ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা শীৰ্ষ খবৰ
7 বজাৰ দহটা শীৰ্ষ খবৰ
author img

By

Published : Aug 21, 2021, 7:04 PM IST

নুনমাটি আৰক্ষীৰ জালত 3 ড্ৰাগছ সৰবৰাহকাৰী

অসম আৰক্ষীৰ কঠোৰ অভিযানৰ মাজতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ সৰৱৰাহৰ অব্যাহত ৰাখিছে একাংশ ড্ৰাগছ সৰৱৰাহকাৰীয়ে ৷ শুকুৰবাৰে নিশা নুনমাটি ড্ৰাগছ সহ আৰক্ষীৰ জালত পৰে তিনিটা ড্ৰাগছ সৰৱৰাহকাৰী ৷

আন্তঃজিলা যাতায়াত মুকলিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান

ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যত বিগত তিনিমাহে আন্তঃজিলা যাতায়ত বন্ধ হৈ থকাৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হৈছে হাজাৰ হাজাৰ বাছ মালিক-কৰ্মচাৰীৰ ৷ শেহতীয়াকৈ ঘোষণা হোৱা SOP তো এই সন্দৰ্ভত কোনো নিৰ্দেশনা নিদিয়াৰ বাবে ক্ষোভিত হৈ পৰিছে বাছ মালিক-কৰ্মচাৰী সকল ৷ ইয়াৰ মাজতে বৰপেটাৰ পৰা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কেইবাটাও সংগঠনে ৷

বিজেপিত উপেক্ষিত নেকি জ্যেষ্ঠ নেতা তথা মুছলমান নেতা ?

অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব পোৱাৰ পিছত যোৱা 18 আষ্টত ভবেশ কলিতাই ঘোষণা কৰিছে বিজেপিৰ নতুন সমিতিৰ খন ৷ দলৰ কাৰ্যালয়ত এই সমিতিৰ বিষয়ববীয়াৰ তালিকাখন ৰাজহুৱা কৰিছিল সভাপতি কলিতাই ৷ কিন্তু সভাপতি গৰাকীয়ে ঘোষণা কৰা সমিতি খনকলৈ চিন্তিত একাংশ দলীয় কৰ্মী ৷

পুনৰ নিশা তাজমহলৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব পৰ্যটকে

জোনাক ৰাতি তাজমহল(Taj Mahal)ৰ সৌন্দৰ্য উপভোগ কৰিব বিচাৰিছে নেকি ? অৱশেষত অপেক্ষাৰ অন্ত পৰিল । শনিবাৰৰ পৰা পুনৰ নিশাও তাজমহলৰ প্ৰৱেশ দ্বাৰ খোলা থাকিব পৰ্যটকৰ বাবে ।

"এক দেশ এক ৰেচন কাৰ্ড" ৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল অসম

অসম "এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড" মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ ফলত এতিয়াৰে পৰা ৰেচন কাৰ্ড থকা সকলো হিতাধিকাৰীয়ে বায়'মেট্ৰিক পদ্ধতিৰে আৰু আধাৰ কাৰ্ডৰ নম্বৰ সংযোগেৰে ৰাজ্যত থকা প্ৰায় ত্ৰিশ সহস্ৰাধিক সুলভ মূল্যৰ দোকানৰ পৰা খাদ্য সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব ।

তালিবানক সমৰ্থন কৰি অসমত 14 জন গ্ৰেপ্তাৰ

তালিবানলৈ সমৰ্থন আগবঢ়াই অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল 14জনকৈ লোক ৷ তালিবানৰ পক্ষত সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট কৰাৰ অপৰাধত অসম আৰক্ষীয়ে লোক কেইজনক গ্ৰেপ্তাৰ কৰিছে ৷

নগাঁৱৰ ফাঁচীৰোডত উচ্ছেদ অভিযান নগাঁও জিলা প্ৰশাসনৰ

ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ বাবেই ২২ টা পৰিয়ালৰ ওপৰত উচ্ছেদ অভিযান নগাঁও জিলা প্ৰশাসনৰ । নগাঁৱৰ ফাঁচীৰোডত জিলা প্ৰশাসনৰ এই উচ্ছেদ অভিযান । চৰকাৰী মাটি বেদখল কৰি অসামজিক কাৰ্যৰ চলাই আহিছিল একাংশই ।

নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীৰ সংযোগস্থলীলৈ পৰিনত হৈছে গোৱালপাৰা

গোৱালপাৰা জিলা আৰক্ষীৰ বৃহৎ সাফল্য ৷ গোপন সুত্ৰৰ পম খেদি জিলাখনৰ দুধনৈৰ ফফলত অভিযান চলাই আৰক্ষীয়ে ধন আৰু নিচাযুক্ত য়াভা টেবলেটৰ সৈতে আটক কৰিলে মহিলা সহিতে চাৰিজনক ৷ জানো আহক কেনেকৈ চুবুৰীয়া ৰাজ্যৰ পৰা কঢ়িয়াই অনা হৈছিল এই টেবলেট ৷

২১ বছৰে অৰ্ধনিৰ্মিত অৱস্থাত ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰকল্প

মহানগৰীৰ চচলত অৰ্ধনিৰ্মিত অৱস্থাত আছে ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অভিলাষী প্ৰকল্প ৷ সম্প্ৰতি হাবি-জংঘলে আগুৰি ধৰি গৰু-ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হোৱা অসম সাহিত্য সভাৰ কেইবা কোটি টকীয়া প্ৰকল্পটো নিৰ্মাণক লৈ আহি পৰিছে চৰম অনিশ্চয়তা ।

হোজাইত বন্যহস্তীয়ে ভাঙিলে বিদ্যালয়কে ধৰি বহু বাসগৃহ

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জলাঞ্চললৈ প্ৰায়ে ওলাই আহে বন্যহস্তী ৷ জনাঞ্চললৈ ওলাই আহিয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে বন্যহস্তীসমূহে ৷ শুকুৰবাৰে নিশা হোজাই জিলাত কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বন্যহস্তীৰ জাকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.