ETV Bharat / state

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 AT 1 PM

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 19, 2021, 1:01 PM IST

হঠাৎ গুৰুতৰভাৱে অসুস্থ প্ৰফুল্ল কুমাৰ মহন্ত

বৃহস্পতিবাৰে হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ হৃদৰোগত আক্ৰান্ত মহন্তক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় দিল্লীস্থিত এইমছত ৷ কিছুদিনৰ পূৰ্বেও দুবাৰকৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷

ছিকিমত ভাৰতীয় সেনাই উদ্ধাৰ কৰিলে 447 গৰাকী পৰ্যটকক

ভাৰতীয় সেনাই ছিকিমৰ নাথুলাৰ ভাৰত-চীন সীমান্তৰ পৰা 447 জন যাত্ৰীক ভয়াৱহ হিমবাহৰ পৰা উদ্ধাৰ কৰে । উদ্ধাৰ কৰা আটাইকেইগৰাকী যাত্ৰীকে বৰ্তমান ভাৰতীয় সেনাই শিবিৰত ৰাখি থকা-খোৱাৰ ব্যৱস্থা কৰিছে ৷

ৰামৰ নাম লৈ গৰুৰ ছিণ্ডিকেট চলায় বিজেপিয়ে: লুৰীণজ্যোতি গগৈ

বৃহস্পতিবাৰে বকোৰ ছমৰীয়াত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দলটোৰ জাতীয় সমাৱেশত উপস্থিত থাকি শাসকীয় দল বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় ৰামৰ নাম লৈ গৰুৰ ছিণ্ডিকেট চলায় বিজেপি নেতাই ৷ ছিণ্ডিকেটৰ ধনৰ অংশ উচ্চ পৰ্যায়ৰ নেতালৈকে পায় বুলিও মন্তব্য এজেপিৰ সভাপতি গৰাকীৰ ৷

গৰু চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ উঠিল ন-কংগ্ৰেছী নেত্ৰী মিৰা বৰঠাকুৰ

অসমত গৰু চিণ্ডিকেত চলি থকা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰি আহিছে যদিও ইমান দিনে ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া নাছিল ৷ শেহতীয়া ভাৱে বন্যপ্ৰাণী প্ৰেমী তথা সংসদ মেনকা গান্ধীয়ে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ অসমত চলি থকা গৰু চিণ্ডিকেত বন্ধ কৰিবলৈ ফোনযোগে অনুৰোধ জনোৱাৰ পাচতে সৰৱ হৈ উঠিল কংগ্ৰেছী নেত্ৰী মিৰা বৰঠাকুৰ ৷

কাছাৰৰ শালচাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2
বৃহস্পতিবাৰে কাছাৰ জিলাৰ শালচাপৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । অট’ ৰিস্কা আৰু ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দুই যাত্ৰী ৷

কুইপ’ৰ অপহৃত ২ বিষয়াৰ মুক্তিৰ প্ৰসংগত মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে

তিনিচুকীয়াৰ আইন মহাবিদ্যালয়ৰ পথত অৱস্থিত দাহালবাবাৰ মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী। আলফা (স্বাঃ)ক মানৱীয়তাৰ খাতিৰত দুই বিষয়াক মুক্তি দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ২১ডিচেম্বৰত আলফা(স্বাঃ) ই অপহৰণ কৰা প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ বৰ্তমানেও সংগঠনটোৰ জিম্মাতে আছে ।

কাজিৰঙাত শোকাৱহ পথ দুৰ্ঘটনা, নিহত 3

কাজিৰঙাৰ হালধিবাৰীত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত নিহত হৈছে তিনিজন যাত্ৰী ৷

হোজাইত আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী

মোৰাঝাৰৰ আৰক্ষী বিষয়া কবিৰ সিং লিম্বুৰ তৎপৰতাত বৃহস্পতিবাৰে নিশা ট্ৰাকসহ ৪৫০ কি:গ্ৰা গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । লগতে নাম্বাৰ বিহীন ট্ৰাকখনত থাকা দুই গাঞ্জা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীক ।

অসমত এইবাৰ এআইইউডিএফে ভূমিকম্পৰ সৃষ্টি কৰিব: চিৰাজ উদ্দিন আজমল

বৃহস্পতিবাৰে নগাঁৱৰ ডবকাত চিৰাজউদ্দিন আজমলৰ উপস্থিতিত যমুনামুখ সমষ্টিৰ কেইবাশতাধিক লোকে AIUDF দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

সমষ্টিবাসীৰ ৰোষত পৰিল কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ

নদী গৰাখহনীয়া প্ৰতিৰোধৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ মূখথেচেকা খালে বিধায়ক শ্বেৰমান আলী আহমেদে। নিজ সমষ্টিৰ ৰাইজৰ ৰোষত পৰিল কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ। উত্তপ্ত পৰিস্থিতিৰ মাজত ৰাইজৰ ওচৰত হেয় মানি আধাৰশিলা স্থাপন নকৰাকৈয়ে সভা ভংগ কৰি উভতি আহিব লগা হ'ল কংগ্ৰেছী বিধায়ক জন।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.