ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 @ 3 PM
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Sep 11, 2020, 3:13 PM IST

ভাৰতত 45 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা মহামাৰীৰ সংক্ৰমণে

ভাৰতত মুঠ 45,62,414 গৰাকী COVID-19 আক্ৰান্ত লোকৰ ভিতৰত সম্প্ৰতি 9,43,480 গৰাকী সক্ৰিয় ৰোগী থকাৰ বিপৰীতে, 35,42,663 গৰাকী লোকে আৰোগ্য লাভ কৰিছে ৷ ইয়াৰ বিপৰীতে দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু লোকৰ সংখ্যা বৃদ্ধি পালে 76,271 গৰাকীলৈ ৷

গোৱালপাৰাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ লুণ্ঠনঃ বঞ্চিত প্ৰকৃত হিতাধিকাৰী

মূলত 37 নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত কল্যাণপুৰ গাওঁ পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে পঞ্চায়তটোৰ অন্তৰ্গত বহু লোকে ৷

দ্বিতীয় বাঘজান হোৱাৰ দিশে গোলাঘাটৰ তামুলীপথাৰ

গোলাঘাট জিলাৰ কমাৰগাঁৱৰ তামুলীপথাৰত অইল ইণ্ডিয়াৰ ভুলৰ বাবে খাৰুৱা তেল নিৰ্গত হৈছে তেল পৰিবাহী পাইপ লাইনৰ পৰা। যাৰবাবে কৃষি ভূমি বিনষ্ট হোৱাৰ উপৰিও বাঘজান সদৃশ পৰিৱেশৰ দিশে ধাৱমান হৈছে গোলাঘাট জিলাৰ তামুলীপথাৰ ।

যোৰহাট আৰক্ষীৰ জালত ম’ষ্ট ৱান্টেড ‘পচা’

আৰক্ষীৰ জালত যোৰহাটৰ জুৱাৰ সম্ৰাট ৷ অতৰ্কিতে চলোৱা অভিযানত গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ ম'ষ্ট ৱান্টেড অপৰাধী ‘পচা’ ৷ আৰক্ষীৰ চকুত ধুলি দি হৰিজন কলনিৰ নিজা বাসভৱনত জুৱাৰ এক বৃহৎ আড্ডা গঢ়ি তুলিছিল ‘পচা’ই । বহু চেষ্টা কৰিছিল যদিও অতিকৈ চতুৰ "পচা"ক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল যোৰহাট আৰক্ষী ।

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ "ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান"ৰ কৰ্মীৰ

পূৰ্বৰ পৰা অস্থায়ী ভাৱে কাম কৰি থকা সকলৰ চাকৰি নিয়মীয়া নকৰাকৈয়ে পুনৰ নতুন নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰাত ক্ষোভিত হৈ পৰিছে "ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান" কৰ্মী সকল ৷

বালিপৰাত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

অৰুণাচলৰ পৰা সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে ৷ গাঞ্জাখিনিৰ সৈতে আটক কৰিছে এজনক ৷

কাৰ্বি আংলঙত ভয়াৱহ পথ দুৰ্ঘটনাঃ নিহত 2 জন

কাৰ্বি আংলঙৰ লাংহিনত এখন ট্ৰাক আৰু এখন ছুইফ্ট ডিজায়াৰ বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহত হৈছে দুজনকৈ ব্যক্তি ৷ নিহত দুজন ক্ৰমে দীপ বৰা আৰু নিৰ্মল বৰা বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই পাহাৰীয়া জিলাখনত পেলাইছে শোকৰ ছাঁ ৷

ৰিয়া-সৌভিকৰ জামিন আবেদন নাকচ

নাকচ হ'ল ৰিয়া চক্ৰৱৰ্তী আৰু সৌভিক চক্ৰৱৰ্তীৰ জামিন আবেদন ৷ শুকুৰবাৰে বিশেষ আদালতে দুয়োৰে জামিন আবেদন সন্দৰ্ভত প্ৰদান কৰে এই ৰায় ৷ আনহাতে এই গোচৰত অভিযুক্ত আন 4 জন অভিযুক্তৰো জামিন আবেদন নাকচ কৰে আদালতে ৷

১২ ছেপ্টেম্বৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ আৰু ৪ খন নতুন ৰেল

দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰেল যাত্ৰী সকলৰ বাবে সুখবৰ । ১২ ছেপ্টেম্বৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ পুনৰ চলিব ৪ খন ৰেল ৷ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা চলিব লগা দুৰণিবটীয়া ৰেল কেইখন হ’ল ডিব্ৰুগড়ৰ পৰা অমৃতসৰ(সাপ্তাহিক),গুৱাহাটী পৰা বাংগালুৰু(সপ্তাহত তিনি দিন),গুৱাহাটী পৰা লালগড়(প্ৰতিদিনে)আৰু আগৰতলাৰ পৰা দেওঘৰ(সাপ্তাহিক)।

গোসাইগাঁৱত শোকাবহ পথ দূৰ্ঘটনাঃ নিহত এজন

মানিকপুৰৰ গোসাইগাঁও ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাবহ পথ দূৰ্ঘটনা । তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হ’ল এজন পথচাৰী । নিহত চাইকেল আৰোহীজন ভক্তপ্ৰসাদ দাস (৩৮) বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.