অসমত আঞ্চলিকতাবাদ শক্তিশালী হোৱা উচিত:প্ৰফুল্ল কুমাৰ মহন্ত
নগাঁও জিলা অগপৰ কাৰ্যালয়ত প্ৰাক্তন মুখ্য়মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ উপস্থিতিত অনুষ্ঠিত হৈ যায় এক কাৰ্যকৰী সভা । কিন্তু উক্ত সভাত উপস্থিত থকা দেখা নগ’ল মন্ত্ৰী কেশৱ মহন্তক। সভাখনত আঞ্চলিক দলটোক শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা কৰে নগাঁও জিলা অগপৰ কৰ্মকৰ্তাসকলে ৷
স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন ৰঙিয়াৰ এগৰাকী কণ্ঠশিল্পী
শেহতীয়া পৰিস্থিতিৰ সময়তো হাৰ নমনাকৈ জীৱন সংগ্ৰাম চলাই নিবলৈ সক্ষম হৈছে ৰঙিয়াৰ জনপ্ৰিয় গায়ক বিকুল শইকীয়া ৷ জীৱিকা নিৰ্বাহৰ স্বাৰ্থত বিকুলে নিজ ঘৰতে আৰম্ভ কৰে গ্ৰীন জ’ন নামেৰে এখন নাৰ্চাৰী ৷ অতি কম সময়ৰ ভিতৰতে নাৰ্চাৰীখনে গ্ৰাহকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে সংস্থাপিত হৈছে অন্য দহগৰাকী ব্যক্তি ৷
বিশ্বনাথত ১৪ জন একেলগে Covid 19ত আক্ৰান্ত
বিশ্বনাথ কোভিড-১৯ আক্ৰান্ত লোকক চিকিৎসাৰ বাবে কোভিড চিকিৎসালয়লৈ প্ৰেৰণ । আতংকিত বিশ্বনাথবাসী । কোনো সামাজিক দুৰত্ব নাই বিশ্বনাথত তীব্ৰ সমালোচনা সচেতন মহলৰ ৷
বিপদ সীমাৰ পৰা ৩৮ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ
মহানগৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ভয়াবহভাৱে বৃদ্ধি পাই আছে । বৰ্তমান গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বিপদ সীমাৰ পৰা ৩৮ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে। যোৱা ২৬ জুন তাৰিখে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমা অতিক্ৰম কৰিছিল। প্ৰতি ঘণ্টাত ২-৩ ছেন্টিমিটাৰকৈ বৃদ্ধি পাই আছে জলস্তৰ।
ফুলবাৰী আৰু মুৰফুলনী সংযোগী পথে দুৰ্ভোগ ভুগাইছে জনতাক
গোলাঘাটৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙি মৌজাৰ মুৰফুলনী পঞ্চায়তৰ অন্তৰ্গত ফুলবাৰী আৰু মুৰফুলনী সংযোগী পথটোৱে জ্বলা কলা খোৱাইছে জনতাক ৷ প্ৰায় কুৰিখন গাঁৱৰ যোগাযোগৰ একমাত্ৰ এই পথটোৰে দৈনিক শ শ লোকে যাতায়ত কৰে ৷
কলৰ ভুৰত উঠি দৰাই আনিলে কইনা
দেওবাৰে দৰঙত অনুষ্ঠিত হ'ল এখন ব্যতিক্ৰমী বিবাহ ৷ গাড়ী-ঘোঁৰা-হাতী নহয়, কলৰ ভুৰত উঠি আহিল দৰা ৷ প্ৰলয়ংকৰী বানৰ বাবে ছিপাঝাৰ সমষ্টিৰ কুমাৰপাৰা গাঁৱৰ পৰা দৰা সাজি বগাছলা গাঁৱলৈ কলৰ ভুৰত ৰাওনা হয় নুৰ আলম ৷
চিৰাঙত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ
চিৰাঙত বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ । ৰাজ্যপালৰ নিৰ্দেশৰ পিচতে কঠোৰ বন বিভাগ আৰু বিভিন্ন বেচৰকাৰী সংস্থা।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ দাবীত আছুৰ প্ৰতিবাদ
যোৰহাটৰ বজাৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সকলোৰে চকু কঁপালত তুলিছে । লক ডাউনৰ গইনা লৈ চহৰখনৰ একাংশ অসাধু ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে নিতান্তই প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য ৷ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ আছুৰ ৷ যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ ।
ৰাজ্যত বানত মৃতকৰ সংখ্যা 24 জনলৈ বৃদ্ধি
কাজিৰঙা আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃৰ্ণ অঞ্চল বৰ্তমানো জলমগ্ন হৈ আছে ৷ ৰাষ্ট্ৰীয় উদ্যান দুখনৰ বন্য প্ৰাণীয়ে নিৰাপদ স্থানৰ সন্ধানত যাত্ৰা কৰিছে ওখ স্থানলৈ ৷
বঙাইগাৱঁত ৰেল বিভাগৰ দায়িত্বহীনতাৰ বাবে পণবন্দী সাধাৰণ ৰাইজ
বঙাইগাঁৱত ৰেল বিভাগৰ দায়িত্বজ্ঞানহীনতাই জীয়াতু ভুগাইছে সাধাৰণ ৰাইজক ৷ মুঠ পাঁচটা ৰেলৰ সুৰংগ পথৰ আটাইকেইটাতে জমা হয় পানী ৷ ফলত পণবন্দী হ'বলগা হৈছে স্থানীয় ৰাইজ ৷