ETV Bharat / state

বিয়লি 3 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 3PM

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 @ 3PM
TOP 10 @ 3PM
author img

By

Published : Aug 16, 2020, 3:07 PM IST

স্বাস্থ্যৰ কিছু উন্নতি হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ কিছু উন্নতি হোৱা বুলি জানিবলৈ দিছে তেখেতৰ পুত্ৰ অভিজিত মুখাৰ্জীয়ে ৷ বিগত 10 আগষ্টত এক গুৰুতৰ মগজুৰ চাৰ্জাৰী সম্পন্ন কৰা হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৷ ইয়াৰ পিছতেই তেখেতৰ মৃত্যু উৰাবাতৰি প্ৰচাৰ হয় যদিও এই সকলো উৰাবাতৰি খণ্ডন কৰিছে পুত্ৰ অভিজিতে ৷

বিদায় বেলাত ধোনীৰ প্ৰশংসাত পঞ্চমুখ হ'ল ৰোহিত, গাংগুলী

প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে শনিবাৰে অৱসৰ ঘোষণা কৰাৰ পাচতে তেওঁক বিদায় জনাই ভাৰতৰ সীমিত অ'ভাৰৰ সহ-অধিনায়ক ৰোহিত শৰ্মাই ৷ "ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম প্ৰভাৱশালী ব্যক্তি" হিচাপে ধোনীক চিহ্নিত কৰে ৰোহিতে ৷

গৰাখহনীয়াই সৰ্বস্বান্ত কৰা সোনামিঞাৰ পৰিয়াল

ব্ৰহ্মপুত্ৰৰ ভয়াৱহ আৰু কালৰূপী গৰাখহনীয়াৰ কবলত ধুবুৰীৰ দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ ফকিৰগঞ্জ অঞ্চল। বিগত বছৰে ইখনৰ পিছত সিখনকৈ গাঁও গ্ৰাস কৰিছে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াই। মাটি ভেটি হেৰুৱাই গৃহহীন হৈ পৰিছে ইয়াৰ হাজাৰ হাজাৰ পৰিয়াল।

পাগলাদিয়াৰ সোঁত সলনি কৰাত ব্য়স্ত এজাক লোক...

ৰাইজে নখ জোকাৰিলে নৈ বয় বোলা আপ্ত বাক্যশাৰীক পুনৰবাৰ বাস্তৱত প্ৰতিফলিত কৰিবলৈ আপ্ৰাণ চেষ্টা চলালে বাক্সাবাসীয়ে ৷ জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী তামুলপুৰৰ পাহাৰপুৰ গাঁওৰ মাজেৰে বৈ গৈছে পাগলাদিয়া নৈ ৷

আমেৰিকাত অধ্যয়নৰত ছাত্ৰীৰ মৃত্যুৰ সৈতে জড়িত দুই যুৱকক আটক

সুদিক্ষা ভাটীৰ পথ দুৰ্ঘটনাৰ সৈতে জড়িত দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে উত্তৰ প্ৰদেশ আৰক্ষী ৷ বিগত 10 আগষ্টত ইভ টিজিঙৰ সন্মুখীন হৈ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱতি লৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যয়নৰত সুদিক্ষা ভাটীয়ে ৷

অটল বিহাৰী বাজপেয়ী দেশপ্ৰেম আৰু ভাৰতীয় সংস্কৃতিৰ কণ্ঠস্বৰঃ অমিত শ্বাহ

দেওবাৰে আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷

বৰডুমচাৰ মাধৱপুৰত দুৰ্ঘটনাগ্ৰস্ত চোৰাং কাঠভৰ্তি ট্ৰাক

ভিন্ন সময়ত অৰুণাচলৰ পৰা অসমলৈ দীৰ্ঘদিন ধৰি চোৰাং কাঠ সৰবৰাহ হৈ থকাৰ অভিযোগ উত্থাপন কৰি আহিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিয়ে ৷ তাৰ মাজতেই দেওবাৰে অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল বৰডুমচাৰ মাধৱপুৰত সংঘটিত হয় এক দুৰ্ঘটনা ৷

সঞ্জয় লীলা ভাঞ্চালীৰ কাৰ্যালয়লৈ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ

ঞ্জয় লীলা ভাঞ্চালীক সাক্ষাৎ কৰিবলৈ গৈছে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ ৷ দুয়ো একেলগে গৈছে ছবি নিৰ্মাতাগৰাকীৰ মুম্বাইস্থিত কাৰ্যালয়লৈ ৷ আহিবলগীয়া ছবি গংগুবাই কাঠিয়াবাড়ীত সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে একেলগে কাম কৰিছে অভিনেত্ৰী আলিয়া ভাটে ৷

কৰ'ণা আক্ৰান্ত বিধায়ক বিজয় মালাকাৰৰ আশু-আৰোগ্য কামনাৰে যজ্ঞ-নামাজ

শেহতীয়াকৈ ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকৰ আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ সমষ্টিবাসীৰ মাজত যথেষ্ট জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হোৱা বিধায়ক গৰাকীৰ আশু-আৰোগ্য কামনাৰে দেওবাৰে সমষ্টিবাসীয়ে অনুষ্ঠিত কৰিলে যজ্ঞ, পঢ়িলে নামাজ ৷

নিজ পিতৃ-মাতৃক মৰিয়াই হত্যা কৰিলে পুত্ৰই

কমলপুৰৰ বৰমাৰৈত নিজ পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে পিতৃ-মাতৃক ৷ দেওবাৰে পুৱা প্ৰায় 7:30 বজাত সংঘটিত হয় এই ঘটনা ৷ স্থানীয় লোক আৰু আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, দেৱৰু কাকতি (৭২) আৰু বাসন্তী কাকতি (৬৫) ৰ তৃতীয় পুত্ৰ দ্বীপেন কাকতিয়ে কোনো ঘৰুৱা কন্দলৰ বাবেই নিজ পিতৃ-মাতৃক হত্যা কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.