ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি - ভাৰত-ভূটান সীমান্ত

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Sep 5, 2021, 1:01 PM IST

আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ খাৰঘূলিৰ ৰেভ পাৰ্টীৰ অভিযুক্ত বিশাল চৌধুৰী

মহানগৰীৰ খাৰঘূলিৰ ৰেভ পাৰ্টী(Rave Party) গোচৰৰ অন্যতম মূল অভিযুক্ত বিশাল চৌধুৰী(Bishal Choudhury) আহত হৈছে আৰক্ষীৰ এনকাউণ্টাৰত(Encounter) ৷

ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ আক্ৰমণৰ ঘটনা বৃদ্ধি

চিৰাঙৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত বন্যহস্তীৰ আক্ৰমণৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি । অবাধ বনাঞ্চল বেদখলৰ ফলতে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ আৰ্থিক সংকটত পৰিছে সৰ্ব-সাধাৰণ ৰাইজ ৷ মূল্যবৃদ্ধি ৰোধৰ হকে ৰাজপথলৈ আহিল যুৱ কংগ্ৰেছী ৷

নিয়ন্ত্ৰণলৈ আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি

প্ৰতিবছৰৰ দৰে এইবছৰো বানৰ কৱলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল ৷ বানৰ কৱলত দিশহাৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু জীৱ-জন্তু ৷ কিন্তু বৰ্তমান কাজিৰঙাৰ বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহা বুলি সদৰি কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

লংকাত শৃংখল চলিহাৰ প্ৰসংগক লৈ দুই ফৈদৰ প্ৰচণ্ড মাৰপিট

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাক সমৰ্থন কৰা নকৰা বিষয়ক লৈ হোজাই জিলাৰ লংকাৰ পিপলপুখুৰীত দুই পক্ষৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ ঘটনাত আহত হৈছে দুজন ককাই-ভাই ৷

ভাৰতীয় ৰে’লে মুকলি কৰিলে 17 দিনীয়া ‘শ্ৰী ৰামায়ণ যাত্ৰা’

ভাৰতীয় ৰে’লৰ এক বিশেষ পদক্ষেপ ৷ ‘শ্ৰী ৰামায়ণ যাত্ৰা’ নামেৰে মুকলি কৰা হৈছে এখন বিশেষ ৰে’ল ৷ এই যাত্ৰাত ভগৱান শ্ৰীৰামৰ সৈতে জড়িত বিভিন্ন স্থানসমূহ দৰ্শন কৰোৱা হ’ব ৷

কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত কিশোৰৰ মৃত্যু

কেৰালাত পুনৰ পোহৰলৈ আহিছে মাৰাত্মক নিপা ভাইৰাছৰ ঘটনা ৷ ৰাজ্যখনৰ কোজিকোডেত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ এটি 12 বছৰীয়া কিশোৰৰ মৃত্যু ঘটে ৷

অহা ৬ ছেপ্তেম্বৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পর্যায়ক্ৰমে খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ কেতবোৰ বিশেষ নীতি-নিৰ্দেশনাৰ মাজেৰে অহা ৬ ছেপ্তেম্বৰৰ পৰা খুলা হ'ব ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ ৷ হোষ্টেল সমূহৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশনা ৷

কেৱল ৰাজনীতি কৰিয়েই খাই থকা নাই মানুহে: প্ৰমোদ বড়ো

বিপিএফৰ দলীয় মজিয়াত কি হৈ আছে, সেইকথা জনাৰ কাৰণে ইচ্ছুক নহয় বিটিআৰ চীফ প্ৰমোদ বড়ো ৷ বিপিএফ ক’ৰবালৈ গলেও ইউপিপিএলৰ কোনো লাভ-লোকচান নাই বুলিও মন্তব্য কৰে প্ৰমোদ বড়োই ৷

Happy Birthday পংকজ ত্ৰিপাঠী : বিহাৰৰ এখন সৰু গাঁৱৰ পৰা বলীউডলৈ

এসময়ত আন্ধেৰীৰ ৰাস্তাত কাম বিচাৰি সকলোৰে অনুনয়-বিনয় কৰাৰ পৰা ঘৰৰ পাৰ্কিঙত পৰিচালকে আহি ছবিৰ বাবে অফাৰ কৰালৈ সহজ নাছিল পংকজ ত্ৰিপাঠীৰ বলীউডৰ এই যাত্ৰা ৷ তেওঁৰ সংগ্ৰাম আৰু ধৈৰ্যৰ কাহিনী আমাৰ বাবে অনুপ্ৰেৰণা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.