ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা খবৰ - top 10 at 7pm

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা খবৰ

top 10 at 7pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Feb 6, 2021, 7:10 PM IST

কটন বিশ্ববিদ্যালয়ত আৰম্ভ মহিলা অধ্যয়ন কেন্দ্ৰ

ৰাজ্যৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ত চলিত শিক্ষাবৰ্ষৰ পৰা আৰম্ভ কৰা হৈছে এক নতুন বিষয় ৷ স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰমেৰে বিশ্ববিদ্যালয়খনত আৰম্ভ কৰা হৈছে এটা মহিলা অধ্যয়ন কেন্দ্ৰ ৷ 2020-21ৰ শিক্ষাবৰ্ষৰ বাবে ইতিমধ্যেই মুকলি কৰা হয় কেন্দ্ৰটো ৷

বৃহৎ সমস্যা সমাধানৰ দিশে মাজুলীঃ ধূনাগুৰি ঘাটত নিৰ্মাণ হ'ব পকী দলং

পোনপটীয়া পথ যোগাযোগ ব্যৱস্থাৰে শীঘ্ৰে উত্তৰ অসম তথা অৰুণাচল প্ৰদেশৰ সৈতে মাজুলীক সংযোজিত কৰিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে ৷ ৰাজ্যত পথ-যোগাযোগ আন্তঃগাঠনিৰ আমূল পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে অসম চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা 5000 কোটি টকীয়া 'অসম মালা' কাৰ্যসূচীৰ দ্বাৰা গ্ৰহণ কৰা হৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ 'অসম মালা' কাৰ্যসূচীৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান হিচাপে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰে মাজুলীক সংযোগ কৰাকৈ সোৱণশিৰিৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হ'ব 1.4 কিলোমিটাৰ দৈৰ্ঘৰ এখন বৃহৎ পকী দলং ৷

ইতিহাস ! দেশৰ প্ৰথমটো পূৰ্ণকালীন মহিলা কোব্ৰা বেটালিয়ন মুকলি

বিশ্বৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 88 নং মহিলা বেটালিয়নৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোৱে নক্সালবিৰোধী অভিযানৰ বাবে বাহিনীৰ কোব্ৰা কামাণ্ডো বেটালিয়নত সংযোজিন কৰা হয় মহিলা কামাণ্ডোৰ এটা বেটালিয়ন ৷ মহিলা ব্ৰাছ বেণ্ডৰ সৈতে একেলগে কামাণ্ডো বেটালিয়নটো কোব্ৰাৰ সৈতে সংযুক্ত কৰা হয় ৷ এতিয়াৰে পৰা পুৰুষ বেটালিয়নৰ সমানেই মহিলা কামাণ্ডোসকলে নক্সাল অধ্যুষিত অঞ্চলত নিজৰ কৰ্তব্য সমাপন কৰিব ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত উজনিত কংগ্ৰেছৰ প্ৰতিবাদ

শমিবাৰে সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত নামনি অসমৰ দৰে উজনি অসমৰ সকলো প্ৰান্ততে অসম প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ জিলা কমিতিৰ পৰা মণ্ডল কংগ্ৰেছৰ কৰ্মী সকলে হাতে হাতে প্ল'কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইকো-টুৰিজিম সংবৰ্ধনৰ লক্ষ্যৰে মুকলি "প্ৰজেক্ট যাযাবৰ"

ৰাজ্যৰ পৰ্যটন খণ্ডক অধিক গতিৰে আগবঢ়াই নিবলৈ ইতিমধ্যেই গ্ৰহণ কৰা হৈছে বহুটো কাৰ্যসূচী ৷ কিন্তু বৰ্তমান সময়ত পৰ্যটনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব পোৱা এটা বিষয় হৈছে ইকো-টুৰিজিম ৷ ইকো-টুৰিজিম পৰ্যটন খণ্ডত এক নতুন দিশ বুলিব পাৰি ৷ ৰাজ্যত বৰ্তমান সময়ত ইকো-টুৰিজম যেনেদৰে সম্প্ৰসাৰণ হ’ব লাগিছিল তেনেদৰে কাৰ্যক্ষম হোৱা নাই ৷

