ETV Bharat / state

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 @ 1 PM

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 18, 2021, 1:00 PM IST

মন্ত্ৰী হিমন্তৰ ফটো বিকৃত কৰি ৰঙাঘৰৰ আলহী যুৱতী

পিতৃ-কন্যাৰ ফটো বিকৃত ৰূপত পৰিৱেশন কৰি প্ৰতিবিম্ব লাইভ নামৰ এটা ৱেব প’ৰ্টেলৰ মুখ্য সম্পাদকসহ সংবাদ প্ৰতিষ্ঠানটোৰ পাঁচগৰাকী সাংবাদিক গ্ৰেপ্তাৰ হোৱাৰ পাচতে বুধবাৰে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাং নয়নমণি গগৈ নামৰ যুৱতী গৰাকীক ৷

ভূপেশ বাঘেলৰ সভাত উৰিল ক’লা পতাকা

দক্ষিণ কামৰূপৰ সোণতলীত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰত মুখ্য অতিথিৰূপে উপস্থিত থাকে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী তথা অসম বিধানসভা নিৰ্বাচনৰ জ্যেষ্ঠ নিৰীক্ষক ভূপেশ বাঘেল ৷

বৃহস্পতিবাৰে ভূমি পূজন যোৰহাট-মাজুলী সংযোগী দলঙৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমৰ যোগেদি বৃহস্পতিবাৰে যোৰহাট-মাজুলী সংযোগী দলঙৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷ মাজুলীবাসীৰ দীৰ্ঘদিনীয়া যাতায়াত সমস্যাৰ অৱসান ঘটাই দলঙৰ কাম আৰম্ভ কৰাত উৎফুল্লিত হৈ পৰিছে ৰাইজ ৷

আজি বিজুদাৰ ওপজা দিন...

বিজু ফুকনে ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছিল । আৱাহন থিয়েটাৰ আৰু ভাগ্যদেৱী থিয়েটাৰতো দুৰ্দান্ত অভিনয় কৰা বিজু ফুকনে বঙালী ভাষাৰ চলচ্চিত্ৰ হোটেল শ্বোফিক্স, গজমুক্তা আদিতো অভিনয় কৰিছিল ।

কাজিৰঙাত গঁড়ৰ আক্ৰমণত মৃত্যু বনকৰ্মীৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ আক্ৰমণত মৃত্যু এজন বনকৰ্মীৰ । বুকাবিল এণ্টি পশ্চিঙ কেম্পৰ সমীপত বুধবাৰে এজনী মাইকী গঁড়ৰ আক্ৰমণত টিপু চৰণ চাহু নামৰ বনকৰ্মীজনৰ মৃত্যু ঘটে ।

চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান

বাঁহবাৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত আবকাৰী বিভাগে বুধবাৰে মুছলপুৰত কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰে ৷

দেশমাতৃৰ সেৱাত নিয়োজিত পঞ্চপাণ্ডৱ !

কাকপথাৰৰ চেঙেলীজান গাঁৱৰ খেতিয়ক দ্ৰোণ চুতীয়াৰ ৫ জন পুত্ৰৰ সফলতাৰ কাহিনী ৷

অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষকৰ প্ৰতিবাদ

ভেঞ্চাৰ বিদ্যালয়সমূহ পুনৰ খুলি দিয়াৰ দাবীত চিপিআই(এম-এল) ৰ নেতৃত্বত বন্ধ হৈ পৰা বিদ্য়ালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে বুধবাৰে ৰূপায়ণ কৰে এক আন্দোলনৰ কাৰ্যসূচী ৷

শক্তি প্ৰদৰ্শনৰ বাবে সাজু মমতা আৰু অমিত শ্বাহ

তৃণমূল কংগ্ৰেছ আৰু বিজেপি দলে কলকাতাত একেখন জিলাতে পৃথকে পৃথকে অনুষ্ঠিত কৰিছে নিৰ্বাচনী ৰেলী ৷ দুদিনীয়া ভ্ৰমণসূচীৰে কলকাতাৰ পাৰগানাচ জিলাত শক্তি প্ৰদৰ্শনৰ বাবে উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ তাৰ সমান্তৰাল ভাৱে শক্তি প্ৰদৰ্শনৰ বাবে সাজু হৈছে কলকাতাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও ৷

হোজাইত বিধ্বংসী অগ্নিকাণ্ড

অগ্নিকাণ্ডৰ ফলত দীপক সূত্ৰধৰ, নিৰঞ্জন সাহা আৰু দিলীপ দাসৰ তিনিটাকে বাসগৃহ ভস্মীভূত হয় ৷ ইপিনে তিনিটা বাসগৃহ মিলি আনুমানিক 30 লাখ টকাৰ ক্ষয়-ক্ষতি হোৱাৰ সম্ভাৱনা কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.