ETV Bharat / state

11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 AT 11 AM

11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 19, 2021, 11:00 AM IST

বিশ্বনাথত বিজেপিৰ বিশেষ সাংগঠনিক সভা

বিশ্বনাথ জিলা ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত বৰগাংত বিশেষ সাংগঠনিক সভা । সভাত উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ অংশগ্ৰহণ ।

জম্মুত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসহ দুই সন্ত্ৰাসবাদী আৰক্ষীৰ জালত

সোমবাৰে জম্মু আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ এটা ঘাটিত অভিযান চলাই দুটা সন্ত্ৰাসবাদীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে ৷

কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক ইউনিয়নৰ দশম পৰ্যায়ৰ বৈঠক স্থগিত

কেন্দ্ৰীয় চৰকাৰে 19 জানুৱাৰীত প্রতিবাদকাৰী কৃষক প্ৰতিনিধিসকলৰ সৈতে দশম পৰ্যায়ৰ এখন বৈঠকত মিলিত হোৱাৰ কথা আছিল যদিও পুনৰ বৈঠকখন 20 জানুৱাৰীলৈ স্থগিত ৰাখিছে ৷

য়েডিয়ুৰাপ্পাক সমৰ্থনেৰে নেতৃত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় বিবাদৰ অন্ত পেলালে অমিত শ্বাহে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দুদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটকত উপস্থিত হৈছিল ৷ এই ভ্ৰমণতে তেওঁ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাৰ নেতৃত্বক প্ৰশংসা আগবঢ়ায় ৷ য়েডিয়ুৰাপ্পাক সমৰ্থনেৰে নেতৃত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় বিবাদৰ অন্ত পেলালে অমিত শ্বাহে

বিশ্ব ভাৰতীয়ে উত্থাপন কৰা অভিযোগ খণ্ডনৰ দাবী অৰ্মত্য সেনৰ

বেল বঁটা প্ৰাপক অৰ্মত্য সেনে সোমবাৰে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ক তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ খণ্ডনৰ দাবী উত্থাপন কৰে ৷ তেওঁ কয় যে, শান্তিনিকেতন চৌহদত তেওঁৰ পৰিয়ালে 'অবৈধ'ভাৱে মাটি দখল কৰাৰ অভিযোগ খণ্ডন কৰিবলৈ কোৱাৰ লগতে এনে অভিযোগ নিৰ্যাতনৰ দৰে বুলি অভিহিত কৰে ৷

ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’লে মুখ্য নিৰ্বাচন আয়ুক্তই

গুৱাহাটীত উপস্থিত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰা ৷ অসমৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’বলৈ সোমবাৰে সন্ধিয়া বৈঠকত মিলিত অৰোৰা ৷ অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেৰ সৈতে মুখ্য নিৰ্বাচন আয়ুক্তসহ নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটো বৈঠকত মিলিত ৷ 20 জানুৱাৰীত গুৱাহাটীত সংবাদমেল সম্বোধন কৰাৰ পাছত দিল্লীলৈ উভতি যাব আয়োগৰ দলটো ৷

প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণ সুচল হ’বলৈ নিদিয়ে আছুৱে !

আগন্তুক 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী আৰু 24 জানুৱাৰীত গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ সফল হ’ব নিদিয়াৰ হুংকাৰ আছুৰ ৷ সোমবাৰে ডিব্ৰুগড়ত আছুৱে সংবাদমেল সম্বোধন কৰি কয় যে, দুই নেতাৰ আগমণত ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব ৷

ক্ষতিপূৰণৰ দাবীত পুনৰ প্ৰৱল প্ৰতিবাদত নামিছে বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজ

ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত বাঘজান-দীঘলটৰং উন্নয়ন সমিতিৰ উদ্যোগত সোমবাৰৰ পৰা অনিৰ্দিষ্টকালীন বাঘজানৰ EPS অইল অৱৰোধ কাৰ্যসূচী হাতত লৈছে ৰাইজে ৷ ইতিবাচক সঁহাৰি লাভ নকৰিলে আন্দোলন দীঘলীয়া হোৱাৰ হুংকাৰ প্ৰতিবাদকাৰী সকলৰ ৷

মৰিগাঁৱত পথ সুৰক্ষাৰ ওপৰত গোহাৰী পত্ৰ বিতৰণ

দেশজুৰি আৰম্ভ ২৩সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ৷ মৰিগাঁৱতো পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত গোহাৰি পত্ৰ বিতৰণ কৰে জিলা পৰিবহন বিভাগে ৷

অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন

অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰী জিলাৰ বিসা নামৰ ঠাইৰ লেন্সি নদীৰ পাৰত চীনে জলবিদ্যুৎ উৎপাদন প্ৰকল্পৰ সমান্তৰালভাবে ঘাইপথ নিৰ্মাণ কৰিছে ৷ সাংসদ তাপীৰ গাৱে প্ৰকাশ কৰিছে এই তথ্য ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.