম ন্যায়লয়ে ভৎসৰ্ণা কৰে ৷ যাৰ ফলত অ’লিয়ে কিছু পৰিমাণে সকাহ অনুভৱ কৰিছে ৷

অচিৰেই মুক্তিৰ পথত এ আৰ ৰহমান প্ৰযোজিত 99 Songs

এ আৰ ৰহমানৰ প্ৰযোজনাৰে প্ৰথমখন ছবি সংগীত, ৰোমাঞ্চ, নাটকধৰ্মী '99 Songs' শীঘ্ৰেই মুক্তিৰ পথত । তামিল, হিন্দী আৰু তেলেগু এই তিনিটা ভাষাত মুক্তি লাভ কৰিব । ১৬ এপ্ৰিলত মুক্তি লাভ কৰিব ছবিখনে ।

৯৩ সংখ্যক অস্কাৰৰ মনোনয়ন ঘোষণা কৰিব প্ৰিয়ংকা-নিকে

মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ'নাছে ১৫ মাৰ্চত ঘোষণা কৰিব ৯৩ সংখ্যক অস্কাৰৰ মনোনয়ন । লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে মনোনয়ন ঘোষণা কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.