দিল্লীস্থিত COVID-19 হাস্পতাল ভ্ৰমণ অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ
দেওবাৰে দিল্লীস্থিত চৰ্দাৰ বল্লভভাই পাটেল COVID-19 হাস্পতাল ভ্ৰমণ কৰে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । DRDOদ্বাৰা নিৰ্মাণ কৰা এই হাস্পতালখন ১২ দিনত সম্পূৰ্ণ কৰে বুলি মন্তব্য কৰে শ্বাহে ।
দালাই লামাক জন্ম দিনৰ শুভেচ্ছা ভাৰতস্থিত মাৰ্কিন ৰাষ্ট্ৰদূতৰ
মাৰ্কিন ৰাষ্ট্ৰদূত কেনেথ আয়েৰ লগতে ইউ এছ হাউছৰ মুখপাত্ৰ নেছী পলিছ, ভাৰতৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজু, ন'বেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীয়ে তিব্বতীয়ান ধৰ্মগুৰু দালাই লামাক জন্ম জয়ন্তীৰ শুভেচ্ছা জনায় ৷
ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনশন
বিগত কিছুদিনৰ পৰা চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা ভূমি নীতি সম্পৰ্কে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে ৰাজ্যত ৷ ৰাজ্যৰ কেইবাটাও দল-সংগঠনে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ কামপুৰতো সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে গ্ৰহণ কৰে অনশন কাৰ্যসূচী ৷
মোডীৰ লেহ যাত্ৰাই আলোচনাৰ বাবে ভাৰতৰ সংকল্প প্ৰমাণ কৰেঃ লেফটেনেণ্ট জেনেৰেল ডি এছ হুদা
নিজৰ কৰ্ম দক্ষতাৰ বাবে পৰিচিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পূৰ্ব লাডাখত ভাৰত-চীনৰ সেনাৰ মাজত হোৱা সংঘৰ্ষৰ পাচতে লেহ পটভূমিত প্ৰধানমন্ত্ৰী গৰাকী উপস্থিত হোৱা বিষয়টোয়ে তাৎপৰ্য বহন কৰে বুলি মন্তব্য প্ৰকাশ কৰে লেফটেনেণ্ট জেনেৰেল ডি এছ হুদাই । লগতে মহামাৰী কৰ'ণা সংকটৰ মাজতো ভাৰত চৰকাৰ লেহৰ ঘটনা সন্দৰ্ভত বৰ্তমানেও সক্ৰিয় হৈ আছে বুলি সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উল্লেখ কৰে লেফটেনেণ্ট জেনেৰেল হুদাই ।
ব্ৰাজিলত কোভিড ৰোগীৰ সংখ্যা ১.৬ মিলিয়ন অতিক্ৰম
ব্ৰাজিলত বিগত ২৪ ঘণ্টাত কোভিড-১৯ত আক্ৰান্ত হৈছে ২৬,০৫১ গৰাকী লোক। দেশখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান ১.৬ মিলিয়ন অতিক্ৰম কৰিছে এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা।
নিশ্চিহ্ন হোৱাৰ দিশে জলেশ্বৰৰ মথাউৰি
বানৰ সমান্তৰালকৈ গৰাখহনীয়াই ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যত ৷ গোৱালপাৰাৰ জলেশ্বৰৰ চিলাৰভিটাত খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে জনজীৱনৰ প্ৰতি ৷ অঞ্চলবাসীৰ সমস্যাৰ প্ৰতি কাণসাৰ নাই কোনো স্থানীয়জন প্ৰতিনিধিৰ ৷
জিম খোলাৰ অনুমতি বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীৰ
কোভিড-১৯ সংকটৰ বাবে বিগত মাৰ্চ মাহৰ পৰা জিমসমূহ বন্ধ হৈ থকাত জিমৰ মালিকসকলে আৰ্থিক সংকটৰ সম্মুখীন হৈছে। সেয়ে 'SOP'ৰ নিৰ্দেশাৱলী মানি চলি জিম সমূহ খোলাৰ অনুমতি বিচাৰি প্ৰধানমন্ত্ৰী মোডীলৈ পত্ৰ প্ৰেৰণ কৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে।
COVID-19ত আক্ৰান্ত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি গৰাকী চিকিৎসক
মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি গৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি । সম্প্ৰতি সম্পূৰ্ণ ছীল কৰি দিয়া হৈছে মঙলদৈ অসামৰিক চিকিৎসালয় ।
অৰুণাচলত উদযাপন দালাই লামাৰ ৮৫ তম জন্মদিন
আজি তিব্বতৰ ধৰ্মগুৰু দালাই লামাৰ ৮৫ সংখ্যক জন্ম দিন ৷ ১৯৩৫ চনৰ আজিৰ দিনটোত জন্ম গ্ৰহণ কৰিছিল 14 দালাই লামাই। ইটানগৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ'ল এই পবিত্ৰ দিনটো ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে টাৱাংৰ বিধায়ক আৰু পশ্চিম কামেঙৰ বিধায়কসকলে প্ৰত্যেক জিলাৰ সদৰ স্থানত তিব্বতৰ ধৰ্মগুৰুগৰাকীৰ ৮৫ সংখ্যক জন্ম দিনটো অনুষ্টুপীয়াকৈ উদযাপন কৰে ।
বহিঃৰাজ্যত কৰ্ম বিমুখ হৈ স্বগৃহলৈ ঘূৰি অহা যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস
গোলাঘাটৰ প্ৰায় দুই শতাধিক যুৱক সংগঠিত হৈ স্বাৱলম্বনৰ পথ মুকলি কৰিছে । সুৰুযমুখী নামৰ এটা সংস্থা গঠন কৰি সংস্থাপনৰ পথ বাছি লৈছে গোলাঘাটৰ কেইজনমান উদ্য়মী যুৱকে। গোলাঘাটৰ মাজখুমটাইৰ লোকেন তামুলী নামৰ যুৱকজনে আৰম্ভ এই প্ৰয়াস ৷