ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Jul 3, 2021, 9:16 AM IST

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten at 9 am
9 বজাৰ শীৰ্ষ দহটা বাতৰি

অসম আৰক্ষীত চাৰিদিনত ৰুজু 112 টা বিত্তীয় CYBER CRIMEৰ গোচৰ

দেশৰ আন বহু ৰাজ্যৰ দৰে অসমতো শেহতীয়াকৈ বৃদ্ধি পাইছে বিত্তীয় চাইবাৰ অপৰাধ ৷ এনেধৰণৰ অপৰাধ ৰোধ কৰিবৰ বাবে বিশেষ ভাৱে সষ্টম হৈছে অসম আৰক্ষী ৷ অসমত ডাৰ্ক ৱেভৰ কাৰবাৰ আৰম্ভ হৈছে বুলি মন্তব্য কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

বন বিভাগৰ অদূৰদৰ্শিতাৰ বাবে খুমটাইত বনৰীয়া হাতীৰ মৃত্যু !

শুকুৰবাৰে সন্ধিয়া খুমটাই চুংগীহোলাৰ মণ্ডলকাঠনিৰ বৰবিলৰ মেটেকা আৰু বোকাত লাগি মৃত্যুক সাৱটি লয় এটা বনৰীয়া হাতীয়ে ৷ বনবিভাগে হাতীটো উদ্ধাৰৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় লোকৰ ৷

শিৱসাগৰবাসীক সাক্ষী কৰি নিষ্ঠা আৰু সততাৰ পণ ল'লে অখিলে গগৈয়ে

শিৱসাগৰত অখিল গগৈ ৷ ৰংঘৰৰ শৰণাপন্ন হৈ ৰাইজৰ স্বাৰ্থত আপোচ নকৰাকৈ শিৱসাগৰক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ আশ্বাস দিলে অখিল গগৈয়ে ৷ লগতে বিধায়ক হিচাপে প্ৰথম কামৰ কথা সদৰি কৰিলে অখিলে ৷

লাহৰিজানত বৃহৎ পৰিমানৰ হেৰ'ইন সহ তিনি সৰবৰাহকাৰীক আটক

অসম-নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজানত এখন নৈশ বাছত আৰক্ষীয়ে তালাচী চলায় ৷ আৰক্ষীৰ উক্ত অভিযানত বুজন পৰিমানৰ সন্দেহযুক্ত হেৰ'ইন সহ তিনিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ বাছখনৰ পৰা মুঠ ৬৫৮'১৩ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰা বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷

মূল্যাংকন প্ৰতিবেদনৰ ৫ নং দফা বাতিল কৰিবলৈ আহ্বান এবছুৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক প্ৰতিবেদনৰ ৫ নং দফা বাতিল অথবা পুনৰ বিবেচনা কৰিবলৈ আহ্বান এবছুৰ ৷ শুকুৰবাৰে কোকৰাঝাৰস্থিত এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউচত আয়োজিত এক সংবাদমেলত এবছুৰ সভাপতি দ্বীপেন বড়োৱে এই আহ্বান জনায় ৷

নৱজোত সিং সিদ্ধুৱে পৰিশোধ কৰা নাই 8.5 লাখ টকাৰ বিদ্যুৎ মাচুল

গ্ৰাহকে বিদ্যুতৰ বিল পৰিশোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে প্ৰসংগক্ৰমে চৰ্চালৈ আহিছে পঞ্জাৱৰ এগৰাকী কংগ্ৰেছ নেতা ৷ অসম চৰকাৰে বিদ্যুতৰ বিল পৰিশোধ নকৰিলে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বন্ধ কৰি দিয়াৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে পঞ্জাৱৰ এই গৰাকী নেতাই পৰিশোধ কৰা নাই প্ৰায় 8.5 লাখ টকাৰ বিদ্যুতৰ বিল ৷

APSC-ৰ মৌখিক পৰীক্ষাৰ বিতং তথ্য বিচাৰিছে ন্যায়াধীশ শৰ্মা আয়োগে

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়েই সৰ্বানন্দ সোণোৱালে লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ দিছিল আৰু সেই তদন্তৰ ভিত্তিতেই ৰাকেশ পালৰ পৰা চাকৰি কিনা ৩৯ জনকৈ এ চি এছ(ACS), এ পি এছ(APS) আৰু সংযুক্ত সেৱাৰ বিষয়া জালত পৰিছিল । এতিয়া আকৌ পুনৰ জালত পৰাৰ সম্ভাৱনা কেইবাগৰাকীও ৰাজপত্ৰিত বিষয়া ৷

অসম-মিজোৰাম সীমান্তত আৰক্ষীৰ হতাহতি

অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তত সুৰক্ষাকৰ্মীৰ মাজত হতাহতিৰ দৃশ্য দেখিবলৈ পোৱা গৈছে । সীমান্তৱৰ্তী ধলছেড়া এলেকাত দুই ৰাজ্যৰ আৰক্ষীৰ মাজতে সংঘাত । ২ জুলাই তাৰিখে পুৱাৰ সময়তে দুই ৰাজ্যৰ আৰক্ষীৰ মাজত সৃষ্টি হয় এই সংঘাতৰ ঘটনা ।

মাৰ্কশ্বিট ফৰ্মূলাক টোঘলকী সিদ্ধান্ত আখ্যা এজেপিৰ

চৰকাৰ বিকল্প পৰীক্ষা নীতি সন্দৰ্ভত এক সংবাদ মেল আয়োজন কৰে অসম জাতীয় পৰিষদ(AJP) দলে ৷ এই সংবাদ মেল যোগে বিকল্প পৰীক্ষা নীতিৰ ফৰ্মূলাক অবিবেচক, অদূৰদৰ্শী, বিভ্ৰান্তিকৰ আৰু হতাশাজনক আখ্যা দিয়ে দলটোৱে ৷

দিল্লী আদালতে ২৭ জুলাইলৈ স্থগিত ৰাখিলে সুনন্দা পুষ্কৰৰ মৃত্যুৰ গোচৰৰ শুনানি

সুনন্দা পুষ্কৰৰ মৃত্যুৰ সৈতে স্বামী শশী থাৰুৰ জড়িত থকা বুলি উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ শুনানি দিল্লী আদালতে ২৭ জুলাইলৈ শুনানি স্থগিত কৰিছে । বৰ্তমান জামিন লাভ কৰিছে শশী থাৰুৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.