ETV Bharat / state

7 বজাৰ শীৰ্ষ দহটা খবৰ - TOP 10 NEWS & P.M

7 বজাৰ শীৰ্ষ দহটা খবৰ

TOP 10 NEWS & P.M
7 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Jan 10, 2021, 6:59 PM IST

মধ্য়প্ৰদেশত ধৰ্মান্তৰকৰণ বিৰোধী নতুন আইন

উত্তৰপ্ৰদেশৰ পিছত এইবাৰ ধৰ্মান্তৰকৰণৰ ক্ষেত্ৰত নতুন আইন বলৱৎ কৰা হৈছে মধ্য়প্ৰদেশটো । ভুল তথ্যৰে, অন্য়ায় ভাৱে, বলপ্ৰয়োগ কৰি, বিবাহ বা কোনো প্ৰতাৰণামূলক ভাৱে ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে শনিবাৰে অধ্য়াদেশ জাৰি কৰা হয় ৰাজ্য়খনত ।

এছ আই কেলেংকাৰী সন্দৰ্ভত মুখ্য সচিবক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই কেলেংকাৰীৰ লগত আৰক্ষী বিষয়াৰ লগতে বহু শৈক্ষিক প্ৰতিষ্ঠান আৰু ব‍্যৱসায়ীৰ নাম সাঙোৰ খাইছিল । উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে চি বি আই তদন্তৰ দাবী জনাইছিল ।

মহানগৰীত চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে ভোগালীৰ ব্যাপক প্ৰস্তুতি ৷ গণেশগুৰিৰ বজাৰত উপলব্ধ হৈছে বিহুৰ বিভিন্ন খাদ্য সামগ্ৰী বৰা চাউল, বিভিন্ন লাৰু, পিঠা, গুড়, চিৰা আদি ।

সদৌ অসম আহোম সভাৰ ৫১ জনীয়া কেন্দ্ৰীয় সমিতি গঠন

শদিয়াত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত হৈছে সদৌ অসম আহোম সভাৰ ৬২ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন ৷ অধিৱেশনত আগন্তুক তিনিবছৰীয়া কাৰ্যকালৰ বাবে উমাকান্ত কোঁৱৰক সভাপতি আৰু প্ৰাঞ্জল ৰাজকোঁৱৰক সাধাৰণ সম্পাদক হিচাপে লৈ ৫১ জনীয়া কেন্দ্ৰীয় সমিতিখনো গঠন কৰা হয় ৷

বড়োভূমিৰ 5 টা সমষ্টিত নিজাকৈ প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে

বিধানসভা নিৰ্বাচনত বড়োভূমিত বিজেপিয়ে যি দলৰ সৈতেই মিত্ৰতা নকৰক কিয়, বি টি আৰৰ কমেও 5 টা সমষ্টিত গেৰুৱা দলটোৱে নিজাকৈ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ'ব । বিজেপিয়ে এই কথা ৰাজহুৱাকৈ ইউপিপিএল কিম্বা বিপিএফৰ সৈতে এক নতুন ব্যৱধান সৃষ্টি কৰিব খোজা নাই যদিও ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সুত্ৰই ই‌টিভি ভাৰতক জানিবলৈ দিছে এই সিদ্ধান্তৰ কথা ।

বাইহাটা চাৰিআলিত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ

বাইহাটা চাৰিআলিৰ বিহদিয়াত দেওবাৰে অনুষ্ঠিত হয় অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ। কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত অসমৰ কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থকাৰ লগতে অগপৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে । জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰী, ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে আদি কৰি দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।

লুৰিণজ্যোতিয়ে ভাড়াতীয়া লোকেৰে সভা পাতিছে : ভৱেশ কলিতা

লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ভাড়া কৰি অনা লোকেৰে সভা অনুষ্ঠিত কৰাৰ অভিযোগ ৷ অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীৰ বিৰুদ্ধে এই অভিযোগ ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ ৷ সভা অনুষ্ঠিত কৰিবলৈ মানুহৰ অভাৱ হ'লে তেওঁক জনোৱাৰ আহ্বান মন্ত্ৰীগৰাকীৰ ৷

কেৱল হিমন্ত নহয় ! পীযুষ হাজৰিকাৰ মতেও আমানতৰ ধন হেৰুৱাব এজেপিয়ে

কাকপথাৰ অঞ্চলৰ বৰআলি মধ্য ইংৰাজী বিদ্যালয় আৰু বৰআলি আঞ্চলিক পূৱেৰুণ যুৱক সংঘৰ ৰূপালী জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ৷ এই স্থানতেই সাংবাদিক সম্বোধন কৰি কয়, আগন্তক নিৰ্বাচনত শদিয়া সমষ্টিত অসম জাতীয় পৰিষদে পোন্ধৰ শ পৰা দুহেজাৰ ভোট লাভ কৰিব ৷ ইয়াৰ লগতে AJP ৰ প্ৰত্যেক জন প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

অসম আৰক্ষীৰ জোৱানৰ প্ৰসংশনীয় কৰ্তব্যনিষ্ঠা

মহানগৰ আৰক্ষীৰ দিশপুৰ থানাৰ যানবাহন শাখাত কৰ্মৰত কনিষ্টবল অমিয় কলিতাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ৷ দিশপুৰত আন্তঃগাঁথনিগত নিৰ্মাণ কাৰ্য হৈ থকাৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল পাইপেৰে পানী দি পথ চাফা কৰি থকা অমিয় কলিতাৰ এখন ফটো ৷ কলিতাৰ এই কৰ্তব্যনিষ্ঠাক বহুতেই প্ৰসংশা কৰি সামাজিক মাধ্যম ভৰাই পেলাইছিল ৷

কৰুণ : শুই থকা অৱস্থাতেই জীৱন্তে অগ্নিদগ্ধ স্বামী-স্ত্ৰী

ডুমডুমাত ভয়ংকৰ অগ্নিকাণ্ড ৷ জীৱন্তে অগ্নিদগ্ধ হয় দুগৰাকী ৷ অগ্নিদগ্ধ হৈ মৃত্যু হোৱা দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে । ডুমডুমাৰ সমীপৰ হিলিকা চাহ বাগিছাৰ পুৰণা লাইনত থকা মহেশ ভূমিজ নামৰ এজন লোকৰ ঘৰত নিশা সংঘটিত হয় এই অগ্নিকাণ্ড । নিশা শুই থকা অৱস্থাত সংঘটিত হোৱা অগ্নিকাণ্ডত মহেশ ভূমিজৰ লগতে পত্নী মনিকা ভূমিজো জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.