চাহ জনগোষ্ঠীয় লোকক প্ৰধানমন্ত্ৰীৰ সভা বৰ্জনৰ আহ্বান আটছাৰ

৭ ফেব্ৰুৱাৰীত অৰ্থাৎ সোমবাৰে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে জাঙুৰ খাই উঠিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সংগঠন চমুকৈ আটছাই ৷ দীৰ্ঘসময় ধৰি কেন্দ্ৰীয় তথা ৰাজ্যৰ বিজেপি চৰকাৰখনে অসমৰ চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাক আওকাণ কৰি আহিছে ৷ কিন্তু নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী থকাৰ পূৰ্বেই এতিয়া বিজেপি চৰকাৰখনে চাহ শ্ৰমিকসকলক বিভিন্ন সাহাৰ্য প্ৰদানেৰে চমক সৃষ্টি কৰিব বিচৰা বুলি অভিযোগ আটছাৰ ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল পক্ষী গণনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰৰ পৰা আৰম্ভ হৈছে বাৰ্ষিক পক্ষী গণনা কাৰ্যসূচী ৷ ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত একেলগে আৰম্ভ হৈছে পক্ষীৰ গণনা ৷

চিৰাঙত হাতী দাঁত আৰু মাৰণাস্ত্ৰসহ এন ডি এফ বি সদস‍্য গ্ৰেপ্তাৰ

চিদলী আৰক্ষীৰ জালত পৰিল এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটৰ এজন সদস‍্য । চিৰাঙৰ দুলিগাঁও হাদান পাৰাত অভিযান চলাই চিদলী আৰক্ষীয়ে এন ডি এফ বি সদস‍্যজনক গ্ৰেপ্তাৰ কৰে । ধৃত সদস‍্যজন জনেন নাৰ্জাৰী ওৰফে জেব্ৰা । আৰক্ষীৰ অভিযানত জব্দ হ'ল এটা হাতী দাঁত আৰু মাৰণাস্ত্ৰ ।

ধুবুৰীৰ ৰাজপথত ট্ৰাকৰ দৌৰাত্ম

ধুবুৰীত ট্ৰাকৰ দৌৰাত্ম ৷ গুৱাহাটী পৰা পশ্চিমবংগ অভিমুখী এখন ট্ৰাকে একেৰাহে সংঘটিত কৰিলে তিনিটাকৈ দুৰ্ঘটনা ৷ উল্লেখ্য যে, গুৱাহাটীৰ পৰা পশ্চিমবংগ অভিমুখে অবৈধ কাঠ কঢ়িয়াই অনা ট্ৰাকখনক কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাৰ সন্মুখত আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়তে ৰখাবলৈ চেষ্টা কৰে ৷ কিন্তু ট্ৰাকৰ চালকে আৰক্ষীৰ বেৰিকেট ভাঙি পলাবলৈ চেষ্টা কৰোতেই কাষতে ৰৈ থকা এখন বলেৰ’ বাহনত খুন্দা মাৰে ৷ ফলত বাহনখন সম্পূৰ্ণৰূপে বিধস্ত হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয় ৷

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

গুৱাহাটীত উপস্থিত হ’ল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন। বিশেষ ভ্ৰমনসূচী হাতত লৈ অসমত আহি উপস্থিত হৈছে বিত্তমন্ত্ৰী গৰাকী । বিমানযোগে আহি গুৱাহাটী বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে নিৰ্মলা সীতাৰমনক হিমন্ত বিশ্ব শৰ্মা,চন্দ্ৰ মোহন পাটোৱাৰী, ভুৱনেশ্বৰ কলিতা আদিয়ে উষ্ম আদৰণি জনায় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.