ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি - কণ্টেইনমেণ্ট জ’ন

9 বজাৰ শীৰ্ষ 10 টা বাতৰি...

9 বজাৰ শীৰ্ষ 10 টা বাতৰি
9 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jul 7, 2021, 9:00 AM IST

নতুন SOP অনুসৰি কি কি নীতি-নিয়ম প্ৰযোজ্য হ’ব আপোনাৰ জিলাত

স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই মঙলবাৰে সংবাদমেল যোগে ঘোষণা কৰিলে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা । তিনিটা ভাগত ভাগ কৰা জিলা সমূহৰ বাবে সুকীয়া হ’ব ক’ভিড নীতি ৷

চৰকাৰী বিষয়া সকলৰ সৈতে বিধায়ক অখিল গগৈৰ বৈঠক

মঙলবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বী বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় বিধায়ক অখিল গগৈ ৷ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই বিধায়ক গৰাকীয়ে ৷

ৰেঞ্জাৰৰ পৰা মাণ্ডলিক বন বিষয়া পৰ্যায়লৈ ৰদবদলৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ । বন সম্পদৰ অবৈধ কাৰ্যকলাপ আৰু বনভূমি বেদখল চিনাক্তকৰণৰ বাবে ড্ৰ’ন প্ৰযুক্তিৰ(drone technology) দ্বাৰা বনাঞ্চলৰ নিয়মীয়া নিৰীক্ষণ কৰিবলৈ মুখ্যমন্ত্রীৰ নিৰ্দেশ ।

নতুন SOP: 7 জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা

আজি সংবাদমেল যোগে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জাৰি কৰে নতুন এছ অ’ পি (SOP) ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি বিতৰ্কৰ নতুন মোৰ

ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয় সমূহৰ আচাৰ্য জগদীশ মুখীয়ে(Jagdish Mukhi) গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ আন আন বিশ্ববিদ্যালয় সমূহত নিযুক্ত হৈ থকা ঠিকা ভিত্তিক শিক্ষক সকলৰ নিযুক্তি বাতিল কৰাৰ বাবে বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য সকলক নিৰ্দেশ প্ৰদান কৰিছিল ৷

ক'ভিড ৰোগীৰ অংগ ক্ষতৰ অভিযোগ সন্দৰ্ভত ডাঃ অভিজিৎ শৰ্মাৰ প্ৰতিক্ৰিয়া

ক’ভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন লোকৰ অংগ কাটি ৰখাৰ অভিযোগে এতিয়া তোলপাৰ লগাইছে ৰাজ্যত ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগ (Health Department)ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ।

কৃষক আঁচনিৰ কেলেংকাৰীৰ CBI তদন্ত দাবী অসম জাতীয় পৰিষদৰ

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে ৷ পুনৰ এই অভিযোগ তুলিছে অসম জাতীয় পৰিষদে ৷ কৃষি বিভাগৰ নিজস্ব তথ্য মতে এতিয়ালৈকে ৯,৩৯,১৪৬ জন ভুৱা হিতধিকাৰীয়ে লাভ কৰিছে আৱন্টিত ধন ৷

৮ জুলাইত মোডী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা

মোডীৰ দ্বিতীয় কাৰ্যকালৰ এইটো হ'ব প্ৰথম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ । বিজেপিৰ সকলো সাংসদক দিল্লীলৈ মাতি পঠিওৱা হৈছে । মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব লগা কেইবাজনো দলৰ নেতাক দিল্লীলৈ মাতি পঠাইছে বুলি জানিব পৰা গৈছে ।

ক'ভিডৰ পৰা সুস্থ হোৱাৰ পাছতো মৃত্যুদূতৰ ৰূপ ল’ব পাৰে অংগ বিকলতাই

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড জনিত মৃত্যুৰ সংখ্যা ৷ ক'ভিডৰ পৰা সুস্থ হোৱাৰ পাছত আন ৰোগৰ নিয়মীয়া পৰীক্ষা-নিৰীক্ষাৰ লগতে কিবা অসুবিধা পালেই পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ৰোগী সকলে ৷

একালৰ ৰঞ্জিৎ খেলুৱৈ আজিৰ চাহ দোকানী !

2003 চনত ভাৰতীয় ক্ৰিকেট দলৰ তেতিয়াৰ অধিনায়ক সৌৰভ গাংগুলীৰ সমুখত বলিং কৰাৰ অভিজ্ঞতা থকা এজন অসমৰ যুৱক ৷ কিন্তু জীৱনৰ বাটত বৰ্তমান এখন চাহ দোকান দি দিন পাৰ কৰিছে যুৱকজনে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.