তেজপুৰত পৰম্পৰাগত কুমাৰী পূজা সম্পন্ন
তেজপুৰত অনুষ্ঠিত কুমাৰী পূজা । 9 গৰাকী কুমাৰীক নৱৰূপা দুৰ্গাৰ ৰূপত পৰম্পৰাগত ভাৱে পূজা-অৰ্চনা আগবঢ়োৱা হয় ।
ডাষ্টবিনলৈ পৰিণত পদুম পুখুৰী
মৰিগাঁৱত সৌন্দৰ্য বৰ্ধনৰ নামত পৰিত্যক্ত পদুম পুখুৰী । জাৱৰ-জোথৰ পেলোৱা নৰ্দমালৈ পৰ্যবসিত ঐতিহ্যমণ্ডিত মৰিগাঁৱৰ পদুম পুখুৰী ৷
দাৰ্জিলিঙত সেনাৰ সৈতে শস্ত্ৰ-পূজা আগবঢ়ালে প্ৰতিৰক্ষামন্ত্ৰীয়ে
দেওবাৰে বিজয়া দশমী উপলক্ষে দাৰ্জিলিঙৰ যুদ্ধ স্মাৰকত শ্বহীদক শ্ৰদ্ধা অৰ্পন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ আনহাতে চুকনা চেৰাথাংস্থিত সেনাৰ চাউনীত ‘শস্ত্ৰ পূজা’ত ভাগ লয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷
বন্য হস্তীৰ আক্ৰমণত এজনৰ মৃত্যু
দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজত ৰঙাপৰাত অঘটন ৷ বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু ৷ দীৰ্ঘদিনে অঞ্চলটোত অব্যাহত আছে হস্তী-মানৱৰ সংঘাত ৷
হোজাইত বন্যহস্তীৰ আক্ৰমণত নিহত এজন
হোজাইত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজন লোকৰ ৷ ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷
ঐতিয্যমণ্ডিত নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত নৱমী পূজা আৰম্ভ
নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত নৱমী পূজা আৰম্ভ ৷ ক'ভিড-19 ৰ বাবে আধ্যাত্মিকতা ৰক্ষাৰ বাবে মাত্ৰ 1 টা মহ বলি দিয়া হয় দেৱালয়খনত ৷
ভাৰতৰ ভিন্ন ৰাজ্যত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য
ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 78,64,811 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই পৰ্যন্ত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য লাভ কৰিছে প্ৰায় 70 লাখ লোকে ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ দেশখনত ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে 1,18,534 গৰাকীয়ে ৷ সম্প্ৰতি 6,68,154 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷
বাঘজানৰ জুই নিৰ্বাপনৰ দায়িত্ব কানাডাৰ প্ৰতিষ্ঠানক
বাঘজানৰ জুই নিৰ্বাপনৰ দায়িত্ব বিদেশী প্ৰতিষ্ঠানক ৷ বিমানযোগে অনা হ'ল বিশেষ সা-সঁজুলি ৷ আশাবাদী বাঘজানবাসী ৷
স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠা দিৱসত সেনাবাহিনীক প্ৰশংসা সংঘপ্ৰধানৰ
দেওবাৰে নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ৰ মহৰ্ষি ব্যাস প্ৰেক্ষাগৃহত অনুষ্ঠিত বাৰ্ষিক দশমী কাৰ্যসূচীত ভাগ লৈ আৰএছএছ প্ৰধান মোহন ভাগৱতে বিগত এবছৰত সংঘটিত বিভিন্ন উল্লেখযোগ্য ঘটনা বিষেষকৈ লাডাখৰ ভাৰত-চীনৰ সীমা বিবাদ সন্দৰ্ভত মন্তব্য কৰে ৷ লগতে আৰএছএছ প্ৰধানে ৰাজনীতি,সমাজ,ৰাষ্ট্ৰীয় সুৰক্ষা আৰু পৰিয়ালকেন্দ্ৰিক মূল্যৰ দ্বাৰা সম্বন্ধিত বিভিন্ন সমস্যা সন্দৰ্ভত নিজৰ বক্তব্য ৰাখে ৷
নৱমীত হাফলং ৰামকৃষ্ণ সেৱা সমিতিৰ গ্ৰন্থ উন্মোচন
নৱমীৰ দিনা এই গ্ৰন্থ উন্মোচন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব অমিতাভ ৰাজখোৱাই ৷