ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 AT 3PM

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 3PM
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Oct 8, 2020, 3:17 PM IST

দেশৰ 24 খন বিশ্ববিদ্যালয়ক ভুৱা ঘোষণা বিশ্ববিদ্যালয় অনুদান আয়োগৰ

সমগ্ৰ দেশত চলি থকা 24খন বিশ্ববিদ্যালয়ক ভুৱা বুলি ঘোষণা কৰিছে বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিয়ে ৷ ইয়াৰ ভিতৰত সৰ্বাধিকসংখ্যক উত্তৰ প্ৰদেশৰ হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত সৰ্বনিম্নসংখ্যক বিশ্ববিদ্যালয় আছে ৷

নেপাল সীমান্তত নিয়োজিত এছএছবি জোৱানৰ সৈতে দুৰ্ব্যৱহাৰ

ভাৰত-নেপাল সীমান্তত নিয়োজিত হৈ সশস্ত্ৰ সীমা বলৰ জোৱানৰ সৈতে দুৰ্ব্যৱহাৰ নেপালী নাগৰিকৰ ৷ পিলিভিটৰ নৌজালা সীমান্ত চকীত কৰ্মৰত এছএছবিৰ বিষয়া উজ্জ্বল সিঙে এই কথা প্ৰকাশ কৰিছে ৷

ভাৰতৰ ভিন্ন ৰাজ্যত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

ভাৰতত অভিলেখ সংখ্যক 68,35,655 গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ এটা দিনৰ ভিতৰতে সৰ্বাধিক ভাইৰাছবিধত আক্ৰান্ত হৈছে 78,524 গৰাকী লোক ৷ আইচিএমআৰৰ তথ্য অনুসৰি, বুধবাৰৰ দিনটোলৈকে 11,94,321 গৰাকী লোকৰ পৰা সংগ্ৰহ কৰা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷

আগন্তুক 100 দিনত 12 কোটি ৰাইজৰ কাষলৈ যাব চিআৰপিএফ

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ মহানিৰ্দেশক এপি মাহেশ্বৰীয়ে কয় যে, অৰ্ধসামৰিক বাহিনীটোৱে ইয়াৰ 1,600 চাউনীৰ সহায়ত আগন্তুক 100 দিনত দেশৰ 12 কোটি জনতাৰ সৈতে কোভিড-19 সন্দৰ্ভত আলোচনাত মিলিত হ'ব ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সজাগতা নীতিৰ অধীনত এই কাৰ্যসূচী হাতত লৈছে বিশ্বৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনীটোৱে ৷

চিনামৰা চাহ বাগিচাত আদিবাসী ছাত্র সন্থাৰ উত্তাল প্ৰতিবাদ

যোৰহাটৰ চিনামৰা চাহবাগিচাৰ কাৰ্যলয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। নাৰ্য্য প্ৰাপ্তিৰ দাবীত চাহশ্ৰমিক সকলে এই প্ৰতিবাদী কাৰ্যসূচী।

বঙালী নিৰ্যাতনৰ অভিযোগত শিলচৰত প্ৰতিবাদ

বঙালী সকলৰ ওপৰত নিৰ্যাতনৰ অভিযোগ তুলি শিলচৰত প্ৰতিবাদ ৷ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লোকে বঙালী সকলক নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ এই অভিযোগত আমৰা বাঙালী, সাৰা বাঙ্গালি ছাত্ৰ সন্থাৰ পতিবাদ সাব্যস্ত ৷ বাঙালী লোকসকলৰ ওপৰত নিৰ্যাতনৰ পাছতো কোনো পদক্ষেপ গ্ৰহন নকৰাক লৈ চৰকাৰৰ ওপৰত ক্ষোভিত প্ৰতিবাদকাৰী সকল ৷

আফগান শান্তি আয়োগ প্ৰধানৰ সৈতে এনএছএ অজিত ডোভালৰ বৈঠক

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আফগান শান্তি আয়োগৰ অধ্যক্ষ আব্দুল্লা আব্দুল্লাহৰ সৈতে এক আলোচনাত মিলিত হয় ৷

হাথৰস-আলিগড়লৈ আৰক্ষীৰ শীৰ্ষ বিষয়া প্ৰেৰণ

উত্তৰ প্ৰদেশৰ হাথৰস কাণ্ডৰ উত্তেজনা অব্যাহত থকাৰ সময়তে হাথৰস জিলা আৰু আলিগড়লৈ প্ৰেৰণ আৰক্ষীৰ শীৰ্ষ বিষয়া। অতিৰিক্ত আৰক্ষী মহানিৰ্দেশক আৰু আৰক্ষী উপ-মহাপৰিদৰ্শক পৰ্যায়ৰ দুগৰাকী আৰক্ষী বিষয়াক ৭দিনৰ বাবে প্ৰেৰণ।

অটল সুৰংগৰে পাৰ হ'ল সেনাৰ প্ৰথমটো কনভয়

3 অক্টোবৰত মুকলি কৰা অটল সুৰংগৰে পাৰ হয় ভাৰতীয় সেনাৰ প্ৰথমটো কনভয় ৷ অটল সুৰংগটো উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াক দেশৰ সুৰক্ষা বাহিনীৰ নামত উৎসৰ্গা কৰে ৷

বালিকুৰী ডাক সেৱা কেন্দ্ৰৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ

বৰপেটা জিলা ডাক সেৱা বিষয়াৰ বিৰুদ্ধে জনীয়াত প্ৰতিবাদ ৷ জনীয়াৰ বালিকুৰী ডাক সেৱা কেন্দ্ৰৰ পৰা বালিকুৰী ননকে গাঁও কৰ্তন কৰি অন্য ডাক সেৱা কেন্দ্ৰত সংলগ্ন কৰাত ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদ সাব্যস্ত ৷ শীঘ্ৰে পূৰ্বৰ দৰে ডাক সেৱা আৰম্ভ নকৰিলে অধিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.