ETV Bharat / state

পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি - 10 NEWS AT 11 AM

পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 11 AM
পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Jun 11, 2020, 11:02 AM IST

অসম তৈল খাদ অগ্নিকাণ্ড : গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

অসম তৈল খাদ অগ্নিকাণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন ৷ OIL India, কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই আবেদন ৷

বাঘজানৰ ভয়ংকৰ ঘটনাৰ পাছতে নিলম্বন অইলৰ দুই বিষয়া

বাঘজানৰ ভয়ংকৰ ঘটনাৰ পাছতে নিলম্বন অইলৰ দুই বিষয়া । বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেৰে এই কথা ঘোষণা কৰে অইল ইণ্ডিয়া লিমিটেডে ।

বাঘজানৰ অগ্নিকাণ্ডৰ অন্তৰ্নিহিত কাৰণ আছেঃ প্ৰাক্তন বিধায়ক ৰাজু চাহু

বাঘজান তৈলখাদৰ ভয়ংকৰ অগ্নিকাণ্ডৰ এক অন্তৰ্নিহিত কাৰণ আৰু ৰহস্য আছে । বিগত 14-15 দিনে ভয়ানকভাৱে খাদটোৰ পৰা গেছ নিৰ্গমন হৈ থকা স্বত্বেও বিষয়টোৰ প্ৰতি অইল ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা চৰকাৰে কিয় গুৰুত্ব দিয়া নাছিল সেয়া ডাঙৰ প্ৰশ্ন ।

অভি-নীল হত্যাকাণ্ডৰ দুটা বছৰ সম্পূৰ্ণঃ ন্যায় কেতিয়া?

অভি-নীল হত্যাকাণ্ডৰ চাক্ষুক সাক্ষীৰ ভাষ্য সলনিকলৈ শংকিত অভি-নীলৰ পিতৃ । অভি-নীলৰ দুই পিতৃ ক্ৰমে অজিত নাথ আৰু গোপাল চন্দ্ৰ দাসৰ সন্দেহ, অভিযুক্ত সকলক দোষমুক্ত কৰিবলৈ তৎপৰ হৈ পৰিছে তৃতীয় পক্ষ।

অবহেলিত হৈ ৰ'ল খাদ্য আন্দোলনৰ শ্বহীদৰ পৰিয়াল

আজিও ত্যাগৰ মূল্য নাপালে মৰিগাঁৱৰ শ্বহীদ গজেন ইংতি আৰু শ্বহীদ পুতুল শইকীয়াৰ পৰিয়ালে ৷ মৰিগাঁৱত ধৰ্মঘটত বহিল শ্বহীদ পৰিয়াল ৷

14 খন ৰাজ্যলৈ কেন্দ্ৰৰ 6,195 কোটিৰ অনুদান

নিৰ্মলা সীতাৰমণৰ কাৰ্যালয়ৰ পৰা প্ৰদান কৰা এক টুইট অনুসৰি, "চৰকাৰে 10 জুন, 2020 চনত 14 খন ৰাজ্যৰ বাবে 6,195.08 কোটি টকা 15 সংখ্যক বিত্তীয় আয়োগৰ Post Devolution Revenue Deficit Grant অধীনত প্ৰদান কৰিছে ৷ কৰ'ণা সংকটৰ সময়ত এই সাহাৰ্যই অতিৰিক্ত সহায় আগবঢ়াব ৷"

বিশ্বনাথত নিশা বৃহৎ পৰিমানৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুজন

বিশ্বনাথৰ চতিয়াত নিশা বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ ৷ জব্দকৃত ড্ৰাগছ সমূহৰ মূল্য ১৫ লাখ টকা ৷ নীলা ৰঙৰ AS-07M-8922 নম্বৰৰ এখন I20 গাড়ীৰে কঢ়িয়াই আনিছিল ড্ৰাগছখিনি ৷ নগাঁৱৰ পৰা লক্ষীমপুৰলৈ কঢ়িয়াই অনা হৈছিল ড্ৰাগছখিনি ৷

অসমত পুনৰ চিনাক্ত 193 গৰাকী ক'ভিড-19 আক্ৰান্ত

শেহতীয়াকৈ ৰাজ্যত ধৰা পৰিছে 193 গৰাকী ক'ভিড-19 আক্ৰান্ত ব্যক্তি ৷ বুধবাৰৰ দিনটোত ৰাজ্যখনত চিনাক্ত হৈছে মুঠ 235 গৰাকী আক্ৰান্ত ৷

বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ চি বি আই তদন্তৰ দাবী কংগ্ৰেছৰ

১৪ দিনে তিনিচুকীয়া জিলাৰ বাঘজানস্থিৰ তৈলখাদত জুই নুমুৱাবলৈ ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰি অগ্নিকাণ্ডৰ চিবিআই তদন্তৰ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ।

বাক্সাৰ গোৰেশ্বৰত দুগৰাকী কোভিড-19 পজিটিভ চিনাক্ত

বুধবাৰে নিশা বাক্সাৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত দুজনৰ লোকৰ শৰীৰত কোভিড-১৯ ধৰা পৰে । স্বাস্থ্য বিভাগৰ সুত্ৰেই জানিবলৈ দিয়া অনুসৰি কৰ'ণাত আক্ৰান্ত ব্যক্তি দুগৰাকী হৈছে মুকুন্দপুৰ কাড়িপাৰাৰ খুন বসুমতাৰী আৰু আনজন গোৰেশ্বৰ টেঙাঝাৰৰ জীতেন নাৰ্জাৰী ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.