কি কি সিদ্ধান্ত ল’লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ত্ৰয়োদশ কেবিনেটে ?
ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিয়াৰনেচ এলাউন্স ১৭ শতাংশৰ পৰা বৃদ্ধি কৰি ২৮ শতাংশ কৰা হৈছে । ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ মাহে ২০০ কোটি টকা ব্যয় হ'ব ।
শান্তিৰ অসমত ১৯,১৪৫ গৰাকী লোকৰ হাতত আছে মাৰণাস্ত্র
ৰাজ্যত নিজৰ লগত মাৰণাস্ত্ৰ ৰখা লোকৰ সংখ্যা প্ৰকাশ কৰিছে চৰকাৰে ৷ নগাঁও জিলাত সৰ্বাধিক ৩,৪২২ গৰাকী লোকৰ হাতত আছে অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ । আনহাতে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ হাততো আছে অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ ।
বিধানসভাতেই কথাৰ কটাকটি মুখ্যমন্ত্ৰী-অখিল গগৈৰ
অতি শীৰ্ঘ্ৰে কাজিৰঙাৰ ওপৰত প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘৰ এটা এলিভেটেড কৰিডৰ হোৱাৰ সম্ভাৱনা ৷ বুধবাৰে বিধানসভা অধিবেশনত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
কাজিৰঙাত দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ’ব ছেটেলাইট ফোন
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছে এটা সুখবৰ ৷ এতিয়াৰ পৰা সুৰক্ষাৰ ক্ষেত্ৰত শক্তিশালী হ’ব কাজিৰঙাৰ সুৰক্ষাকৰ্মী সকল ৷ কিয়নো চৰকাৰৰ উদ্যোগত কাজিৰঙাৰ বাবে গ্ৰহণ কৰা হৈছে এক বিশেষ ব্যৱস্থা ৷
অসমত তৃণমূল কংগ্ৰেছৰ দায়িত্বত নৱ শৰণীয়া !
অখিলৱ গগৈ নপতিল ! বংগৰ ৰাণীৰ বৈঠক এইবাৰ নৱ শৰণীয়াৰ সৈতে ৷ অসমত তৃণমূল কংগ্ৰেছৰ ধ্বজা উৰুৱাৰ দায়িত্ব ল'ব পাৰে নৱ শৰণীয়াই ৷
গোলাঘাটত বক্সিং ষ্টেডিয়াম বিচাৰি ক্ৰীড়া মন্ত্ৰীলৈ চিঠি অজিত ভূঞাৰ
গোলাঘাটত এখন অত্যাধুনিক বক্সিং ষ্টেডিয়াম নিৰ্মাণৰ বাবে ক্ৰীড়া মন্ত্ৰী গৰাকীক অনুৰোধ জনাই এখন চিঠি প্ৰেৰণ কৰিছে ৰাজ্যৰ সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৷
কাজিৰঙাৰ ক’ত কেনেকৈ নিৰ্মাণ হ’ব এলিভেটেড ক’ৰিডৰ ?
কাজিৰঙাত ন কৈ সংযোজন হ’ব পাৰে এলিভেটেড ক’ৰিডৰ ৷ বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নিৰ্মাণৰ পৰিকল্পনা কৰিছে এই ক’ৰিডৰৰ ৷ বিশেষকৈ বানৰ সময়ত হ’ব পৰা দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ৷
ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা পশ্চিমবংগৰ উপ-নিৰ্বাচন
চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পশ্চিমবংগ(West Bengal)ৰ ৭টা সমষ্টিত উপ-নিৰ্বাচন(By-election) অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । নিৰ্বাচনী আয়োগৰ এক সূত্ৰই জনোৱা মতে, উপ-নিৰ্বাচনৰ দিন চূড়ান্ত কৰা নাই যদিও ইতিমধ্যে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ হৈছে ।
সাময়িক নিলম্বনৰ পাচত আন এক বিতৰ্কত বিনেশ ফোগট
বিনেশ ফোগটৰ প্ৰশিক্ষণৰ বাবদ ভাৰত চৰকাৰে ব্যয় কৰা 1.3 কোটি টকাৰ সদ ব্যৱহাৰ নোহোৱাৰ অভিযোগ ৷ ভাৰতীয় অলিম্পিক ফেডাৰেশ্যনে নিয়মানুৱৰ্তিতা নমনাৰ বাবে বিনেশক সাময়িকভাৱে নিলম্বন কৰিছে ৷
Birthday Special : ব্যস্ততাৰ মাজতো চাৰা আলী খানৰ 5 টা বিশেষ পছন্দৰ কাম
26 বছৰত ভৰি দিলে নৱাব কন্যা, অভিনেত্ৰী চাৰা আলী খানে(Sara Ali Khan) ৷ ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰা চাৰাৰ 5 টা বিশেষ মূহুৰ্তই তেওঁক অন্য বলীউড তাৰকাতকৈ পৃথক কৰি তোলে ৷