লোকসেৱা কেলেংকাৰী : তদন্ত আয়োগৰ কাষ চাপিল পাঁচ APS-ACS বিষয়া
ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে জাননী জাৰি কৰাৰ পাচতে আয়োগৰ কাষ চাপিছে পাঁচ গৰাকী বিষয়া ৷ অসম লোকসেৱা আয়োগ (APSC)ৰ পৰীক্ষাত সন্দেহজনকভাৱে উৰ্ত্তীণ হোৱা ১৯ গৰাকী প্ৰাৰ্থীলৈ ইতিমধ্যে ন্যায়াধীশ শৰ্মা আয়োগে জাননী জাৰি কৰি পোন্ধৰ দিনৰ ভিতৰত তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছিল ।
বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ পুনঃযোগদানক লৈ তীব্ৰ চাঞ্চল্য
বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত 12 বছৰীয়া বনকৰা শিশুক নিৰ্যাতন কৰাৰ অভিযোগত মৰাণ মহাবিদ্যালয়ৰ নিলম্বন হোৱা প্ৰাক্তন অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ পুনৰ মহাবিদ্যালয়ত যোগদান ৷ বৰ্তমানৰ অধ্যক্ষৰ অজ্ঞাতে মহাবিদ্যালয়ত উপস্থিত হৈ সোমবাৰে অধ্যক্ষৰ আসনত বহে বিতৰ্কিত ড৹ মিতালী কোঁৱৰ ৷ ঘটনাক লৈ জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷
এসময়ৰ ৰঞ্জী ক্ৰিকেটৰ দুৰ্দান্ত বলাৰ এতিয়া ফুটপাথৰ চাহ দোকানী
এসময়ত, বাংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীত(NCA) ভাৰতীয় দলক বলিং কৰিবলৈ আমন্ত্ৰণ কৰি নিয়া হৈছিল অসমৰ লেফ্ট স্পিনাৰ(lef প্ৰকাশ ভগতক ৷ কিয়নো তেওঁৰ বলিং নিউজিলেণ্ডৰ ক্ৰিকেটাৰ ডেনিয়েল ভেট্টৰী(Newzealand cricketer Deniel Vettori)ৰ দৰে আছিল বুলি বিশ্বাস কৰিছিল বহুতেই ৷ কিন্তু, এতিয়া এইগৰাকী ক্ৰিকেটাৰে চাহ আৰু ফাষ্ট ফুড বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে ৷
চৈতন্যৰ তুলিকাত প্ৰাণ পাইছে দেশৰ বহু মহীৰূহই
কলিয়াবৰৰ চে'ণ্ট ৰবাৰ্টচ হাইস্কুলৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী এগৰাকী প্ৰচাৰ বিমুখ ছাত্ৰ ৷ যি গৰাকী ছাত্ৰই ৰং-তুলিকাৰ মাজেৰে বহু মহান মনিষীৰ চিত্ৰই প্ৰাণ পাই উঠিছে ৷ ছাত্ৰ গৰাকীৰ কাম-কাজক লৈ এতিয়া গৌৰৱান্বিত অভিভাৱক সকলো ৷
চৰকাৰ নে মুখ্যমন্ত্ৰী; স্বৈৰাচাৰী কোন ?
সংবাদমেলত অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম জাতীয় পৰিষদৰ (AJP) সাধাৰণ সম্পাদক জগদীশ ভূঞা । নতুন চৰকাৰৰ ৪০ দিনত ৩০ টা এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে । এই সমগ্ৰ প্ৰক্ৰিয়াটো সন্দেহজনক। অসমত চৰকাৰৰ (ASSAM GOVERNMNET)পৃষ্ঠপোষকতাত ছিণ্ডিকেট চলি আছে ।
মৰাণত চৰকাৰী আঁচনিৰ অগ্ৰগতি পৰিদৰ্শন উপায়ুক্ত পল্লৱ গোপাল ঝাৰ
শুকুৰবাৰে তিলৈ গাঁও পঞ্চায়তত নিৰ্মাণ হৈ থকা প্ৰধানমন্ত্ৰী আবাস গৃহসমূহ পৰিদৰ্শন কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷ বিগত সময়ত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত গৃহ নিৰ্মাণত ডিব্ৰুগড় জিলাৰ কেইবাখনো পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷
HSLC-HS পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত শিক্ষা-সাংস্কৃতিক সমাজৰ প্ৰতিবাদ
হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) আৰু উচ্চতৰ মাধ্যমিক(HS)ৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত চৰাইদেউৰ সাপেখাতীত শিক্ষা-সাংস্কৃতিক সমাজৰ প্ৰতিবাদ । ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চৰকাৰক দাবী জনালে প্ৰতিবাদকাৰীসকলে ।
চামগুৰিত 12 টাকৈ পথৰ আধাৰশিলা স্থাপন ৰকিবুল হুছেইনৰ
চামগুৰিত PMGSY আৰু SOPD আঁচনিৰ অধীনত 12 টাকৈ পথৰ আধাৰশিলা ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনি (Pradhan Mantri Gram Sadak Yojana Scheme)ৰ অধীনত নিৰ্মাণ হ'বলগীয়া সমষ্টিটোৰ 12 টাকৈ স্থানত পথৰ আধাৰশিলা স্থাপন কৰি সাংবাদিকৰে হোৱা মত বিনিময়ত ৰকিবুল হুছেইনে এক প্ৰকাৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ খনৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয়।
কেন্দ্ৰীয় কাৰাগাৰৰ ৩০ জন কয়দীৰ দেহত ক’ভিড
শোণিতপুৰ জিলাত অব্যাহত আছে ক'ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণ । জিলাখনত ২৪ ঘণ্টাই সান্ধ্য আইন বলৱৎ থকাৰ মাজতে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত ৩৯৯ জন কয়দীৰ ভিতৰত ৩০ জন কয়দীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে কাৰাগৰাৰ সকলো কয়দীৰ ক'ভিড-১৯ পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু সেই সময়তে এই ৩০ জন কয়দী মহামাৰীত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ।
লাচাংগাত ভয়াৱহ কৃত্ৰিম বানত গৃহবন্দী 100 টা পৰিয়াল
কলগাছিয়াৰ লাচাংগা গাঁৱত ভয়াৱহ কৃত্ৰিম বান (Artificial Flood) ৷ বিগত 20 দিন ধৰি গৃহবন্দী হৈ আছে গাঁওখনৰ 100 টাকৈ পৰিয়াল ৷ কৃত্ৰিম বানে যমৰ যাতনা ভোগাইছে গাঁওবাসীক ৷