ETV Bharat / state

1বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 @ 1 PM

1বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

1বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
1বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 14, 2021, 1:04 PM IST

শিৱসাগৰত ৰাহুল গান্ধীৰ নিৰ্বাচনী ৰণডংকা

শিৱসাগৰত উপস্থিত হৈছে কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধী ৷ শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত "অসম বচাও আহক" শীৰ্ষক এক দলীয় সভাত অংশ লৈ নিৰ্বাচনৰ তৎপৰতা প্ৰদৰ্শন কৰিব গান্ধীয়ে ৷

দুই ‘গগৈ’ৰ বিৰুদ্ধে বিজেপিয়ে যুঁজত নমাব আন দুই ‘গগৈ’ক

দুই ‘গগৈ’ৰ বিৰুদ্ধে বিজেপিয়ে যুঁজত নমাব আন দুই ‘গগৈ’ক ৷ "আঞ্চলিকতাবাদী" গগৈয়ে যেন এতিয়া প্ৰতিনিয়ত মূৰৰ কামোৰণি বঢ়াইছে "ৰাষ্ট্ৰীয়তাবাদী" দল বিজেপিৰ । ৰাজনৈতিক দল-সংগঠনে আৰম্ভ কৰিছে ৰাজনৈতিক ৰণডংকা বজাবলৈ ৷

চৰাইদেউত আলফা নেত্ৰীৰ আত্মসমৰ্পণ

চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে এগৰাকী আলফা স্বাধীনৰ নেত্ৰীয়ে । দুৰ্ধৰ্ষ আলফা স্বাধীনৰ নেত্ৰীগৰাকীৰ নাম জুৰি অসম ওৰফে নিতালী কছাৰী । নিতালীৰ ঘৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত লাকিলী গাঁৱত ।

মুখ্যমন্ত্ৰীৰ গৃহ চহৰত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ কিয় !

ডিব্ৰুগড়ৰ ২০,২১,২২ নং পৌৰসভা ৱাৰ্ডৰ শতাধিক ৰাইজৰ যাতায়াতৰ দিশত এটা পথ নথকাক কেন্দ্ৰ কৰি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিছে অঞ্চলটোৰ ৰাইজে ।

দুটা বছৰ সম্পূৰ্ণ ভয়াৱহ পুলৱামা আক্ৰমণৰ

আজিৰ দিনটোতে সন্ত্ৰাসবাদীৰ আক্ৰমণত পুলৱামাত শ্বহীদ হৈছিল 40 জন ভাৰতীয় জোৱান ৷ উল্লেখযোগ্য যে, জম্মু–শ্ৰীনগৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত চিআৰপিএফৰ কনভয়ৰ ওপৰত চলিছিল সেই ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ ।

পদপথত উদ্ধাৰ মানসিক বিকাৰগ্রস্ত লোকৰ মৃতদেহ

নগাঁও চহৰৰ মাজমজিয়াত শনিবাৰে নিশা উদ্ধাৰ হয় এগৰাকী মানসিক বিকাৰগ্রস্ত লোকৰ মৃতদেহ ৷ পদপথত উদ্ধাৰ হোৱা মৃতদেহটো স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

দেওবাৰেও উষ্ণতা হ্ৰাস ৰাজধানী দিল্লীৰ

দেওবাৰে ৰাজধানী নতুন দিল্লীৰ নিম্নতম উষ্ণতা স্বাভাৱিকতকৈ হ্ৰাস পায় । দিল্লীৰ নিম্নতম তাপমাত্ৰা ৮.৬ ডিগ্ৰী চেলচিয়াছ । সৰ্বাধিক উষ্ণতা প্ৰায় ২৭ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা ।

আৰক্ষীৰ তৎপৰতাত উচ্ছেদ গাঞ্জা খেতি

ধেনাকুটি গাঁৱত দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে বিনষ্ট কৰে গাঞ্জা খেতি ৷ তদুপৰি এই খেতি কৰা কেৰামত আলী নামৰ ব্যক্তিগৰাকীক কৰায়ত্ত কৰে ৷

পিতৃ ভক্তিৰ নিদৰ্শন: সাজি উলিয়ালে প্ৰতিমূৰ্তি

পশ্চিম নলবাৰীৰ নদলাত পিতৃ ভক্তিৰ নিদৰ্শন ৷ নদলাৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ আংশিক ভূমিদাতা প্ৰয়াত মকুন্দ চৌধুৰীৰ পুত্ৰ-বোৱাৰীয়ে সাজি উলিয়ালে চৌধুৰীৰ তোৰণ আৰু প্ৰতিমূৰ্তি ৷

কানাড়া বেংকৰ পৰা 1.50 কোটি টকা হৰলুকিৰ অভিযোগ

বিভিন্ন সময়ত বিত্তীয় প্ৰতিষ্ঠানসমূহত বিসংগতি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ অহাৰ সময়তে ধেমাজিৰ কানাড়া বেংকত গ্ৰাহকৰ ধন হৰলুকি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি বিগত দুই-তিনিমাহৰ ভিতৰত প্ৰায় ১.৫০ কোটি টকা কেইবাজনো গ্ৰাহকৰ একাউণ্টৰ পৰা হৰলুকি হৈছে ৷ গ্ৰাহকৰ অজ্ঞাতে লাখ লাখ টকা বেংক একাউণ্টৰ পৰা হৰলুকি হোৱাৰ ঘটনা পোহৰলৈ অহাৰ অভিযোগ একাংশ গ্ৰাহকৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.