ETV Bharat / state

সাত বজাৰ শীৰ্ষ 10 টা বাতৰি... - TOP 10 @ 7 PM

সাত বজাৰ শীৰ্ষ 10 টা বাতৰি...

সাত বজাৰ শীৰ্ষ 10 টা বাতৰি...
সাত বজাৰ শীৰ্ষ 10 টা বাতৰি...
author img

By

Published : May 1, 2021, 7:00 PM IST

বিশিষ্ট সাংবাদিক-চিন্তাবিদ নিত্য বৰা চিকিৎসাধীন

বিশিষ্ট চিন্তাবিদ, সাংবাদিক নিত্য বৰা অসুস্থ । "অসমীয়া প্ৰতিদিন" কাকতৰ প্ৰাক্তন সম্পাদক গৰাকী যকৃতজনিত ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ বিশিষ্ট সাংবাদিক গৰাকীৰ শৰীৰত ক'ভিডৰ সংক্ৰমণ ধৰা পৰা নাই বুলি জানিবলৈ দিছে চিকিৎসালয় সুত্ৰই ৷

দেশত এদিনতে কৰ'ণাত আক্ৰান্ত 4 লাখতকৈ অধিক লোক

যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’ণাত আক্ৰান্ত হৈ 3,523 জন লোকে প্ৰাণ হেৰুৱাইছে । ফলত নিহত হোৱা লোকৰ সংখ্য়া 2,11,853 জনলৈ বৃদ্ধি পাইছে । আনহাতে, মুঠ 32,68,710 টা ঘটনা সক্ৰিয় হৈ আছে ।

মুখ্যমন্ত্ৰীৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অক্সিজেন প্ৰকল্প পৰিদৰ্শন

শনিবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ মুকলি কৰা দুটাকৈ অক্সিজেন প্লাণ্ট মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰাৰ লগতে শুকুৰবাৰে নিশা অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৱাৰ্ডৰ আইচিইউ কক্ষত সংঘটিত হোৱা অগ্নিকাণ্ড ঘটনাৰ পৰিস্থিতিৰ সন্দৰ্ভতো বুজ লয় মুখ্যমন্ত্ৰী সোণোৱালে । আনহাতে, এগজিট পল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ছাৰ্জিকেল মাস্কৰ দামৰ নামত ৰাজ্যৰ ব্যাপক লুন্ঠন

ৰাজ্যত চলিছে মাস্কৰ বেহাৰ নামত বৃহৎ লুন্ঠন ৷ ইটিভি ভাৰতৰ অনুসন্ধানত পোহৰলৈ আহিছে লুণ্ঠনৰ তথ্য ৷ কৰ’ণাৰ সময়ত মাস্কৰ কেলেংকাৰীক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগক ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী একাংশৰ ৷

ৰিতুল শইকীয়াৰ বাসগৃহত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল

শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অপহৃত ৰিতুল শইকীয়া ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত হৈ আছুৰ সম্পাদক গৰাকীয়ে শীঘ্ৰে অপহৃত শইকীয়াক মুক্তি কৰি দিবলৈ দাবী জনায় ।

কৰ'ণাত প্ৰাণ গ'ল প্ৰতিভাৱান গায়িকা পাৰবিন পৰীৰ

কেইদিনমান আগলৈকে বিহুৰ অনুষ্ঠানত গীত পৰিৱেশন কৰি আছিল কণ্ঠশিল্পী পাৰবিন পৰীয়ে । কিন্তু হঠাত্‍ শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । কিন্তু অৱশেষত শনিবাৰে উদীয়মান কণ্ঠশিল্পী গৰাকীয়ে নিয়তিৰ ওচৰত হাৰ মানিলে ।

ধুবুৰীত ভোট গণনাৰ প্ৰস্তুতি সম্পন্ন

দেওবাৰে অনুষ্ঠিত হ’ব ৰাজ্যৰ ভোট গণনা । নিৰ্ধাৰণ হ’ব ধুবুৰীৰ পাঁচটা সমষ্টিৰ মুঠ ৪১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ভোট গণনাৰ বাবে সাজু ধুবুৰী জিলা প্ৰশাসন ৷ ক’ভিড বিধি অনুসৰি সম্পন্ন কৰা হ’ব ভোট গণনা ৷

চুমিলা হত্যাকাণ্ডৰ তদন্তৰ দাবীত বাইক ৰেলী

চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডত শোকস্তব্ধ মটৰ ৰাইডিং সংস্থাসমূহ । উচিত তদন্তৰ দাবীত ডিফুৰ পৰা ৰহালৈ বাইক ৰাইডাৰসকলে এক ৰেলী আৰম্ভ কৰে ।

ষ্ট্ৰং ৰুমত কৰ্তব্যৰত কৰ্মচাৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ 3

গোৱালপাৰা মহাবিদ্যালয়ত সংস্থাপিত ষ্ট্ৰং ৰুমত চিচি কেমেৰাৰ বিসংগতিক কেন্দ্ৰ কৰি বুধবাৰে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷ কেন্দ্ৰটোত কৰ্তব্যৰত কৰ্মচাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত শনিবাৰে আৰক্ষীয়ে আদালতলৈ প্ৰেৰণ কৰে তিনিগৰাকী কৰ্মচাৰীক ৷

আলফা(স্বাঃ) লৈ মুকলি সমৰ্থন জনাই আটক তিতাবৰৰ যুৱক

সামাজিক মাধ্যমযোগে আলফা(স্বাঃ) লৈ মুকলি সমৰ্থন জনোৱাৰ অভিযোগত আটক হ'ল তিতাবৰৰ এজন যুৱক । আলফা(স্বাঃ)ৰ সংগ্ৰাম আগবঢ়াই নিবলৈ আহ্বান জনাইছিল যুৱকজনে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.