লক্ষ্য উপ-নিৰ্বাচন; ভবানীপুৰ দখলৰ যৎপৰোনাস্তি চেষ্টা অব্যাহত বিজেপিৰ
বাক্সা জিলাৰ শালবাৰীৰ ৰূপহী, গাতিত বিজেপি দলৰ বিশাল নিৰ্বাচনী সভা ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে এই নিৰ্বাচনী সভাত ৷ কংগ্ৰেছ-এ আই ইউ ডি এফেও ফণী তালুকদাৰ জিকাটো বিচাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷
এ আই ইউ ডি এফক ভেঞ্চাৰ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
নিৰ্বাচনী সভাত এটাৰ পিছত আন এটা প্ৰতিশ্ৰুতিৰ বন্যা মুখ্যমন্ত্ৰীৰ ৷ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ নিজৰ নিজৰ ৰাজনৈতিক কুচ-কাৱাজ আৰম্ভ হৈছে ।
অখিল গগৈক তিনি মিনিটৰ বিধায়ক আখ্যা দিলে প্ৰশান্ত ফুকনে
থাওৰাত নিবাৰ্চনী প্ৰচাৰ চলাই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আক্ৰমণৰ লক্ষ্য কৰি লয় অখিল গগৈক । প্ৰশান্ত ফুকনে কয়, অখিল গগৈ তিনি মিনিটৰ বিধায়ক ।
পুনৰ খহনীয়াৰ কবলত কলগাছিয়াৰ বৃহত্তৰ অঞ্চল
কলগাছিয়াৰ খাৰবাল্লী আৰু সুঁতিৰপথাৰ গাঁৱৰ বৃহত্তৰ এলেকাত বেকী নদীৰ ভয়ংকৰ গৰাখহনীয়া । নিশাৰ ভিতৰতে নদীৰ বুকুত জাহ গ’ল দহটাকৈ পৰিয়ালৰ বাসগৃহ ৷ খহনীয়াত জাহ যোৱাৰ উপক্ৰম ২নং বিকল্প ৰাজ্যিক ঘাইপথ ।
অস্তিত্বহীনতাত অবড়ো সুৰক্ষা সমিতি অসম : ব্ৰজেন মহন্ত
বুধবাৰে বিজেপি(BJP) দলত যোগদান কৰি অবড়ো সুৰক্ষা সমিতি অসম(Abodo Suraksha Samiti)ৰ বিষয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অবড়ো সুৰক্ষা সমিতি অসমৰ প্ৰাক্তন উপদেষ্টা ব্ৰজেন মহন্ত(Brajen Mahanta)ই ৷
অসমত বন্ধ হ'ব লাগে ভোজপুৰী-মাৰোৱাৰী-বাঙালী ফেডাৰেশ্যন; শৃংখল চলিহাৰ হুংকাৰ
বীৰ লাচিত সেনাৰ নগাঁও জিলাৰ নতুন সমিতি গঠন । সভাত পর্যবেক্ষক হিচাপে উপস্থিত সংগঠনটোৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহা। নগাঁৱত উপস্থিত হৈ শৃংখল চলিহাৰ বিস্ফোৰণ ।
আগ্ৰা যোৱাৰ পথত প্ৰিয়ংকা গান্ধীৰ কনভয়ক বাধা আৰক্ষীৰ
বুধবাৰে মৃত অৰুণ বাল্মিকীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ লক্ষ্ণৌৰ পৰা আগ্ৰালৈ ৰাওনা হৈছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ কিন্তু আগ্ৰা এক্সপ্ৰেছ হাইৱেত তেওঁৰ কনভয়ক বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷
ছিৰিয়াৰ ডামাছকাছত বোমা বিস্ফোৰণত প্ৰাণ গ'ল ১৪ জন জোৱানৰ
ছিৰিয়াৰ ৰাজধানী ডামাছকাছত বুধবাৰে দুটাকৈ বোমা বিস্ফোৰণ । ভয়াৱহ বিস্ফোৰণ প্ৰাণ হেৰুৱালে ১৪ জন সেনা জোৱানে । আহত হয় বহু লোক ।
28 অক্টোবৰৰ পৰা লখিমপুৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় নাট মহোৎসৱ
28 অক্টোবৰৰ পৰা লখিমপুৰৰ ফুলবাৰীত অভিনৱ থিয়েটাৰ(Abhinav Theatre)ৰ উদ্যোগত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় নাট মহোৎসৱ(National Drama Festival) ।
আন্তৰ্জাতিক প্ৰকল্প Extrapolations ত দেখা যাব আদৰ্শ গৌৰৱক
অস্কাৰ বিজয়ী Meryl Streep ৰ সৈতে আন্তৰ্জাতিক প্ৰকল্প Extrapolations ৰ বাবে সাজু অভিনেতা আদৰ্শ গৌৰৱ(Adarsh Gourav) ৷ প্ৰডাকচনৰ কাম চলি থকা ছবিখনে পৃথিৱীত আহিবলগীয়া পৰিৱৰ্তনে কেনেদৰে ভালপোৱা, বিশ্বাস, কাম তথা পৰিয়ালৰ ওপৰত প্ৰভাৱ পেলাব তাৰ এক কাহিনী তুলি ধৰিব ৷