ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহ বাতৰি... - Top Ten at 3

তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

Top Ten at 3
তিনি বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Sep 6, 2020, 3:05 PM IST

ত্ৰিপুৰালৈ আগমন বাংলাদেশৰ প্ৰথমখন পণ্যবাহী জাহাজৰ

শনিবাৰে বাংলাদেশৰ পৰা প্ৰথমখন পণ্যবাহী জাহাজৰ আগমন ঘটে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰালৈ ৷ বাংলাদেশৰ দাউদকান্দিৰ পৰা গোমতি নদীৰে আহি ত্ৰিপুৰাৰ শ্ৰীমন্তপুৰ বন্দৰত উপস্থিত হয় জাহাজখন ৷

কদৰ্যময় পৰিৱেশত মালিগাঁও ফুটব্ৰীজ

কদৰ্যময় পৰিৱেশত মালিগাঁও ফুটব্ৰীজ ৷ লক ডাউনৰ সময়চোৱাত অব্যৱহৃত হৈ থকা ফুটব্ৰীজখন সম্প্ৰতি পৰ্যৱসিত হৈছে জাৱৰ-জোথৰৰ দ’মলৈ ৷

ব্ৰাউন চুগাৰসহ বৰপেটাত গ্ৰেপ্তাৰ আৰু এজন ড্ৰাগছ ব্যৱসায়ী

বৰপেটা জিলাৰ বিভিন্ন স্থানত 5 দিনৰ ভিতৰত 8 জনকৈ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ ৷ শনিবাৰে সন্ধিয়া হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত আৰক্ষী এটা দলে হাজীপাৰা গাঁৱত অভিযান চলাই কৰায়ত্ব কৰিলে আৰু এজন ড্ৰাগছৰ ব্যৱসায়ী ৷

চিকিৎসক ৰাহুল বসুমতাৰীৰ ওদালগুৰিৰ বাসগৃহত শোকৰ ছাঁ

কনিষ্ঠ চিকিৎসক ৰাহুল বসুমতাৰীৰ ওদালগুৰিৰ বাসগৃহত বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশ ৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে ৰাহুলে মাতৃৰ সৈতে ফোনত কথা বতৰা পতা বুলি জানিবলৈ দিছে ৰাহুলৰ মাতৃ নিৰলা বসুমতাৰীয়ে ৷ দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে চৰকাৰক কাতৰ আহ্বান ৰাহুলৰ মাতৃৰ ৷

ডিব্ৰুগড় আৰক্ষীৰ জালত শিশু নিৰ্যাতনৰ অভিযুক্ত দম্পতী

শনিবাৰে নিশা নগাঁও জিলাৰ ৰহা টোলগেটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বনকৰা শিশু নিৰ্যাতনত অভিযুক্ত দম্পতীক ৷ আটকাধীন চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰী আৰু তেওঁৰ পত্নী তথা মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মিতালী কোঁৱৰৰ সৈতে আৰক্ষীয়ে অব্যহত ৰাখিছে জেৰা ৷

বৰপেটাৰ থলুৱা আতচবাজী শিল্পী দীপমণি পাঠকৰ দেহাৱসান

বৰপেটাৰ থলুৱা আতচবাজী শিল্পী দীপমনি পাঠকৰ দেহাৱসান ৷ দেওবাৰে সঞ্জীৱনী হাস্পাতালত মৃত্যু বৰণ কৰে বিশিষ্ট শিল্পী গৰাকীয়ে ৷

জাঁজীৰ দিচাং ধাবাত অগ্নিকাণ্ড

জাঁজীৰ দিচাং ধাবাত দেওবাৰে পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত 20-25 লাখ টকাৰ সম্পত্তি জাহ যায় বুলি জানিবলৈ দিয়ে ধবা কৰ্তৃপক্ষই ৷

অখিল গগৈৰ মাতৃৰ কাষত ৰাণা গোস্বামী: কলে শীঘ্ৰে মুক্তি পাব অখিলে

টীয়কৰ চেলেংহাটস্থিত অখিল গগৈৰ বাসগৃহত শনিবাৰে উপস্থিত হৈছিল যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছী নেতা ৰাণা গোস্বামী ৷ অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদত কৃষক নেতা গৰাকী অতিশীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব বুলি কৈ বৃদ্ধা মাতৃক দিলে শান্তনা ৷ নেতা গৰাকীয়ে অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে নগদ 20 হাজাৰ টকাৰ এক আৰ্থিক সাহাৰ্যও কৰিলে প্ৰদান ৷

জনগোষ্ঠীসমূহক জনজাতিকৰণৰ আশ্বাস সাংসদ নৱ শৰণীয়াৰ

আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে এতিয়া সাজু বিটিচিৰ প্ৰতিটো ৰাজনৈতিক দল ৷ ৰাজনৈতিক নেতাসকলে জনসাধাৰণক আশ্বস্ত কৰিবলৈ এতিয়া অধিক সক্ৰিয়তাৰে নামি পৰিছে ৰাজনৈতিক ক্ষেত্ৰখনত ৷ গণ সুৰক্ষা পাৰ্টীৰ নেতা তথা সাংসদ নৱ শৰণীয়ায়ো এতিয়া তৎপৰতাৰে সোমাই পৰিছে জনসাধাৰণৰ মাজত ৷ দি গৈছে এটাৰ পিছত আন এটা প্ৰতিশ্ৰুতি ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

বিগত 24 ঘণ্টাত ভাৰতত নতুনকৈ 90,632 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ লগে লগে দেশত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰে 41 লাখ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.